--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিউয়ৰ্ক টাইমছে টুইটাৰক  মাচুল পৰিশোধ কৰা নাছিল, ইলন মাস্কেও কোম্পানীৰ ব্লু টিকটো কাকত খনৰ টুইটাৰৰ পৰা আঁতৰাই পেলালে। ঘটনাটোকলৈ এতিয়া টুইটাৰ আৰু নিউয়ৰ্ক টাইমছৰ মাজত  আৰম্ভ   হৈছে বাক-বিতণ্ডা।

 টুইটাৰৰ পদক্ষেপৰ পিছতে নিউয়ৰ্ক টাইমছে টুইটাৰত লিখিছে, "এতিয়া কোম্পানীটোৰ কোনো ধৰণৰ প্ৰমাণীকৃত বেজ আৰু ব্লুটিক  নাই। এই দুয়োটা বস্তু টুইটাৰে কাঢ়ি লৈছে।’’ উল্লেখ্য টুইটাৰে এতিয়া ইয়াৰ ব্লু টিক চাবস্ক্ৰিপশ্বন নীতি কঠোৰভাৱে ৰূপায়ণ কৰা আৰম্ভ কৰিছে। মাচুল পৰিশোধ নকৰা   ব্যৱহাৰকাৰীৰ একাউণ্টৰ পৰা ব্লু টিক আঁতৰ কৰা হৈছে।  ইলন মাস্ক মালিকানাধীন এই কোম্পানীটোৱে 'দ্য নিউয়ৰ্ক টাইমছ'ৰ মুখ্য প্ৰ'ফাইলৰ পৰা প্ৰমাণিত ব্লু টিকটো আঁতৰাই দিয়াত বহুতে প্ৰতিক্ৰিয়াও ব্যক্ত কৰিছে।

নিউয়ৰ্ক টাইমছে কৈছে যে কাকত খনে  এটা প্ৰমাণীকৃত ব্যৱসায়িক একাউণ্টৰ বাবে কোনো ধন পৰিশোধ নকৰে। কাকত খনে  কেৱল সাংবাদিকসকলৰ বাবেহে ব্লু টিকৰ সদস্যতা ল'ব, যিসকলে তেওঁলোকৰ খবৰ সংগ্ৰহৰ প্ৰয়োজনীয়তাৰ বাবে সেয়া প্ৰয়োজনীয় বুলি ভাবে। ইপিনে কাকত খনৰ এনে স্থিতিৰ পিছতে মাস্কে কয় "নিউয়ৰ্ক টাইমছৰ কাকতৰ  ট্ৰেজেডীটো হ'ল যে তেওঁলোকে প্ৰচাৰ নিবিচাৰে" ।

উল্লেখ্য  টুইটাৰৰ মালিক হৈ পৰাৰ পিছতে এলন মাস্কে 'ব্লু টিক'ৰ বাবে এটা নতুন নিয়ম প্ৰস্তুত কৰিছিল। ইয়াৰ অধীনত ব্যৱহাৰকাৰীসকলে ইয়াক বাহাল ৰাখিবলৈ ১ এপ্ৰিলৰ ভিতৰত নিৰ্দিষ্ট মাত্ৰাত ধন পৰিশোধ কৰিব লাগিব। ধন  পৰিশোধ নকৰিলে 'ব্লু  টিক' আঁতৰ কৰা   হ'ব। 

নিউয়ৰ্ক টাইমছে ৩০ মাৰ্চত কৈছিল যে ই কাকত খনে  প্ৰতিষ্ঠানগত একাউণ্টৰ প্ৰমাণীকৰণৰ বাবে টুইটাৰক কোনো ধন পৰিশোধ নকৰে।ইলন মাস্কে যোৱা বছৰ মাইক্ৰ'ব্লগিং প্লেটফৰ্মটো  টুইটাৰ ক্ৰয় কৰিছিল । টুইটাৰে এতিয়া ইয়াৰ ব্লু টিক চাবস্ক্ৰিপশ্বন নীতি কঠোৰভাৱে ৰূপায়ণ কৰা আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল