--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আগষ্ট মাহত ইউ পি আই লেনদেন যোৱা বৰ্ষৰ তুলনাত এই বর্ষত ৩৪% বৃদ্ধি পায়।

ডিজিটেল ডেস্ক : নেশ্যনেল পেমেণ্টছ কৰ্প'ৰেশ্যন অব ইণ্ডিয়া (এন পি চি আই)ই সোমবাৰে প্ৰকাশ কৰে যে ইউ পি আই যোগে চলিত বৰ্ষৰ আগষ্ট মাহত ২০ বিলিয়ন (২০০০ কোটি) লেনদেন সম্পন্ন হয়। বিগত জুলাই মাহত এই পৰিমাণ আছিল ১৯.৪৭ বিলিয়ন।


সামাজিক মাধ্যম এক্সযোগে দিয়া এটা বার্তাত এন পি চি আয়ে লগতে আলোকপাত কৰে যে আগষ্ট মাহত ইউ পি আই লেনদেন যোৱা বৰ্ষৰ তুলনাত এই বর্ষত ৩৪% বৃদ্ধি পায়। আগষ্ট মাহত ইউ পি আই লেনদেনৰ মূল্য ২৪.৮৫ লাখ কোটি টকা আছিল বুলিও এন পি চি আয়ে কয়। অৱশ্যে জুলাই মাহত ২৫.০৮ লাখ কোটি টকাতকৈ কম।


গড় হিচাপত আগষ্ট মাহত দৈনিক ৬৪৫ মিলিয়ন লেনদেন সম্পন্ন হৈছিল। দৈনিক এনে লেনদেনৰ মূল্য আছিল ৮০,১৭৭ কোটি টকা। কেন্দ্ৰীয় চৰকাৰে দৈনিক ইউ পি আই লেনদেনৰ লক্ষ্য ১ বিলিয়ন (১০০ কোটি) নিৰ্ধাৰণ কৰি দিছে।




উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু