--°C
Loading...
Advertisement
Listen to Article
3 min read
80%

In Short

  • দুয়োটা দলে ইয়াৰ আগতে ৫খন মেচ খেলিছে। ইয়াৰে তিনিখনত আফগানিস্তান আৰু দুখনত হংকং জয়ী হৈছে। প্রতিযোগিতাত মুঠ ৮ দলে খিতাপ জয়ৰ বাবে প্রতিদ্বন্দ্বিতা কৰিব।

ডিজিটেল ডেস্ক : এছিয়া কাপ ক্রিকেট প্রতিযোগিতা আজিৰে পৰা সংযুক্ত আৰব আমিৰাটত (ইউ এ ই) আৰম্ভ হ'ব। উল্লেখযোগ্য যে প্রতিযোগিতাখনৰ আয়োজক হ'ল ভাৰত। আজি সন্ধিয়া ৮ বজাৰ পৰা আৰু ঢাবিত হ'বলগীয়া উদ্বোধনী মেচত প্রতিদ্বন্দ্বিতা কৰিব আফগানিস্তানে হংকঙৰ বিৰুদ্ধে। 


দুয়োটা দলে ইয়াৰ আগতে ৫খন মেচ খেলিছে। ইয়াৰে তিনিখনত আফগানিস্তান আৰু দুখনত হংকং জয়ী হৈছে। প্রতিযোগিতাত মুঠ ৮ দলে খিতাপ জয়ৰ বাবে প্রতিদ্বন্দ্বিতা কৰিব। সূর্যকুমাৰ যাদৱৰ নেতৃত্বৰ ভাৰতীয় দলটোক প্রতিযোগিতাৰ ফেভাৰিট বুলি ধৰা হৈছে। অৱশ্যে পাকিস্তান আৰু শ্রীলংকায়ো প্রতিযোগিতাখনত যে তীব্র প্রত্যাহ্বানৰ সৃষ্টি কৰিব সেইটো নিশ্চিত। 


প্রতিযোগিতাত অংশগ্ৰহণ কৰা ৮ দলৰ ভিতৰত সূর্যকুমাৰ যাদৱৰ নেতৃত্বৰ ভাৰতে টি-২০ বিশ্ব কাপৰ পাছত যোৱা ১৫ মাহত খেলা ৮০% মেচত জয় লাভ কৰিছে। 


বিশ্ব চেম্পিয়ন ভাৰতে যোৱা ১৫ মাহত খেলা ২০খন টি-২০ মেচৰ ভিতৰত ১৬খনত জয়ী আৰু তিনিখনত পৰাজিত হৈছে। ইফালে, পাকিস্তানে এই সময়ছোৱাত খেলা ২৪খন টি-২০ মেচৰ ভিতৰত ১১খনত জয়ী আৰু ১৩খনত পৰাজিত হৈছে। 


পাকিস্তানৰ জয়ৰ হাৰ হ'ল ৪৬%। এছিয়াম কাপত পাকিস্তানক নেতৃত্ব দিব ছলমান আগাই। বিশ্ব কাপত ছেমি ফাইনেল খেলা আফগানিস্তানে যোৱা ১৫ মাহত খেলা ৫খন মেচৰ তিনিখনত জয়ী হৈছে আৰু দুখনত পৰাজিত হৈছে। আফগানিস্তানক নেতৃত্ব দিছে বাছিদ খানে। ইফালে, এছিয়া কাপৰ পূৰ্বৰ চেম্পিয়ন শ্রীলংকাই বিশ্ব কাপৰ পাছত খেলা ১৪খন মেচত জয়ৰ হাৰ হ'ল মাত্র ৩৫%। চৰিত আছালেংকাৰ দলটোৱে ৮খনত পৰাজয় আৰু ৫খনত জয়ী হৈছে। দলটো তিনিটা শৃংখলাত পৰাজিত হৈছে। 


ইফালে, মেচৰ ১০খনত জয়ী আৰু সমসংখ্যক মেচত পৰাজিত হৈছে। প্রতিযোগিতাত লিটন দাসে নেতৃত্ব দিয়া দলটো সাতটা শৃংখলাৰ চাৰিটাত জয়ী আৰু তিনিটাত পৰাজিত হৈছে। এই সময়ছোৱাত ইউ এ ইয়ে খেলা ২৭খন মেচৰ ২০খনত জয়ী হৈছে। হংকঙে বিশ্ব কাপৰ পাছত খেলা ২৭খন মেচৰ ১৪খনত জয়লাভ কৰিছে। ইফালে প্ৰথমবাৰৰ বাবে এছিয়া কাপত খেলা ওমানৰ প্রদর্শন ভাল নহয়। দলটোৱে যোৱা বছৰ অনুষ্ঠিত হোৱা বিশ্ব কাপৰ পাছত খেলা ১৫খন মেচৰ মাত্র চাৰিখনতহে জয়ী হৈছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement