--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ নিৰ্বাচক মণ্ডলীত মুঠ ৭৮৮গৰাকী সদস্য আছে। ইয়াৰে ২৪৫ গৰাকী ৰাজ্য সভাৰ আৰু ৫৪৩গৰাকী লোক সভাৰ।

ডিজিটেল ডেস্ক : শাসক এন ডি এৰ প্ৰাৰ্থী চিপি ৰাধাকৃষ্ণণ আৰু বিৰোধীৰ উমৈহতীয়া প্রার্থী বি সুদৰ্শন ৰেড্ডীৰ প্ৰতিদ্বন্দ্বিতাৰে আজি ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। 


জগদীপ ধনখৰে অকালতে পদত্যাগ কৰাৰ পাছত নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হোৱা এই পদত বিজেপি-নেতৃত্বাধীন এন ডি এৰ প্রার্থীজন জয়ী হোৱাৰে সম্ভাৱনা সর্বাধিক। মঙলবাৰে পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ সংসদৰ দুয়োখন সদনৰে সদস্যসকলে ভোটদান কৰিব। ভোটদান অন্ত পৰাৰ পাছত সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ'ব ভোটগণনা আৰু ভোট গণনাৰ পাছত নিশা ফল ঘোষণা কৰা হ'ব। 


গোপন বেলট ব্যৱস্থাৰে অনুষ্ঠিত হোৱা উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত সাংসদসকলে ভোটদানৰ বাবে দলীয় হুইপ মানিবলৈ বাধ্য নহয়। ইফালে নিৰ্বাচনৰ আগদিনা সোমবাৰে বিজেপি-নেতৃত্বাধীন এন ডি এ আৰু কংগ্রেছ-নেতৃত্বাধীন বিৰোধীয়ে তেওঁলোকৰ সাংসদসকলক নির্বাচনী প্ৰক্ৰিয়াৰ বিষয়ে জনাবলৈ তথা 'মক প'ল' (ভোটদানৰ আখৰা)ৰ বাবে পৃথকে পৃথকে সভা অনুষ্ঠিত কৰে। 


উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ নিৰ্বাচক মণ্ডলীত মুঠ ৭৮৮গৰাকী সদস্য আছে। ইয়াৰে ২৪৫ গৰাকী ৰাজ্য সভাৰ আৰু ৫৪৩গৰাকী লোক সভাৰ। ৰাজ্য সভাৰ ১২জন মনোনীত সদস্যয়ো নির্বাচনত ভোট দিব পাৰিব। ৰাজ্য সভাত ৬খন আৰু লোক সভাত এখন আসন খালী হৈ থকাৰ বাবে বৰ্তমান নির্বাচক মণ্ডলীত আছে ৭৮১ গৰাকী সদস্য। এই সংখ্যা অনুসৰি সংখ্যাগৰিষ্ঠতাৰ বাবে পাব লাগিব ৩৯১টা ভোেট। এন ডি এৰ আছে ৪২৫গৰাকী সাংসদ, আনহাতে বিৰোধী শিবিৰত আছে ৩২৪জন। 


আনহাতে, শাসক বা বিৰোধী শিবিৰত নথকা ৰাজনৈতিক দলবোৰৰ ভিতৰত ১১জন সাংসদ থকা ৱাই এছ আৰ চি পিয়ে এন ডি এৰ প্ৰাৰ্থীক সমর্থন জনোৱাৰ সিদ্ধান্ত লৈছে। আনহাতে, বি জে ডি আৰু বি আৰ এছে ভোটদানৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্রহণ কৰিছে। উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ এন ডি এৰ প্ৰাৰ্থী ৰাধাকৃষ্ণণ হৈছে তামিলনাডু বিজেপিৰ প্ৰবীণ নেতা তথা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল। ইফালে বিৰোধীৰ উমৈহতীয়া প্রার্থী ৰেড্ডী হৈছে তেলেংগানাৰ বাসিন্দা আৰু উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ।




উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ