--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অভিনেতা নৱাজুদ্দিন ছিদ্দিকী বৰ্তমান তেওঁৰ ব্যক্তিগত জীৱনত উত্তাল পৰিস্থিতিৰ বাবে চৰ্চাত আছে। এফালে পত্নী এলিয়াই তেওঁক ধৰ্ষণৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে আনফালে তেওঁৰ ভাতৃৰ লগতো চলি আছে ঘৰুৱা বিবাদ। এতিয়া খবৰ ওলাইছে যে যেতিয়া নৱাজুদ্দিনে যোৱা নিশা ভাৰ্ছ’ভাৰ বাংলোত উপস্থিত হ’ল, তেতিয়া তেওঁৰ ভাতৃ ফৈজুদ্দিনে তেওঁক ঘৰত সোমাবলৈ নিদিলে। ইয়াৰ বাবেই তেওঁ মাকক লগ পোৱাৰ পৰাও বঞ্চিত হয়।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নৱাজুদ্দিন ছিদ্দিকীৰ মাতৃ অসুস্থ হৈ আছিল। যেতিয়া অভিনেতাজনে মাকৰ বিষয়ে জানিব পাৰিছিল, তেতিয়া তেওঁ ভাৰ্চ’ভা বাংলোত লগ মাতৃক লগ কৰিবলৈ গৈছিল । উক্ত সময়ছোৱাত তেওঁৰ ভাতৃ আৰু কেয়াৰটেকাৰে মাতৃক লগ কৰাত বাধা দিছিল। তাৰ বাবে নৱাজে মাকক লগ নোপোৱাকৈ উভতি আহিল।

উল্লেখযোগ্য যে নৱাজুদ্দিন ছিদ্দিকীৰ ভাতৃ শ্বামছ নৱাব ছিদ্দিকীয়েও বহু অভিযোগ উত্থাপন কৰিছিল। তেওঁ কয় যে নৱাজ এনে এজন ব্যক্তি যিয়ে কেতিয়াও নিজৰ ভাতৃক কেৰিয়াৰ আগবঢ়াব নিদিলে। তেওঁ কৈছিল যে মই নিজেই বহুতো শ্ব’ পৰিচালনা কৰিছো। মোৰ ছবি বল চুড়িয়া আহিল য’ত মই তেওঁক চাব বিচৰা নাছিলো। লগতে তেওঁ অভিযোগ কৰে যে অভিনেতাজনে মাজতে ছবিখনত কাম কৰিবলৈ দিবলৈ অস্বীকাৰ কৰিছিল। তেওঁ আমাক দেখুৱাবলৈ প্ৰযোজকৰ পৰা টকা বিচাৰিছিল যেন তেওঁয়েই সকলো। 

কিছুদিনৰ আগতে নৱাজুদ্দিন ছিদ্দিকীয়ে তেওঁৰ ৬ জন ভাতৃৰ মাজত নিজৰ পূৰ্বপুৰুষৰ মাটি বিতৰণ কৰিব বুলি খবৰ ওলাইছিল। কিন্তু তেওঁৰ সৰু ভাতৃ তথা পৰিচালক ভাতৃয়ে এই বাতৰিবোৰক নাটক বুলি অভিহিত কৰিছিল। 

ইফালে ধৰ্ষণৰ অভিযোগো উত্থাপন কৰে  নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী আলিয়াই। ইয়াৰ পূৰ্বে আলিয়াই নৱাজৰ ওপৰত যৌতুকৰ গোচৰ জাৰি কৰিছিল, যিটো কেইদিনমানৰ আগতে আদালতে নাকচ কৰিছিল। ইয়াৰ পাছতে আলিয়াই স্বামীৰ ওপৰত ধৰ্ষণৰ গোচৰ তৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক