--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দুয়োটা দলে ইয়াৰ আগতে ৫খন মেচ খেলিছে। ইয়াৰে তিনিখনত আফগানিস্তান আৰু দুখনত হংকং জয়ী হৈছে। প্রতিযোগিতাত মুঠ ৮ দলে খিতাপ জয়ৰ বাবে প্রতিদ্বন্দ্বিতা কৰিব।

ডিজিটেল ডেস্ক : এছিয়া কাপ ক্রিকেট প্রতিযোগিতা আজিৰে পৰা সংযুক্ত আৰব আমিৰাটত (ইউ এ ই) আৰম্ভ হ'ব। উল্লেখযোগ্য যে প্রতিযোগিতাখনৰ আয়োজক হ'ল ভাৰত। আজি সন্ধিয়া ৮ বজাৰ পৰা আৰু ঢাবিত হ'বলগীয়া উদ্বোধনী মেচত প্রতিদ্বন্দ্বিতা কৰিব আফগানিস্তানে হংকঙৰ বিৰুদ্ধে। 


দুয়োটা দলে ইয়াৰ আগতে ৫খন মেচ খেলিছে। ইয়াৰে তিনিখনত আফগানিস্তান আৰু দুখনত হংকং জয়ী হৈছে। প্রতিযোগিতাত মুঠ ৮ দলে খিতাপ জয়ৰ বাবে প্রতিদ্বন্দ্বিতা কৰিব। সূর্যকুমাৰ যাদৱৰ নেতৃত্বৰ ভাৰতীয় দলটোক প্রতিযোগিতাৰ ফেভাৰিট বুলি ধৰা হৈছে। অৱশ্যে পাকিস্তান আৰু শ্রীলংকায়ো প্রতিযোগিতাখনত যে তীব্র প্রত্যাহ্বানৰ সৃষ্টি কৰিব সেইটো নিশ্চিত। 


প্রতিযোগিতাত অংশগ্ৰহণ কৰা ৮ দলৰ ভিতৰত সূর্যকুমাৰ যাদৱৰ নেতৃত্বৰ ভাৰতে টি-২০ বিশ্ব কাপৰ পাছত যোৱা ১৫ মাহত খেলা ৮০% মেচত জয় লাভ কৰিছে। 


বিশ্ব চেম্পিয়ন ভাৰতে যোৱা ১৫ মাহত খেলা ২০খন টি-২০ মেচৰ ভিতৰত ১৬খনত জয়ী আৰু তিনিখনত পৰাজিত হৈছে। ইফালে, পাকিস্তানে এই সময়ছোৱাত খেলা ২৪খন টি-২০ মেচৰ ভিতৰত ১১খনত জয়ী আৰু ১৩খনত পৰাজিত হৈছে। 


পাকিস্তানৰ জয়ৰ হাৰ হ'ল ৪৬%। এছিয়াম কাপত পাকিস্তানক নেতৃত্ব দিব ছলমান আগাই। বিশ্ব কাপত ছেমি ফাইনেল খেলা আফগানিস্তানে যোৱা ১৫ মাহত খেলা ৫খন মেচৰ তিনিখনত জয়ী হৈছে আৰু দুখনত পৰাজিত হৈছে। আফগানিস্তানক নেতৃত্ব দিছে বাছিদ খানে। ইফালে, এছিয়া কাপৰ পূৰ্বৰ চেম্পিয়ন শ্রীলংকাই বিশ্ব কাপৰ পাছত খেলা ১৪খন মেচত জয়ৰ হাৰ হ'ল মাত্র ৩৫%। চৰিত আছালেংকাৰ দলটোৱে ৮খনত পৰাজয় আৰু ৫খনত জয়ী হৈছে। দলটো তিনিটা শৃংখলাত পৰাজিত হৈছে। 


ইফালে, মেচৰ ১০খনত জয়ী আৰু সমসংখ্যক মেচত পৰাজিত হৈছে। প্রতিযোগিতাত লিটন দাসে নেতৃত্ব দিয়া দলটো সাতটা শৃংখলাৰ চাৰিটাত জয়ী আৰু তিনিটাত পৰাজিত হৈছে। এই সময়ছোৱাত ইউ এ ইয়ে খেলা ২৭খন মেচৰ ২০খনত জয়ী হৈছে। হংকঙে বিশ্ব কাপৰ পাছত খেলা ২৭খন মেচৰ ১৪খনত জয়লাভ কৰিছে। ইফালে প্ৰথমবাৰৰ বাবে এছিয়া কাপত খেলা ওমানৰ প্রদর্শন ভাল নহয়। দলটোৱে যোৱা বছৰ অনুষ্ঠিত হোৱা বিশ্ব কাপৰ পাছত খেলা ১৫খন মেচৰ মাত্র চাৰিখনতহে জয়ী হৈছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু