--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এটি সম্পৰ্ক৷ প্ৰথমে দুয়োৰে মাজত আছিল অফুৰন্ত প্ৰেম-ভালপোৱা৷ নেদেখিলেই নোৱাৰে থাকিব৷ খোৱা-শোৱাও যেন কষ্টকৰ হয় দুয়োৰে বাবে৷ প্ৰেমৰ উন্মাদনাত পৰি বিবাহপাশতো আবদ্ধ হয় প্ৰেমিক যুগল৷ এই প্ৰেমিক যুগল আন কোনো নহয়; ৰণধীৰ কাপুৰ আৰু তেওঁৰ 'কাল আজ অউৰ কাল'ৰ সহ-অভিনেত্ৰী ববিতা৷ ১৯৭১ চনৰ কথা এয়া। তেওঁলোকে নিজকে নিজে ভালদৰে পৰিচয় নহওঁতেই বিবাহৰ মোহৰ মাৰিছিল ৰণধীৰ কাপুৰ আৰু ববিতাই। ইয়াৰ ঠিক পাছতে, কৰিশ্মা কাপুৰ আৰু কৰীণা কাপুৰৰ ৰূপত দুগৰাকী কন্যা সন্তানো লাভ কৰে। কিন্তু বিবাহৰ ১৭ বছৰ পাছতেই মোহভংগ হয় দুয়োৰে প্ৰেমৰ৷ ১৯৮৮ চনত কথা এয়া৷ বুজাবুজিৰ মাজত দম্পতীহাল পৃথক হয় কিন্তু এতিয়াও আইনীভাৱে বিবাহ বিচ্ছেদ হোৱা নাই তেওঁলোকৰ। ১৯৬৯ চনত, ৰণধীৰ কাপুৰে তেওঁৰ দেউতাক ৰাজ কাপুৰৰ সৈতে 'সংগম'ৰ ছেটলৈ গৈছিল, য'ত তেওঁ প্ৰথমবাৰৰ বাবে ববিতাক দেখিছিল। তেতিয়াৰ পৰাই দুয়োৰে মাজত চলিছিল হিয়া-দিয়া-নিয়া। অৱশ্যে, তেওঁলোকে ৰাজহুৱা কৰা নাছিল এই সম্পৰ্কৰ কথা। লুকাই চুৰকৈ ইজনে-সিজনক লগ কৰিয়েই যেন আনন্দিত হৈছিল দুয়োগৰাকী৷ যেতিয়া ৰাজ কাপুৰ আৰু তেওঁৰ পৰিয়ালে ববিতাৰ সৈতে ৰণধীৰ কাপুৰৰ সম্পৰ্কৰ বিষয়ে জানিছিল, তেতিয়া পৰিয়ালৰ লোকে সুধিছিল যে তেওঁ অভিনেত্ৰীগৰাকীক বিয়া কৰাব বিচাৰে নেকি। কপিল শৰ্মাৰ অনুষ্ঠানত, ৰণধীৰ কাপুৰে শ্বেয়াৰ কৰিছিল, 'ম্যে টাইম পাছ কিয়ে জা ৰহা থা।' অৱশ্যে, তেতিয়া ববিতাক বিয়া কৰাবলৈ ৰণধীৰৰ কোনো পৰিকল্পনা নাছিল। কিন্তু ৰাজ কাপুৰে তেওঁক সুধিছিল, "জব ৱ’ বুদ্ধি হো জায়েগী শাদী কৰেগা উছে?' আৰু পিতৃৰ কথা মতে, ১৯৭১ চনৰ ৬ নৱেম্বৰত তেওঁলোকৰ চলচ্চিত্ৰ 'কাল আজ অউৰ কাল'ৰ মুক্তিৰ ঠিক পাছতে ৰণধীৰ কাপুৰ আৰু ববিতাৰ বিবাহ সম্পন্ন হয়। ৰণধীৰ কাপুৰৰ সৈতে বিবাহৰ পাছতে, চলচ্চিত্ৰ কেৰিয়াৰ জলাঞ্জলি দিছিল ববিতাই৷ লাহে লাহে দুয়োৰে জীৱনলৈ নতুন নতুন সমস্যাৰ আবিৰ্ভাৱ হৈছিল। ৰণধীৰৰ কেৰিয়াৰো লাহে লাহে নিম্নগামী হ'বলৈ ধৰিছিল৷ বক্স অফিচত সফল হ'ব পৰা নাছিল ৰণধীৰৰ ছবি। তাৰ ঠিক পাছতে, ৰণধীৰৰ সুৰাপানৰ অভ্যাস গঢ় লৈ উঠিছিল। দৰাচলতে, প্ৰবীণ অভিনেতাজনে নিজেই কৈছিল যে ববিতাৰ সৈতে তেওঁৰ দূৰত্ব বৃদ্ধিৰ আঁৰত তেওঁৰ সুৰাপানৰ অভ্যাস এক গুৰুত্বপূৰ্ণ কাৰণ আছিল। ৰণধীৰ কাপুৰ আৰু ববিতাই কেইবা দশক ধৰি পৃথক ঘৰত বাস কৰি আহিছে। কিন্তু তাৰ পৰিপ্ৰেক্ষিততো তেওঁলোকৰ দুয়োগৰাকী কন্যা কৰিশ্মা আৰু কৰীণাক ধুনীয়াকৈ ডাঙৰ-দীঘল কৰিছিল। ১৯৮৮ চনত ৩৪ বছৰ আগতে পৃথক হোৱা প্ৰাক্তন দম্পতীহালে কেতিয়াও তেওঁলোকৰ বিভাজন আইনী কৰা নাছিল। কাৰণ ৰণধীৰ কাপুৰৰ আৰু ববিতাই আনৰ সৈতে পুনৰ বিবাহৰ বাবে কেতিয়াও মন মেলা নাছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ