--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাম নৱমীৰ দিনা  মধ্যপ্ৰদেশৰ  এটা মন্দিৰৰ ছাদ ভাঙি মৃত্যু হৈছিল ৩৬ জনকৈ ভক্তৰ। এই ঘটনাৰ পিছত মন্দিৰৰ এটা অংশ স্থানীয় প্ৰশাসনে বুলডজাৰেৰে ভাঙি পেলাইছে। ইন্দোৰ পৌৰ নিগমে এক বৃহৎ আৰক্ষী বাহিনীৰ উপস্থিতিত মন্দিৰৰ অবৈধ নিৰ্মাণ সমূহ ধ্বংস কৰিছে। ৰাম নৱমীৰ দিনা সংঘটিত  দুৰ্ঘটনাৰ পিছত মুখ্য পুৰোহিতজনে মন্দিৰ নিৰ্মাণৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছিল।

ৰাম নৱমী উপলক্ষে ইন্দোৰৰ বিখ্যাত বেলেশ্বৰ মহাদেৱ ঝুলেলাল মন্দিৰত বহু সংখ্যক লোকে ভিৰ কৰিছিল। মন্দিৰৰ ভিতৰত এটা প্ৰাচীন কুঁৱা আছে। কুঁৱাটোৰ ওপৰত এখন ছাদ নিৰ্মাণ কৰা হৈছিল। বহুতে সেই ছাদত থিয় হৈ আছিল। ভিৰৰ হেঁচাত ছাদখন খহি ৩৬ জন লোকৰ মৃত্যু হৈছিল। 

দুৰ্ঘটনাটোৰ কাৰণ অনুসন্ধানৰ বাবে এখন তদন্ত সমিতি গঠন কৰা হৈছিল। মন্দিৰৰ মুখ্য পুৰোহিত লক্ষ্মীনাৰায়ণ শৰ্মাই কৈছিল যে এক শক্তিশালী ভেটি নিৰ্মাণ নকৰাকৈ কুঁৱাটোৰ ওপৰত ছাদ নিৰ্মাণ কৰা হৈছিল। লগতে প্ৰশ্ন উত্থাপিত হৈছে মান ভক্তক একেলগে মন্দিৰত প্ৰৱেশ কৰিবলৈ কিয় অনুমতি দিয়া হৈছিল? 

মন্দিৰৰ তত্বাৱধানৰ দায়িত্বত থকা ট্ৰাষ্টীৰ দুজন সদস্যৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰা হৈছে।অনুসন্ধানৰ পিছত দেখা গৈছে যে এই ছাদখন প্ৰায় ৪০ বছৰ আগতে নিৰ্মাণ কৰা হৈছিল। যোৱা বছৰ স্থানীয় প্ৰশাসনে কৈছিল যে ছাদখন বিপজ্জনক হৈ পৰিছে। সেয়ে ছাদ খন  ভাঙি পেলাব লাগে বুলি বহুতে কৈছিল। কিন্তু ট্ৰাষ্টী সদস্যসকলৰ বিৰোধিতাৰ বাবে সেয়া  সম্ভৱ হোৱা নাছিল। শেহতীয়াকৈ প্ৰশাসনে বৃহৎ আৰক্ষী বাহিনীৰ উপস্থিতিত মন্দিৰৰ এটা অংশ ভাঙি পেলায়। ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ সম্ভাৱনা থকাৰ বাবেই  বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে বুলি  প্ৰশাসনৰ এগৰাকী বিষয়াই প্ৰকাশ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ