--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাম নৱমীৰ দিনা  মধ্যপ্ৰদেশৰ  এটা মন্দিৰৰ ছাদ ভাঙি মৃত্যু হৈছিল ৩৬ জনকৈ ভক্তৰ। এই ঘটনাৰ পিছত মন্দিৰৰ এটা অংশ স্থানীয় প্ৰশাসনে বুলডজাৰেৰে ভাঙি পেলাইছে। ইন্দোৰ পৌৰ নিগমে এক বৃহৎ আৰক্ষী বাহিনীৰ উপস্থিতিত মন্দিৰৰ অবৈধ নিৰ্মাণ সমূহ ধ্বংস কৰিছে। ৰাম নৱমীৰ দিনা সংঘটিত  দুৰ্ঘটনাৰ পিছত মুখ্য পুৰোহিতজনে মন্দিৰ নিৰ্মাণৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছিল।

ৰাম নৱমী উপলক্ষে ইন্দোৰৰ বিখ্যাত বেলেশ্বৰ মহাদেৱ ঝুলেলাল মন্দিৰত বহু সংখ্যক লোকে ভিৰ কৰিছিল। মন্দিৰৰ ভিতৰত এটা প্ৰাচীন কুঁৱা আছে। কুঁৱাটোৰ ওপৰত এখন ছাদ নিৰ্মাণ কৰা হৈছিল। বহুতে সেই ছাদত থিয় হৈ আছিল। ভিৰৰ হেঁচাত ছাদখন খহি ৩৬ জন লোকৰ মৃত্যু হৈছিল। 

দুৰ্ঘটনাটোৰ কাৰণ অনুসন্ধানৰ বাবে এখন তদন্ত সমিতি গঠন কৰা হৈছিল। মন্দিৰৰ মুখ্য পুৰোহিত লক্ষ্মীনাৰায়ণ শৰ্মাই কৈছিল যে এক শক্তিশালী ভেটি নিৰ্মাণ নকৰাকৈ কুঁৱাটোৰ ওপৰত ছাদ নিৰ্মাণ কৰা হৈছিল। লগতে প্ৰশ্ন উত্থাপিত হৈছে মান ভক্তক একেলগে মন্দিৰত প্ৰৱেশ কৰিবলৈ কিয় অনুমতি দিয়া হৈছিল? 

মন্দিৰৰ তত্বাৱধানৰ দায়িত্বত থকা ট্ৰাষ্টীৰ দুজন সদস্যৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰা হৈছে।অনুসন্ধানৰ পিছত দেখা গৈছে যে এই ছাদখন প্ৰায় ৪০ বছৰ আগতে নিৰ্মাণ কৰা হৈছিল। যোৱা বছৰ স্থানীয় প্ৰশাসনে কৈছিল যে ছাদখন বিপজ্জনক হৈ পৰিছে। সেয়ে ছাদ খন  ভাঙি পেলাব লাগে বুলি বহুতে কৈছিল। কিন্তু ট্ৰাষ্টী সদস্যসকলৰ বিৰোধিতাৰ বাবে সেয়া  সম্ভৱ হোৱা নাছিল। শেহতীয়াকৈ প্ৰশাসনে বৃহৎ আৰক্ষী বাহিনীৰ উপস্থিতিত মন্দিৰৰ এটা অংশ ভাঙি পেলায়। ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ সম্ভাৱনা থকাৰ বাবেই  বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে বুলি  প্ৰশাসনৰ এগৰাকী বিষয়াই প্ৰকাশ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন