--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ ছবি মানেই যেন বহুতৰে বাবে উন্মাদনাৰ বিষয়।  মুক্তিৰ আগতেই  শ্বাহৰুখ খানৰ জোৱান ছবিখনে বহুতৰে মাজত উন্মাদনাৰ সৃষ্টি কৰিছে।  শ্বাহৰুখ প্ৰেমীৰ মাজত   বাঢ়িবলৈ আৰম্ভ উৎকণ্ঠা। ছবিখনৰ আগতীয়া বুকিং আৰম্ভ হৈছে। শ্বাহৰুখ খানৰ অনুৰাগীসকলে আগতীয়া বুকিঙেৰেও অভিলেখ সৃষ্টি কৰাৰ দিশে অগ্ৰসৰ হৈছে। 

কিং খানৰ নতুন  ছবি 'জোৱান' ছেপ্টেম্বৰৰ ৭ তাৰিখে ছবিগৃহত মুক্তি লাভ কৰিব। বহু সংখ্যক লোকে এই ছবিখন চাবলৈ আগতীয়া বুকিং কৰিছে। অৱশ্যে, এজন অনুৰাগীয়ে এনে কিবা কৰিছে যিটো বিষয়ত  শ্বাহৰুখ খানেও  প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ থাকিব পৰা নাই।

 শ্বাহৰুখ খানৰ ছবি 'জোৱান' চাবলৈ সেই অনুৰাগীগৰাকীয়ে গোটেই হলটো বুক কৰিছে। তেওঁ নিজেই 'এক্স' (টুইটাৰ)ত এই তথ্য প্ৰকাশ কৰিছে।

এই ব্যক্তিজনে 'এক্স'ত নিজৰ এখন ফটো পোষ্ট কৰিছে, য'ত তেওঁ নিজকে টিকটৰ মালা পিন্ধি থকাৰ দৰে আছে।  লোকজনে কৈছে  যে তেওঁ 'জোৱান'ৰ বাবে গোটেই হলটো বুক কৰিছে। তেওঁ তেওঁৰ ৩৬  গৰাকী প্ৰেমিকা, ৭২ গৰাকী প্ৰাক্তন প্ৰেমিকা আৰু ৮০ গৰাকী  বন্ধুৰ সৈতে এই ছবিখন চাবলৈ গৈ আছে।  পোষ্টটো  তেওঁ শ্বাহৰুখ খানকো টেগ কৰিছে। 

 শ্বাহৰুখে এই অনুৰাগীজনৰ পোষ্টটো দেখি আচৰিত হৈ পৰিছে।  শ্বাহৰুখে  তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ  থাকিব পৰা নাই। শ্বাহৰুখে অনুৰাগীজনৰ পোষ্টটো ৰি-পোষ্ট কৰি লিখিছে, 'ৱাও ভাই, আপোনাৰ যৌৱন জিলিকি উঠিছে।’

বহুতো নেট ব্যৱহাৰকাৰীয়ে  বিষয়ে তেওঁলোকৰ মতামত দিছে। এজন ব্যৱহাৰকাৰীয়ে কৈছে, 'হলটোত যথেষ্ট হুলস্থুল হ'ব। যেতিয়া ৩৬ গৰাকী প্ৰেমিকা মুখামুখি হ’ব তেতিয়া পৰিস্থিতিটো চাীবলগীয়া হ’ব।  আন এজন ব্যৱহাৰকাৰীয়ে কৈছিল, " এই ব্যক্তিজনহে  প্ৰকৃত সৈনিক।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু