--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিজ্ঞানী আৰু কৰ্মচাৰীক দৰমহা দিবৰ বাবেই এতিয়া চাহ গৱেষণা কেন্দ্ৰৰ আটকধুনীয়া সঞ্চালকৰ বঙলাটো ব্যৱসায়ীক লীজত দিবলৈ প্রস্তুতি চলাইছে।

ডিজিটেল ডেস্কঃ সমগ্ৰ পৃথিৱীৰ চাহ উদ্যোগটোক বাট দেখুওৱা, চাহৰ নতুন নতুন গৱেষণাৰে ইখনৰ পিছত সিখন দেশক চাহখেতি কৰিবলৈ শিকোৱা বিশ্বৰ প্ৰথমটো চাহ গৱেষণা কেন্দ্র টোকোলাই চাহ গৱেষণা কেন্দ্ৰ এতিয়া ইমানেই ভয়ংকৰ আৰ্থিক সংকটত পৰিছে যে বিজ্ঞানী আৰু কৰ্মচাৰীক দৰমহা দিবৰ বাবেই এতিয়া চাহ গৱেষণা কেন্দ্ৰৰ আটকধুনীয়া সঞ্চালকৰ বঙলাটো ব্যৱসায়ীক লীজত দিবলৈ প্রস্তুতি চলাইছে।


কেৱল সঞ্চালকৰ বঙলাটোৱেই নহয় বিশ্বৰ আটাইতকৈ পুৰণি চাহ গৱেষণা কেন্দ্ৰটোৰ শতবৰ্ষ গৰকা কেইবাটাও ঐতিহ্যপূর্ণ ভৱন ব্যৱসায়ীক লীজত দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে যাতে বিষয়া-কৰ্মচাৰীসকলক অন্ততঃ সময়মতে দৰমহাৰ টকাকেইটা আদায় দিব পৰা যায়। লাগিলে গৱেষণাই সাময়িকভাবে স্থগিত থাকক। অথচ এই টোকোলাই গবেষণা কেন্দটোৰ হাতত ধৰিয়েই কেনিয়া, শ্রীলংকা, বাংলাদেশ, নেপালকে ধৰি বহু দেশে চাহখেতি কৰিবলৈ শিকিছিল।


টোকোলাইত আহি এইবোৰ দেশৰ চাহ উদ্যোগী আৰু কৃষকে চাহৰ খুটি-নাটি শিকিছিল। জানিব পৰা মতে, কেৱল অসমৰে নহয় সমগ্ৰ ভাৰতৰে গৌৰৱ এই চাহ গৱেষণা কেন্দ্ৰটোৰ আর্থিক সংকটে ইমানেই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে যে কিমান দিন এই কেন্দ্রটো চলি থাকিব সেই লৈও সন্দেহৰ সৃষ্টি হৈছে। টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ এক সূত্রই জানিবলৈ দিয়া মতে, বর্তমান সম্পূৰ্ণৰূপে অনিয়মীয়া হৈ পৰা দৰমহা আৰু গৱেষণা সমান্তৰালভাৱে চলাই নিবলৈ হ'লে বৃহৎ পৰিমাণৰ পুঁজিৰ প্ৰয়োজন হ'ব। বর্তমান ৪৮ কোটি টকাৰ ধাৰৰ বোজা মূৰত লৈ থকা কেন্দ্ৰটোৱে কেৱল বঙলা বা ভৱনকেইটা লীজত দি জোৰা মাৰিব যে পাৰিব সেয়া সন্দেহৰ বিষয়। এই প্ৰসংগতে উল্লেখযোগ্য যে টোকোলাই চাহ গৱেষণা কেন্দ্ৰলৈ ৪৯ শতাংশ ধন যোগান ধৰে কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য মন্ত্রালয়ে আৰু এই ধনৰাশি আবণ্টন দিয়া হয় টী বৰ্ডৰ জৰিয়তে। কিন্তু আটাইতকৈ ভয়ংকৰ কথা এয়ে যে চাহ গৱেষণা কেন্দ্ৰটোত থকা এটা অসম বিৰোধী চক্রই বাণিজ্য মন্ত্রালয়ে টোকোলাইলৈ আবণ্টন দিয়া ধন কলকাতালৈ 'ডাইভার্ট' কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে।


আনহাতে, গৱেষণা কেন্দ্রটোলৈ ৫১ শতাংশ পুঁজি আহে ইয়াৰ সদস্য চাহ বাগিচাসমূহৰ পৰা। জানিব পৰা মতে, ৮০০-ৰো অধিক সদস্য চাহ বাগিচা থকা টোকোলায়ে সদস্য বাগিচাসমূহৰ পৰাই পাবলৈ আছে ২২ কোটিৰো অধিক টকা। এনেদৰে বৃহৎ পৰিমাণৰ পুঁজি অনাদায় হৈ পৰি থকাৰ বাবেই বৰ্তমান ধনৰ অভাৱত গৱেষণা কেন্দ্ৰটোৰ অন্যতম মূল বিভাগ এগ্রি ইক'নমিক্‌ছ এণ্ড ষ্টেটিষ্টিক' বন্ধ কৰি দিব লগা হৈছে। সেইদৰে এগ্র'নমি বিভাগত নিযুক্তি দিব পৰা নাই এগ্র'নমিষ্ট।


যি টোকোলাই চাহ গৱেষণা কেন্দ্ৰত এসময়ত ২০০গৰাকী বিজ্ঞানীৰ নতুন নতুন চাহ সম্পর্কীয় গৱেষণাই বিশ্বক চমক খুৱাইছিল, টী কেণ্ডি, টী বাইন আদিৰ দৰে চাহৰ বাণিজ্যিকীকৰণত আগভাগ লৈছিল সেই টোকোলাইত এতিয়া আছে মাত্র ৪৬গৰাকী বিজ্ঞানী। অৰ্থৰ অভাৱত নিযুক্তি দিব পৰা নাইবিজ্ঞানী, কৰ্মচাৰী, প্রশাসনিক বিষয়া। ১৯১১ চনত প্রতিষ্ঠা হোৱা বিশ্বৰ এই প্ৰথম চাহ গবেষণা কেন্দ্রটো যদি আন কোনো দেশত থাকিলেহেঁতেন তেনেহ'লে সেই দেশে ইয়াক ঐতিহ্যৰ ক্ষেত্ৰ হিচাপে প্রতিষ্ঠা কৰিলেহেঁতেন। কিন্তু অসমত হোৱাৰ বাবেই এতিয়া ক্ষণ গণিছে মৃত্যুৰ।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ নগৰবেৰাৰ যুৱক; সন্ধান দিওঁতালৈ ২০ হাজাৰ টকাৰ পুৰস্কাৰ
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
দুলীয়াজানত দিহিং নদীত ওপঙি থকা অৱস্থাত কিশোৰীৰ মৃতদেহ উদ্ধাৰ; এজন কিশোৰ সন্ধানহীন
মহানগৰীত আজৱ কাণ্ড! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই বেংকত গল্ড ল’ন ল’লে চিলনী চোৰে
নৰৱেৰ সূৰ্যোদয়, ব্ৰাজিলৰ সূৰ্যাস্ত
ভাৰতৰ ক্ষেপণাস্ত্ৰত শেনচকু চীনৰ
ডেৰ বছৰ পূৰ্বে আৰম্ভ কৰা ব্যৱসায়ে দেখিছে সফলতাৰ মুখ; কুঁহিয়াৰৰ ৰস বিক্ৰীৰে স্বাৱলম্বী মাকুমৰ ৰূপালী চেতিয়া দহোটীয়া
চজিনা পাতৰ আছে আশ্চৰ্যকৰ উপকাৰিতা; যোগ দিয়ক আপোনাৰ খাদ্য তালিকাত
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত চাৰিখনকৈ শিল ভৰ্তি ডাম্পাৰ জব্দ
ফিফা বিশ্বকাপ-২০২৬: মেক্সিকোক পৰাজিত কৰা ইংলেণ্ডৰ জুড বেলিংহামৰ অভিলেখ
Advertisement