--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জ্যোতিষৰ মতে চন্দ্ৰগ্ৰহণ জ্যোতিৰ্বিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ পৰিঘটনা যদিও ধৰ্মীয় দৃষ্টিকোণৰ পৰাও ইয়াক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।

ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ অন্তিম আৰু দ্বিতীয় চন্দ্ৰগ্ৰহণ অহা ৭ ছেপ্টেম্বৰত হ’বলৈ গৈ আছে। এই চন্দ্ৰগ্ৰহণ ভাৰতত দেখা যাব। নিশা ৯:৫৮ বজাৰ পৰা গভীৰ নিশা ১:২৬ বজালৈ চন্দ্ৰগ্ৰহণ চলিব। এনে পৰিস্থিতিত চন্দ্ৰগ্ৰহণৰ মুঠ সময় ৩ ঘন্টা ২৮ মিনিট হ’বলৈ গৈ আছে।


নিশা ১২:৫৭ বজাৰ পৰা আৰম্ভ হ’ব চন্দ্ৰগ্ৰহণৰ সুতক। জ্যোতিষৰ মতে চন্দ্ৰগ্ৰহণ জ্যোতিৰ্বিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ পৰিঘটনা যদিও ধৰ্মীয় দৃষ্টিকোণৰ পৰাও ইয়াক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।


বিশ্বাস কৰা হয় যে এই সময়ছোৱাত পৰিৱেশত ঋণাত্মক শক্তি অধিক হয়। গতিকে গৰ্ভৱতী মহিলাসকলক এই সময়ত কিছু বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।


গৰ্ভৱতী মহিলাই কি কি ভুল কৰিব নালাগে?


১) চন্দ্ৰগ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাই ঘৰৰ বাহিৰলৈ যোৱাটো অশুভ। গ্ৰহণৰ ৰশ্মিয়ে গৰ্ভত বৃদ্ধি পোৱা ভ্ৰুণৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।


২) এই সময়ছোৱাত গৰ্ভৱতী মহিলাই কেঁচি, ব্লেড, কটাৰী বা কোনো ধৰণৰ চোকা বস্তু ব্যৱহাৰ কৰিব নালাগে। এই দিনটোত চোকা বস্তু বা যন্ত্ৰৰ ব্যৱহাৰ গৰ্ভৱতী মহিলা আৰু তেওঁলোকৰ ভ্ৰুণৰ বাবে ক্ষতিকাৰক বুলি বিবেচিত হয়।


৩) চন্দ্ৰগ্ৰহণ আৰু ইয়াৰ সুতক কালত খাদ্য ৰন্ধা বা খোৱাতো নিষিদ্ধ। বিশ্বাস কৰা হয় যে গ্ৰহণৰ ঋণাত্মক শক্তিয়ে খাদ্য দূষিত কৰে, যাৰ ফলত গৰ্ভস্থ শিশুৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। অৱশ্যে গৰ্ভৱতী মহিলাই প্ৰয়োজন সাপেক্ষে লঘু আৰু সাত্বিক খাদ্য গ্ৰহণ কৰিব পাৰে।


৪) চন্দ্ৰগ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলা চন্দ্ৰৰ পোহৰৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিব নালাগে। ইয়াৰ বাবে দুৱাৰ-খিৰিকী বন্ধ কৰি ৰখাটো উপযুক্ত বুলি বিবেচিত হয়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ