--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৰালাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এজন লোকে চলন্ত ৰে’লৰ ভিতৰতে সহযাত্ৰী এজনৰ ওপৰত পেট্ৰ'ল ঢালি জুই লগাই দিয়ে। ফলত ক্ষন্তেক সময়ৰ ভিতৰতে লোকজনৰ মৃত্যু হয়। দবাটোত ভয়ংকৰ জুই দেখি এগৰাকী মহিলাই পলাবলৈ  চেষ্টা কৰি থাকোতেই ৰে’লৰ পৰা  সন্তানসহ তললৈ পৰি যায়। ফলত মহিলাগৰাকীৰ লগতে সন্তানৰো মৃত্যু ঘটে।

এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে কেৰালাৰ কোজিকোডত । ঘটনাত আন নজন লোক আহত হৈছে।ঘটনাটো দেওবাৰে নিশা প্ৰায় ৯.৩০ বজাত সংঘটিত হৈছে। আলাপুঝা-কান্নুৰ এক্সপ্ৰেছৰ দুজন যাত্ৰীয়ে ডি১ ডবাত কিবা কথাকলৈ বিবাদত লিপ্ত হৈছিল। হঠাতে এজন যাত্ৰীয়ে  সহযাত্ৰীজনৰ ওপৰত পেট্ৰ'ল ঢালি জুই লগাই দিয়ে। লগে লগে চলন্ত ৰেলখনৰ দবাটোৰ ভিতৰত জুই বিয়পি পৰে।

ৰে’লখনৰ বাকী যাত্ৰীসকলে চেইন  টানি  ৰে’লখন ৰখাইছিল। অৱশ্যে ইয়াৰ আগতেই মহিলাগৰাকীয়ে ভয়তে সন্তানৰ সৈতে ৰে’লৰ পৰা তললৈ পৰি যায়। আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ আগতে যাত্ৰীসকলে জুই নুমুৱাবলৈ সক্ষম হয়।জুইত আন নজন যাত্ৰী দগ্ধ  হৈছে। তেওঁলোক সকলোকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁলোকৰ মাজৰে  দুজনৰ  অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।  এগৰাকী মহিলা আৰু এটা শিশু সন্ধানহীন হৈ  থকা বুলি জানিব পাৰি আৰক্ষীয়ে লগে লগে অনুসন্ধান আৰম্ভ কৰে আৰু প্ৰায় চাৰি ঘণ্টাৰ পিছত তেওঁলোকৰ মৃতদেহ ৰে’লপথৰ ওচৰত উদ্ধাৰ হয়।

আৰক্ষীয়ে জনোৱা অনুসৰি, মহিলাগৰাকীয়ে সম্ভৱতঃ জুই  দেখি ভয় খাইছিল। পলাই যাবলৈ চেষ্টা কৰোঁতে তেওঁ চলন্ত ৰে’লৰ পৰা পৰি যাব পাৰে।  আনহাতে সহযাত্ৰীজনৰ গাত  জুই লগাই দিয়া  লোকজনে ৰে’ল খন ৰখোৱাৰ পিছতেই  পলাই যাবলৈ সক্ষম হয়। আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰীক্ষা কৰি তদন্ত আৰম্ভ কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ