--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ ছবি মানেই যেন বহুতৰে বাবে উন্মাদনাৰ বিষয়।  মুক্তিৰ আগতেই  শ্বাহৰুখ খানৰ জোৱান ছবিখনে বহুতৰে মাজত উন্মাদনাৰ সৃষ্টি কৰিছে।  শ্বাহৰুখ প্ৰেমীৰ মাজত   বাঢ়িবলৈ আৰম্ভ উৎকণ্ঠা। ছবিখনৰ আগতীয়া বুকিং আৰম্ভ হৈছে। শ্বাহৰুখ খানৰ অনুৰাগীসকলে আগতীয়া বুকিঙেৰেও অভিলেখ সৃষ্টি কৰাৰ দিশে অগ্ৰসৰ হৈছে। 

কিং খানৰ নতুন  ছবি 'জোৱান' ছেপ্টেম্বৰৰ ৭ তাৰিখে ছবিগৃহত মুক্তি লাভ কৰিব। বহু সংখ্যক লোকে এই ছবিখন চাবলৈ আগতীয়া বুকিং কৰিছে। অৱশ্যে, এজন অনুৰাগীয়ে এনে কিবা কৰিছে যিটো বিষয়ত  শ্বাহৰুখ খানেও  প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ থাকিব পৰা নাই।

 শ্বাহৰুখ খানৰ ছবি 'জোৱান' চাবলৈ সেই অনুৰাগীগৰাকীয়ে গোটেই হলটো বুক কৰিছে। তেওঁ নিজেই 'এক্স' (টুইটাৰ)ত এই তথ্য প্ৰকাশ কৰিছে।

এই ব্যক্তিজনে 'এক্স'ত নিজৰ এখন ফটো পোষ্ট কৰিছে, য'ত তেওঁ নিজকে টিকটৰ মালা পিন্ধি থকাৰ দৰে আছে।  লোকজনে কৈছে  যে তেওঁ 'জোৱান'ৰ বাবে গোটেই হলটো বুক কৰিছে। তেওঁ তেওঁৰ ৩৬  গৰাকী প্ৰেমিকা, ৭২ গৰাকী প্ৰাক্তন প্ৰেমিকা আৰু ৮০ গৰাকী  বন্ধুৰ সৈতে এই ছবিখন চাবলৈ গৈ আছে।  পোষ্টটো  তেওঁ শ্বাহৰুখ খানকো টেগ কৰিছে। 

 শ্বাহৰুখে এই অনুৰাগীজনৰ পোষ্টটো দেখি আচৰিত হৈ পৰিছে।  শ্বাহৰুখে  তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ  থাকিব পৰা নাই। শ্বাহৰুখে অনুৰাগীজনৰ পোষ্টটো ৰি-পোষ্ট কৰি লিখিছে, 'ৱাও ভাই, আপোনাৰ যৌৱন জিলিকি উঠিছে।’

বহুতো নেট ব্যৱহাৰকাৰীয়ে  বিষয়ে তেওঁলোকৰ মতামত দিছে। এজন ব্যৱহাৰকাৰীয়ে কৈছে, 'হলটোত যথেষ্ট হুলস্থুল হ'ব। যেতিয়া ৩৬ গৰাকী প্ৰেমিকা মুখামুখি হ’ব তেতিয়া পৰিস্থিতিটো চাীবলগীয়া হ’ব।  আন এজন ব্যৱহাৰকাৰীয়ে কৈছিল, " এই ব্যক্তিজনহে  প্ৰকৃত সৈনিক।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক