--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অভিনেতা নৱাজুদ্দিন ছিদ্দিকী বৰ্তমান তেওঁৰ ব্যক্তিগত জীৱনত উত্তাল পৰিস্থিতিৰ বাবে চৰ্চাত আছে। এফালে পত্নী এলিয়াই তেওঁক ধৰ্ষণৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে আনফালে তেওঁৰ ভাতৃৰ লগতো চলি আছে ঘৰুৱা বিবাদ। এতিয়া খবৰ ওলাইছে যে যেতিয়া নৱাজুদ্দিনে যোৱা নিশা ভাৰ্ছ’ভাৰ বাংলোত উপস্থিত হ’ল, তেতিয়া তেওঁৰ ভাতৃ ফৈজুদ্দিনে তেওঁক ঘৰত সোমাবলৈ নিদিলে। ইয়াৰ বাবেই তেওঁ মাকক লগ পোৱাৰ পৰাও বঞ্চিত হয়।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নৱাজুদ্দিন ছিদ্দিকীৰ মাতৃ অসুস্থ হৈ আছিল। যেতিয়া অভিনেতাজনে মাকৰ বিষয়ে জানিব পাৰিছিল, তেতিয়া তেওঁ ভাৰ্চ’ভা বাংলোত লগ মাতৃক লগ কৰিবলৈ গৈছিল । উক্ত সময়ছোৱাত তেওঁৰ ভাতৃ আৰু কেয়াৰটেকাৰে মাতৃক লগ কৰাত বাধা দিছিল। তাৰ বাবে নৱাজে মাকক লগ নোপোৱাকৈ উভতি আহিল।

উল্লেখযোগ্য যে নৱাজুদ্দিন ছিদ্দিকীৰ ভাতৃ শ্বামছ নৱাব ছিদ্দিকীয়েও বহু অভিযোগ উত্থাপন কৰিছিল। তেওঁ কয় যে নৱাজ এনে এজন ব্যক্তি যিয়ে কেতিয়াও নিজৰ ভাতৃক কেৰিয়াৰ আগবঢ়াব নিদিলে। তেওঁ কৈছিল যে মই নিজেই বহুতো শ্ব’ পৰিচালনা কৰিছো। মোৰ ছবি বল চুড়িয়া আহিল য’ত মই তেওঁক চাব বিচৰা নাছিলো। লগতে তেওঁ অভিযোগ কৰে যে অভিনেতাজনে মাজতে ছবিখনত কাম কৰিবলৈ দিবলৈ অস্বীকাৰ কৰিছিল। তেওঁ আমাক দেখুৱাবলৈ প্ৰযোজকৰ পৰা টকা বিচাৰিছিল যেন তেওঁয়েই সকলো। 

কিছুদিনৰ আগতে নৱাজুদ্দিন ছিদ্দিকীয়ে তেওঁৰ ৬ জন ভাতৃৰ মাজত নিজৰ পূৰ্বপুৰুষৰ মাটি বিতৰণ কৰিব বুলি খবৰ ওলাইছিল। কিন্তু তেওঁৰ সৰু ভাতৃ তথা পৰিচালক ভাতৃয়ে এই বাতৰিবোৰক নাটক বুলি অভিহিত কৰিছিল। 

ইফালে ধৰ্ষণৰ অভিযোগো উত্থাপন কৰে  নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী আলিয়াই। ইয়াৰ পূৰ্বে আলিয়াই নৱাজৰ ওপৰত যৌতুকৰ গোচৰ জাৰি কৰিছিল, যিটো কেইদিনমানৰ আগতে আদালতে নাকচ কৰিছিল। ইয়াৰ পাছতে আলিয়াই স্বামীৰ ওপৰত ধৰ্ষণৰ গোচৰ তৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে