--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্ৰহৰ সেনাপতি মংগলে ২৭ জুলাইত মেষ ৰাশিত প্ৰৱেশ কৰে। ইতিমধ্যে ৰাহু ইয়াত আছিল। ২৭ জুলাইত মেষ ৰাশিত মংগল গ্ৰহৰ প্ৰৱেশৰ বাবে ইয়াত অংগাৰক যোগৰ সৃষ্টি হয়।

জ্যোতিষ শাস্ত্ৰৰ মতে ৰাশিৰ কোনো এটা গ্ৰহ যেতিয়া আন এটা গ্ৰহৰ লগত সংযুক্ত হৈ থাকে তেতিয়া তাক মংগল-ৰাহু সংযোগ বোলা হয়। গ্ৰহৰ সেনাপতি মংগল ২৭ জুলাইত মেষ ৰাশিত প্ৰৱেশ কৰে। ইতিমধ্যে ৰাহু ইয়াত আছিল। ২৭ জুলাইত মেষ ৰাশিত মংগল গ্ৰহৰ প্ৰৱেশৰ বাবে ইয়াত অংগাৰক যোগৰ সৃষ্টি হয়।

মংগল গ্ৰহৰ এই প্ৰৱেশৰ ফলত ৩৭ বছৰৰ পাছত মেষ ৰাশিত অংগাৰক যোগৰ সৃষ্টি হৈছে। জ্যোতিষ শাস্ত্ৰত ৰাহুক এটা অশুভ গ্ৰহ আৰু মংগল গ্ৰহক অগ্নিময় গ্ৰহ হিচাপে জনা যায়। এই অংগাৰক যোগ দুষ্ট আৰু অগ্নিময় গ্ৰহৰ সংমিশ্ৰণেৰে গঠিত। এই যোগ কিছুমান ৰাশিৰ বাবে শুভ আৰু আন কিছুমানৰ বাবে অতি অশুভ।

জ্যোতিষৰ মতে মংগল গ্ৰহ হৈছে মেষ ৰাশিৰ শাসক গ্ৰহ আৰু যেতিয়া কোনো গ্ৰহ নিজৰ ৰাশিত থাকে তেতিয়া ই নিজৰ সৰ্বোচ্চ শক্তি ব্যৱহাৰ কৰিব পাৰে। এনে অৱস্থাত এই অংগাৰক যোগে কিছুমান ৰাশিৰ বাবে বহু সমস্যাৰ সৃষ্টি কৰে। ইয়াৰ ফলত বৃষ ৰাশি, সিংহ ৰাশি আৰু তুলা ৰাশি জাতক জাতিকাসকলে বহু অসুবিধাৰ সন্মুখীন হ'বলগাত পৰে। তেওঁলোকৰ সকলো কামতে বাধাৰ সৃষ্টি হয়। স্বাস্থ্যতো পৰে বিৰূপ প্ৰভাৱ।

জ্যোতিষশাস্ত্ৰ অনুসৰি ২০২২ চনৰ ১০ আগষ্টত মংগল গ্ৰহই মেষ ৰাশিৰ পৰা বৃষ ৰাশিত প্ৰৱেশ কৰে। মংগল বৃষ ৰাশিত প্ৰৱেশৰ লগে লগে ৰাহুৰ লগত মংগলৰ মিলনৰ অন্ত পৰে। ফলত মেষ ৰাশিত ৩৭ বছৰ পিছত গঠিত অংগাৰক যোগৰ পৰে অন্ত। ইয়াৰ ফলত বৃষ ৰাশি, সিংহ ৰাশি আৰু তুলা ৰাশিৰ জাতক-জাতিকাসকলে এই বিপদজনক যোগৰ পৰা মুক্তি পাবলৈ সক্ষম হয়। যাৰ ফলত এই ৰাশিৰ লোকসকলে সকাহৰ উশাহ ল’ব পাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ লোহিত-ব্ৰহ্মপুত্ৰৰ সংগমস্থলীত বিৰল প্ৰজাতিৰ ঘঁৰিয়ালৰ সন্ধান
খৈৰাবাৰীত লাভ জেহাদ! হিন্দু পৰিচয় দি ডিব্ৰুগড়ৰ নাবালিকাক পলুৱাই নিলে ধুবুৰীৰ যুৱকে
উভতি নহা বাটেৰে গুচি গ’ল নানা পাটেকাৰ; শোকস্তব্ধ দেশবাসী
চীনা সামগ্ৰীত ভাৰতৰ নিৰ্ভৰশীলতা বৃদ্ধি; ভাৰতীয় ঔদ্যোগিক আমদানিৰ ৩০ শতাংশ সামগ্ৰী আহে চীনৰ পৰা
তিনিচুকীয়াৰ বেংক বিষয়াক ধন দাবীৰে ব্লেকমেইল; যোৰহাটত হনীট্ৰেপিং চক্ৰৰ ৫জনক গ্ৰেপ্তাৰ
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান