--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ নিৰ্বাচক মণ্ডলীত মুঠ ৭৮৮গৰাকী সদস্য আছে। ইয়াৰে ২৪৫ গৰাকী ৰাজ্য সভাৰ আৰু ৫৪৩গৰাকী লোক সভাৰ।

ডিজিটেল ডেস্ক : শাসক এন ডি এৰ প্ৰাৰ্থী চিপি ৰাধাকৃষ্ণণ আৰু বিৰোধীৰ উমৈহতীয়া প্রার্থী বি সুদৰ্শন ৰেড্ডীৰ প্ৰতিদ্বন্দ্বিতাৰে আজি ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। 


জগদীপ ধনখৰে অকালতে পদত্যাগ কৰাৰ পাছত নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হোৱা এই পদত বিজেপি-নেতৃত্বাধীন এন ডি এৰ প্রার্থীজন জয়ী হোৱাৰে সম্ভাৱনা সর্বাধিক। মঙলবাৰে পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ সংসদৰ দুয়োখন সদনৰে সদস্যসকলে ভোটদান কৰিব। ভোটদান অন্ত পৰাৰ পাছত সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ'ব ভোটগণনা আৰু ভোট গণনাৰ পাছত নিশা ফল ঘোষণা কৰা হ'ব। 


গোপন বেলট ব্যৱস্থাৰে অনুষ্ঠিত হোৱা উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত সাংসদসকলে ভোটদানৰ বাবে দলীয় হুইপ মানিবলৈ বাধ্য নহয়। ইফালে নিৰ্বাচনৰ আগদিনা সোমবাৰে বিজেপি-নেতৃত্বাধীন এন ডি এ আৰু কংগ্রেছ-নেতৃত্বাধীন বিৰোধীয়ে তেওঁলোকৰ সাংসদসকলক নির্বাচনী প্ৰক্ৰিয়াৰ বিষয়ে জনাবলৈ তথা 'মক প'ল' (ভোটদানৰ আখৰা)ৰ বাবে পৃথকে পৃথকে সভা অনুষ্ঠিত কৰে। 


উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ নিৰ্বাচক মণ্ডলীত মুঠ ৭৮৮গৰাকী সদস্য আছে। ইয়াৰে ২৪৫ গৰাকী ৰাজ্য সভাৰ আৰু ৫৪৩গৰাকী লোক সভাৰ। ৰাজ্য সভাৰ ১২জন মনোনীত সদস্যয়ো নির্বাচনত ভোট দিব পাৰিব। ৰাজ্য সভাত ৬খন আৰু লোক সভাত এখন আসন খালী হৈ থকাৰ বাবে বৰ্তমান নির্বাচক মণ্ডলীত আছে ৭৮১ গৰাকী সদস্য। এই সংখ্যা অনুসৰি সংখ্যাগৰিষ্ঠতাৰ বাবে পাব লাগিব ৩৯১টা ভোেট। এন ডি এৰ আছে ৪২৫গৰাকী সাংসদ, আনহাতে বিৰোধী শিবিৰত আছে ৩২৪জন। 


আনহাতে, শাসক বা বিৰোধী শিবিৰত নথকা ৰাজনৈতিক দলবোৰৰ ভিতৰত ১১জন সাংসদ থকা ৱাই এছ আৰ চি পিয়ে এন ডি এৰ প্ৰাৰ্থীক সমর্থন জনোৱাৰ সিদ্ধান্ত লৈছে। আনহাতে, বি জে ডি আৰু বি আৰ এছে ভোটদানৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্রহণ কৰিছে। উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ এন ডি এৰ প্ৰাৰ্থী ৰাধাকৃষ্ণণ হৈছে তামিলনাডু বিজেপিৰ প্ৰবীণ নেতা তথা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল। ইফালে বিৰোধীৰ উমৈহতীয়া প্রার্থী ৰেড্ডী হৈছে তেলেংগানাৰ বাসিন্দা আৰু উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ।




উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল