--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায়ে আপুনি নিশ্চয় শুনিছে যে হিন্দু ধৰ্মত মুঠ ৩৩ কোটি দেৱতা আছে। বহুতে জানিব বিচাৰে এই ৩৩ কোটি দেৱ-দেৱীৰ নাম।    হিন্দু ধৰ্মত ৩৩ কোটি দেৱ-দেৱী আছে বুলি এটা ডাঙৰ ভুল ধাৰণা প্ৰচাৰ হৈ আছে। হিন্দু ধৰ্মত ৩৩ কোটি নহয় ৩৩ প্ৰকাৰৰহে দেৱতা আছে। সংস্কৃত ভাষাত কোটি মানে প্ৰকাৰ। ইয়াত কোটি মানে অংকৰ পৰিসংখ্যাৰ কথা কোৱা হোৱা নাই। 

আচলতে এটা শব্দৰ দুটা অৰ্থ থকাৰ বাবেই এই বিভ্ৰান্তি বিয়পি পৰিল। শাস্ত্ৰত স্পষ্টকৈ ৩৩ কোটি অৰ্থাৎ ৩৩ প্ৰকাৰৰ দেৱতাৰ কথা উল্লেখ আছে। অনন্য গুণ আৰু শক্তিৰে ৩৩ প্ৰকাৰৰ ‘দেৱতা’ আছে বুলি সনাতন ধৰ্মই বিশ্বাস কৰে। এই কথা বৃহদাৰণ্যক উপনিষদ, অথৰ্ব বেদ, ঋক বেদ আৰু অন্যান্য শাস্ত্ৰত উল্লেখ আছে। 

গতিকে যিসকলে এতিয়াও হিন্দু ধৰ্মত ৩৩ কোটি দেৱ-দেৱী আছে বুলি ভাবি আছে, তেন্তে এই কথাটো মনৰ পৰা আঁতৰাই পেলাওক।

এই ৩৩ প্ৰকাৰৰ দেৱতাত কোন কোন অন্তৰ্ভূক্ত হৈ আছে জানো আহক...

১২ প্ৰকাৰৰ আদিত্যঃ ধত, মিতা, আৰ্যম, শক্ৰ, বৰুণ, অংশ, ভগ, বিৱস্বান, পুষ, সবিতা, তৱস্থ আৰু বিষ্ণু

৮ প্ৰকাৰৰ বসুঃ বসু মানে আমাক ধাৰণ কৰা আত্মা য'ত বাস কৰে। এই আঠ প্ৰকাৰৰ বসু হ’ল- পৃথিৱী, পানী, অগ্নি, বায়ু, আকাশ, চন্দ্ৰ, সূৰ্য্য আৰু নক্ষত্ৰমণ্ডল। এই আঠ প্ৰকাৰৰ বসুৱে মানুহক ধৰি ৰাখে বা ৰক্ষণাবেক্ষণ দিয়ে।

১১ প্ৰকাৰৰ ৰুদ্ৰঃ হৰ, বহুৰূপ, ত্ৰয়ম্বক, অপৰাজিতা, বৃশাকপি, শম্ভু, কপৰ্দী, ৰেৱত, মৃগব্যধ, শৰ্ভ আৰু কপালী।

২ অশ্বিনী কুমাৰ:- ১. নসত্য আৰু ২.দষ্ট্ৰ। কিছুমান পণ্ডিতে ইন্দ্ৰ আৰু প্ৰজাপতিৰ সলনি এই দুগৰাকী অশ্বিনী কুমাৰক স্থান দিয়ে। প্ৰজাপতি হৈছে ব্ৰহ্মা।

এইদৰে মুঠ ১২+৮+১১+২ = ৩৩ কোটি দেৱতা আছে হিন্দু ধৰ্মত। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ