--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায়ে আপুনি নিশ্চয় শুনিছে যে হিন্দু ধৰ্মত মুঠ ৩৩ কোটি দেৱতা আছে। বহুতে জানিব বিচাৰে এই ৩৩ কোটি দেৱ-দেৱীৰ নাম।    হিন্দু ধৰ্মত ৩৩ কোটি দেৱ-দেৱী আছে বুলি এটা ডাঙৰ ভুল ধাৰণা প্ৰচাৰ হৈ আছে। হিন্দু ধৰ্মত ৩৩ কোটি নহয় ৩৩ প্ৰকাৰৰহে দেৱতা আছে। সংস্কৃত ভাষাত কোটি মানে প্ৰকাৰ। ইয়াত কোটি মানে অংকৰ পৰিসংখ্যাৰ কথা কোৱা হোৱা নাই। 

আচলতে এটা শব্দৰ দুটা অৰ্থ থকাৰ বাবেই এই বিভ্ৰান্তি বিয়পি পৰিল। শাস্ত্ৰত স্পষ্টকৈ ৩৩ কোটি অৰ্থাৎ ৩৩ প্ৰকাৰৰ দেৱতাৰ কথা উল্লেখ আছে। অনন্য গুণ আৰু শক্তিৰে ৩৩ প্ৰকাৰৰ ‘দেৱতা’ আছে বুলি সনাতন ধৰ্মই বিশ্বাস কৰে। এই কথা বৃহদাৰণ্যক উপনিষদ, অথৰ্ব বেদ, ঋক বেদ আৰু অন্যান্য শাস্ত্ৰত উল্লেখ আছে। 

গতিকে যিসকলে এতিয়াও হিন্দু ধৰ্মত ৩৩ কোটি দেৱ-দেৱী আছে বুলি ভাবি আছে, তেন্তে এই কথাটো মনৰ পৰা আঁতৰাই পেলাওক।

এই ৩৩ প্ৰকাৰৰ দেৱতাত কোন কোন অন্তৰ্ভূক্ত হৈ আছে জানো আহক...

১২ প্ৰকাৰৰ আদিত্যঃ ধত, মিতা, আৰ্যম, শক্ৰ, বৰুণ, অংশ, ভগ, বিৱস্বান, পুষ, সবিতা, তৱস্থ আৰু বিষ্ণু

৮ প্ৰকাৰৰ বসুঃ বসু মানে আমাক ধাৰণ কৰা আত্মা য'ত বাস কৰে। এই আঠ প্ৰকাৰৰ বসু হ’ল- পৃথিৱী, পানী, অগ্নি, বায়ু, আকাশ, চন্দ্ৰ, সূৰ্য্য আৰু নক্ষত্ৰমণ্ডল। এই আঠ প্ৰকাৰৰ বসুৱে মানুহক ধৰি ৰাখে বা ৰক্ষণাবেক্ষণ দিয়ে।

১১ প্ৰকাৰৰ ৰুদ্ৰঃ হৰ, বহুৰূপ, ত্ৰয়ম্বক, অপৰাজিতা, বৃশাকপি, শম্ভু, কপৰ্দী, ৰেৱত, মৃগব্যধ, শৰ্ভ আৰু কপালী।

২ অশ্বিনী কুমাৰ:- ১. নসত্য আৰু ২.দষ্ট্ৰ। কিছুমান পণ্ডিতে ইন্দ্ৰ আৰু প্ৰজাপতিৰ সলনি এই দুগৰাকী অশ্বিনী কুমাৰক স্থান দিয়ে। প্ৰজাপতি হৈছে ব্ৰহ্মা।

এইদৰে মুঠ ১২+৮+১১+২ = ৩৩ কোটি দেৱতা আছে হিন্দু ধৰ্মত। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে