--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ বিশিষ্ট গায়ক তথা সুৰকাৰ বাপ্পী লাহিড়ী আৰু নাই। কিংবদন্তি শিল্পী লতা মংগেশকাৰৰ মৃত্যুৰ খবৰে দেশক শোকস্তব্ধ কৰি ৰখাৰ সময়তে পুনৰ আহিল আন এক সংগীত নক্ষত্ৰৰ মহাপ্ৰস্থানৰ খবৰ। দুসপ্তাহৰ ভিতৰত পৰলোকলৈ গমন কৰিলে সংগীতৰ 'মাতৃ-পুত্ৰ' যুটিয়ে। এই খবৰে মৰ্মাহত কৰি তুলিছে সংগীত জগতক। ৬৯ বছৰ বয়সত মুম্বাইৰ ক্ৰিটিকেয়াৰ চিকিৎসালয়ত দেহাৱসান ঘটে বাপ্পী লাহিড়ীৰ। বাপ্পী লাহিড়ী বিগত কিছুদিন ধৰি স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল। ভাৰতত ডিস্কো সংগীতক এক নতুন পৰিচয় প্ৰদান কৰিছিল বাপ্পী লাহিড়ীয়ে। সেয়েহে তেওঁক ডিস্কো কিং নামেৰে জনা গৈছিল। বাপ্পী লাহিড়ীৰ সৈতে বৰ মধুৰ সম্পৰ্ক আছিল লতা মংগেশকাৰৰ। বাপ্পীয়ে লতাজীক 'মা' সম্বোধন কৰিছিল। বাংলা চলচ্চিত্ৰ 'দাদু'ত বাপ্পী লাহিড়ীৰ ৰচনাত প্ৰথমবাৰৰ বাবে কণ্ঠ দিছিল লতাজীয়ে। আমিৰ খানৰ পিতৃ তাহিৰ হুছেইনৰ 'জাকাহাৰ' বাপ্পী লাহিড়ীৰ প্ৰথম বলীউড হিট হিচাপে পৰিগণিত হৈছিল। একেখন চলচ্চিত্ৰতে লতা মংগেশকাৰে 'অভি-অভি থি দুচমনি' আৰু 'আও তুঝে চান্দ পে লো যাও' গানটো গাইছিল। সেইসময়ত দুয়োটা গানেই ছুপাৰহিট হৈছিল। ৬ ফেব্ৰুৱাৰীত লতা মংগেশকাৰৰ মৃত্যুৰ দিনা দুখত ব্যথিত হৈ বাপ্পী লাহিড়ীয়ে তেওঁৰ ইনষ্টাগ্ৰামত লতাজীৰ সৈতে এখন পুৰণি ফটো পোষ্ট কৰিছিল, য'ত তেওঁ লতা মংগেশকাৰৰ কথা 'মা' বুলি লিখিছিল। বাপ্পী দাই যোৱা ২৭ নৱেম্বৰত তেওঁৰ ৬৯ তম জন্মদিন উদযাপন কৰিছিল। সেই দিনা লতাজীয়ে ইনষ্টাগ্ৰামত বাপ্পীৰ সৈতে উঠা দুখন ফটো শ্বেয়াৰ কৰিছিল। এখন ফটোত লতাজীৰ কোঁচত বহি আছিল শিশু বাপ্পী আৰু আনখনত ডেকা কালৰ বাপ্পী দাক লতাজীৰ সৈতে থিয় হৈ থকা দেখা গৈছিল। বাপ্পী লাহিড়ীক জন্মদিনৰ শুভকামনা জনাই লতাজীয়ে লিখিছিল, "শুভ জন্মদিন বাপ্পী। ঈশ্বৰে তোমাক সদায় স্বাস্থ্যৱান আৰু সুখী কৰি ৰাখক।" উল্লেখ্য যে ১৯৮০ৰ দশকত বাপ্পী লাহিড়ীয়ে ডিস্ক’ ডান্সাৰ, শাৰাবী আৰু নমক হালালৰ দৰে ছুপাৰহিট ছবিৰ বাবে গান গাই মানুহৰ হৃদয়ত সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছিল। বাপ্পী লাহিড়ীৰ জন্ম হৈছিল ২৭ নৱেম্বৰ ১৯৫২ চনত পশ্চিম বংগৰ জলপাইগুৰিত। বাপ্পী লাহিড়ীক এমাহ পূৰ্বে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পিছত সোমবাৰে তেওঁক ৰিলিজ দিয়া হৈছিল। কিন্তু মঙলবাৰে তেওঁৰ স্বাস্থ্যৰ পুনৰ অৱনতি ঘটে আৰু নিশালৈ তেওঁ চিৰদিনৰ বাবে নিয়তিৰ কোলাত শুই পৰে। বিদায় বাপ্পী দা...য'তেই আছে কুশলে থাকক। আৰু পঢ়কঃ ধিক্কাৰ! হুইল চেয়াৰত বহি যোৱাৰ বাবে বিশেষভাৱে সক্ষম যুৱতীক সোমাবলৈ নিদিলে ৰেষ্টুৰেণ্টত

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু