--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এসময়ত টেলিভিশ্বন জগতত অভিনয়ৰে খ্যাতি অৰ্জন কৰা অভিনেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ৰাজনীতি এৰি অভিনয়ত পুনৰ খোজ পেলোৱাৰ চিন্তা চৰ্চা কৰিছে৷ 'ক্যিউকি চাছ ভি কাভি বহু থি'- চিৰিয়েলৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰা স্মৃতি ইৰানী বৰ্তমান এগৰাকী মোদী কেবিনেটত গুৰুত্বপূৰ্ণ দায়িত্ব গ্ৰহণ কৰি আছে৷ টেলিভিছনৰ পৰ্দাত আটাইতকৈ দীঘলীয়া সময় ধৰি চলি থকা ধাৰাবাহিকৰ ভিতৰত এইখন অন্যতম। ২০০০ চনৰ পৰা ২০০৮ চনলৈ, ধাৰাবাহিকখন প্ৰচাৰ হৈছিল। এটা যুটীয়া পৰিয়ালৰ সুন্দৰ সম্পৰ্কৰ ওপৰত আধাৰিত এই ধাৰাবাহিকখনৰ কাহিনীয়ে প্ৰতিজন দেশবাসীৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছিল। দৰ্শকৰ হৃদয় জিনা ধাৰাবাহিকখন পুনৰ ঘূৰি আহিছে টেলিভিছনৰ মজিয়ালৈ৷ 'ক্যিউকি সাস ভি কাভি বহু থি'- এই ধাৰাবাহিকখনৰ পুনৰ উভতি আহিব টেলিভিছনৰ মজিয়ালৈ৷ এই খবৰটোৱে ধাৰাবাহিকখনৰ অনুৰাগীৰ মনত আনন্দৰ জোৱাৰ আনিছে ৷ কিয়নো তুলসী বিৰাণীয়ে আকৌ টুকুৰাব আপোনাৰ মনোৰঞ্জনৰ জীৱন৷ এইবাৰ তেওঁ এই সোৱাদ দিব নতুন প্ৰজন্মক। একতা কাপুৰে তেওঁৰ সামাজিক মাধ্যমত ধাৰাবাহিকখনৰ প্ৰ'ম' ভিডিঅ' শ্বেয়াৰ কৰি অনুৰাগীসকলৰ সৈতে এই ভাল খবৰটো ভাগ বতৰা কৰিছিল। এই ধাৰাবাহিকখন কাইলৈৰ পৰা অৰ্থাৎ ১৬ ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ প্লাছ চেনেলত পুনসম্প্ৰচাৰ হ'ব। অনুষ্ঠানটো প্ৰতি সন্ধিয়া ৫ বজাত সম্প্ৰচাৰ কৰা হ'ব বুলি জানিবলৈ দিয়ে। প্ৰ'ম'টো প্ৰকাশ কৰাৰ পাছত একতা কাপুৰে তেওঁৰ অনুভূতি প্ৰকাশ কৰিছে। কিন্তু এতিয়া তেওঁ তুলসী বিৰানী অৰ্থাৎ স্মৃতি ইৰাণী আৰু চাছ ভি কভি বহু থিৰ ৰনিত ৰয়কো সুধিছে যে ধাৰাবাহিকখনৰ প্ৰ'ম' আকৌ এবাৰ চোৱাৰ পাছত তেওঁলোকে কেনেকুৱা অনুভৱ কৰিছে।          

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ