--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এসময়ত টেলিভিশ্বন জগতত অভিনয়ৰে খ্যাতি অৰ্জন কৰা অভিনেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ৰাজনীতি এৰি অভিনয়ত পুনৰ খোজ পেলোৱাৰ চিন্তা চৰ্চা কৰিছে৷ 'ক্যিউকি চাছ ভি কাভি বহু থি'- চিৰিয়েলৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰা স্মৃতি ইৰানী বৰ্তমান এগৰাকী মোদী কেবিনেটত গুৰুত্বপূৰ্ণ দায়িত্ব গ্ৰহণ কৰি আছে৷ টেলিভিছনৰ পৰ্দাত আটাইতকৈ দীঘলীয়া সময় ধৰি চলি থকা ধাৰাবাহিকৰ ভিতৰত এইখন অন্যতম। ২০০০ চনৰ পৰা ২০০৮ চনলৈ, ধাৰাবাহিকখন প্ৰচাৰ হৈছিল। এটা যুটীয়া পৰিয়ালৰ সুন্দৰ সম্পৰ্কৰ ওপৰত আধাৰিত এই ধাৰাবাহিকখনৰ কাহিনীয়ে প্ৰতিজন দেশবাসীৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছিল। দৰ্শকৰ হৃদয় জিনা ধাৰাবাহিকখন পুনৰ ঘূৰি আহিছে টেলিভিছনৰ মজিয়ালৈ৷ 'ক্যিউকি সাস ভি কাভি বহু থি'- এই ধাৰাবাহিকখনৰ পুনৰ উভতি আহিব টেলিভিছনৰ মজিয়ালৈ৷ এই খবৰটোৱে ধাৰাবাহিকখনৰ অনুৰাগীৰ মনত আনন্দৰ জোৱাৰ আনিছে ৷ কিয়নো তুলসী বিৰাণীয়ে আকৌ টুকুৰাব আপোনাৰ মনোৰঞ্জনৰ জীৱন৷ এইবাৰ তেওঁ এই সোৱাদ দিব নতুন প্ৰজন্মক। একতা কাপুৰে তেওঁৰ সামাজিক মাধ্যমত ধাৰাবাহিকখনৰ প্ৰ'ম' ভিডিঅ' শ্বেয়াৰ কৰি অনুৰাগীসকলৰ সৈতে এই ভাল খবৰটো ভাগ বতৰা কৰিছিল। এই ধাৰাবাহিকখন কাইলৈৰ পৰা অৰ্থাৎ ১৬ ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ প্লাছ চেনেলত পুনসম্প্ৰচাৰ হ'ব। অনুষ্ঠানটো প্ৰতি সন্ধিয়া ৫ বজাত সম্প্ৰচাৰ কৰা হ'ব বুলি জানিবলৈ দিয়ে। প্ৰ'ম'টো প্ৰকাশ কৰাৰ পাছত একতা কাপুৰে তেওঁৰ অনুভূতি প্ৰকাশ কৰিছে। কিন্তু এতিয়া তেওঁ তুলসী বিৰানী অৰ্থাৎ স্মৃতি ইৰাণী আৰু চাছ ভি কভি বহু থিৰ ৰনিত ৰয়কো সুধিছে যে ধাৰাবাহিকখনৰ প্ৰ'ম' আকৌ এবাৰ চোৱাৰ পাছত তেওঁলোকে কেনেকুৱা অনুভৱ কৰিছে।          

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু