--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এটি সম্পৰ্ক৷ প্ৰথমে দুয়োৰে মাজত আছিল অফুৰন্ত প্ৰেম-ভালপোৱা৷ নেদেখিলেই নোৱাৰে থাকিব৷ খোৱা-শোৱাও যেন কষ্টকৰ হয় দুয়োৰে বাবে৷ প্ৰেমৰ উন্মাদনাত পৰি বিবাহপাশতো আবদ্ধ হয় প্ৰেমিক যুগল৷ এই প্ৰেমিক যুগল আন কোনো নহয়; ৰণধীৰ কাপুৰ আৰু তেওঁৰ 'কাল আজ অউৰ কাল'ৰ সহ-অভিনেত্ৰী ববিতা৷ ১৯৭১ চনৰ কথা এয়া। তেওঁলোকে নিজকে নিজে ভালদৰে পৰিচয় নহওঁতেই বিবাহৰ মোহৰ মাৰিছিল ৰণধীৰ কাপুৰ আৰু ববিতাই। ইয়াৰ ঠিক পাছতে, কৰিশ্মা কাপুৰ আৰু কৰীণা কাপুৰৰ ৰূপত দুগৰাকী কন্যা সন্তানো লাভ কৰে। কিন্তু বিবাহৰ ১৭ বছৰ পাছতেই মোহভংগ হয় দুয়োৰে প্ৰেমৰ৷ ১৯৮৮ চনত কথা এয়া৷ বুজাবুজিৰ মাজত দম্পতীহাল পৃথক হয় কিন্তু এতিয়াও আইনীভাৱে বিবাহ বিচ্ছেদ হোৱা নাই তেওঁলোকৰ। ১৯৬৯ চনত, ৰণধীৰ কাপুৰে তেওঁৰ দেউতাক ৰাজ কাপুৰৰ সৈতে 'সংগম'ৰ ছেটলৈ গৈছিল, য'ত তেওঁ প্ৰথমবাৰৰ বাবে ববিতাক দেখিছিল। তেতিয়াৰ পৰাই দুয়োৰে মাজত চলিছিল হিয়া-দিয়া-নিয়া। অৱশ্যে, তেওঁলোকে ৰাজহুৱা কৰা নাছিল এই সম্পৰ্কৰ কথা। লুকাই চুৰকৈ ইজনে-সিজনক লগ কৰিয়েই যেন আনন্দিত হৈছিল দুয়োগৰাকী৷ যেতিয়া ৰাজ কাপুৰ আৰু তেওঁৰ পৰিয়ালে ববিতাৰ সৈতে ৰণধীৰ কাপুৰৰ সম্পৰ্কৰ বিষয়ে জানিছিল, তেতিয়া পৰিয়ালৰ লোকে সুধিছিল যে তেওঁ অভিনেত্ৰীগৰাকীক বিয়া কৰাব বিচাৰে নেকি। কপিল শৰ্মাৰ অনুষ্ঠানত, ৰণধীৰ কাপুৰে শ্বেয়াৰ কৰিছিল, 'ম্যে টাইম পাছ কিয়ে জা ৰহা থা।' অৱশ্যে, তেতিয়া ববিতাক বিয়া কৰাবলৈ ৰণধীৰৰ কোনো পৰিকল্পনা নাছিল। কিন্তু ৰাজ কাপুৰে তেওঁক সুধিছিল, "জব ৱ’ বুদ্ধি হো জায়েগী শাদী কৰেগা উছে?' আৰু পিতৃৰ কথা মতে, ১৯৭১ চনৰ ৬ নৱেম্বৰত তেওঁলোকৰ চলচ্চিত্ৰ 'কাল আজ অউৰ কাল'ৰ মুক্তিৰ ঠিক পাছতে ৰণধীৰ কাপুৰ আৰু ববিতাৰ বিবাহ সম্পন্ন হয়। ৰণধীৰ কাপুৰৰ সৈতে বিবাহৰ পাছতে, চলচ্চিত্ৰ কেৰিয়াৰ জলাঞ্জলি দিছিল ববিতাই৷ লাহে লাহে দুয়োৰে জীৱনলৈ নতুন নতুন সমস্যাৰ আবিৰ্ভাৱ হৈছিল। ৰণধীৰৰ কেৰিয়াৰো লাহে লাহে নিম্নগামী হ'বলৈ ধৰিছিল৷ বক্স অফিচত সফল হ'ব পৰা নাছিল ৰণধীৰৰ ছবি। তাৰ ঠিক পাছতে, ৰণধীৰৰ সুৰাপানৰ অভ্যাস গঢ় লৈ উঠিছিল। দৰাচলতে, প্ৰবীণ অভিনেতাজনে নিজেই কৈছিল যে ববিতাৰ সৈতে তেওঁৰ দূৰত্ব বৃদ্ধিৰ আঁৰত তেওঁৰ সুৰাপানৰ অভ্যাস এক গুৰুত্বপূৰ্ণ কাৰণ আছিল। ৰণধীৰ কাপুৰ আৰু ববিতাই কেইবা দশক ধৰি পৃথক ঘৰত বাস কৰি আহিছে। কিন্তু তাৰ পৰিপ্ৰেক্ষিততো তেওঁলোকৰ দুয়োগৰাকী কন্যা কৰিশ্মা আৰু কৰীণাক ধুনীয়াকৈ ডাঙৰ-দীঘল কৰিছিল। ১৯৮৮ চনত ৩৪ বছৰ আগতে পৃথক হোৱা প্ৰাক্তন দম্পতীহালে কেতিয়াও তেওঁলোকৰ বিভাজন আইনী কৰা নাছিল। কাৰণ ৰণধীৰ কাপুৰৰ আৰু ববিতাই আনৰ সৈতে পুনৰ বিবাহৰ বাবে কেতিয়াও মন মেলা নাছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু