--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৰালাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এজন লোকে চলন্ত ৰে’লৰ ভিতৰতে সহযাত্ৰী এজনৰ ওপৰত পেট্ৰ'ল ঢালি জুই লগাই দিয়ে। ফলত ক্ষন্তেক সময়ৰ ভিতৰতে লোকজনৰ মৃত্যু হয়। দবাটোত ভয়ংকৰ জুই দেখি এগৰাকী মহিলাই পলাবলৈ  চেষ্টা কৰি থাকোতেই ৰে’লৰ পৰা  সন্তানসহ তললৈ পৰি যায়। ফলত মহিলাগৰাকীৰ লগতে সন্তানৰো মৃত্যু ঘটে।

এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে কেৰালাৰ কোজিকোডত । ঘটনাত আন নজন লোক আহত হৈছে।ঘটনাটো দেওবাৰে নিশা প্ৰায় ৯.৩০ বজাত সংঘটিত হৈছে। আলাপুঝা-কান্নুৰ এক্সপ্ৰেছৰ দুজন যাত্ৰীয়ে ডি১ ডবাত কিবা কথাকলৈ বিবাদত লিপ্ত হৈছিল। হঠাতে এজন যাত্ৰীয়ে  সহযাত্ৰীজনৰ ওপৰত পেট্ৰ'ল ঢালি জুই লগাই দিয়ে। লগে লগে চলন্ত ৰেলখনৰ দবাটোৰ ভিতৰত জুই বিয়পি পৰে।

ৰে’লখনৰ বাকী যাত্ৰীসকলে চেইন  টানি  ৰে’লখন ৰখাইছিল। অৱশ্যে ইয়াৰ আগতেই মহিলাগৰাকীয়ে ভয়তে সন্তানৰ সৈতে ৰে’লৰ পৰা তললৈ পৰি যায়। আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ আগতে যাত্ৰীসকলে জুই নুমুৱাবলৈ সক্ষম হয়।জুইত আন নজন যাত্ৰী দগ্ধ  হৈছে। তেওঁলোক সকলোকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁলোকৰ মাজৰে  দুজনৰ  অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।  এগৰাকী মহিলা আৰু এটা শিশু সন্ধানহীন হৈ  থকা বুলি জানিব পাৰি আৰক্ষীয়ে লগে লগে অনুসন্ধান আৰম্ভ কৰে আৰু প্ৰায় চাৰি ঘণ্টাৰ পিছত তেওঁলোকৰ মৃতদেহ ৰে’লপথৰ ওচৰত উদ্ধাৰ হয়।

আৰক্ষীয়ে জনোৱা অনুসৰি, মহিলাগৰাকীয়ে সম্ভৱতঃ জুই  দেখি ভয় খাইছিল। পলাই যাবলৈ চেষ্টা কৰোঁতে তেওঁ চলন্ত ৰে’লৰ পৰা পৰি যাব পাৰে।  আনহাতে সহযাত্ৰীজনৰ গাত  জুই লগাই দিয়া  লোকজনে ৰে’ল খন ৰখোৱাৰ পিছতেই  পলাই যাবলৈ সক্ষম হয়। আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰীক্ষা কৰি তদন্ত আৰম্ভ কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ