--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশাখাপট্টনমত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়াত ১০ উইকেটত পৰাস্ত হয় ভাৰত। বেটিং, বলিং, ফিল্ডিং - ৰোহিত শৰ্মাই কোনো বিভাগতে আধিপত্য দখল কৰিব নোৱাৰিলে। অষ্ট্ৰেলিয়াই দূৰ্দান্ত প্ৰদৰ্শন কৰে। ১০০ অভাৰৰ খেলখন ৩৭ অভাৰত শেষ হৈ যায়। সাত ঘণ্টীয়া খেলখনৰ বাবে সময় লাগে মাত্ৰ চাৰি ঘণ্টাতে!

উল্লেখ্য যে যোৱা ৩ বছৰত ভাৰতে বগা বল ক্ৰিকেটত ৪ বাৰ ১০ উইকেটত পৰাস্ত হৈছে। ইয়াৰ ভিতৰত ভাৰতে এদিনীয়া মেচত দুবাৰ আৰু টি-২০ মেচত দুবাৰকৈ ১০ উইকেটত পৰাস্ত হয়।

২০২০ চনৰ ১৪ জানুৱাৰীত মুম্বাইৰ ৱানখেদে ষ্টেডিয়ামত ভাৰতক ১০ উইকেটত পৰাস্ত কৰে অষ্ট্ৰেলিয়াই। সেই মেচত প্ৰথম বেটিং কৰি ভাৰতে ২৫৫ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল। শিখৰ ধাৱানে ৭৪ আৰু লোকেশ ৰাহুলে ৪৭ ৰান সংগ্ৰহ কৰে যদিও বাকীসকলে ৰান নাপালে। ইয়াৰ উত্তৰত অষ্ট্ৰেলিয়াৰ দুই অ’পেনাৰ ডেভিদ ৱাৰ্নাৰ আৰু এৰন ফিঞ্চে দলটোক জয়ৰ দিশত আগুৱাই লৈ যায়। দুয়োজনে শতক অৰ্জন কৰে। ৱাৰ্নাৰে ১২৮ আৰু ফিঞ্চে ১১০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে।

পাছৰ বছৰ অনুৰূপ ঘটনা সংঘটিত হয় টি-২০ বিশ্বকাপত। ডুবাইত পাকিস্তানৰ হাতত আত্মসমৰ্পণ কৰে ভাৰতীয় টপ অৰ্ডাৰ বেটাৰসকলে। পাক বলাৰৰ প্ৰভাৱত ভাৰতে ২০ অভাৰত ৭ উইকেটত ১৫১ ৰান সংগ্ৰহ কৰে। মাত্ৰ বিৰাট কোহলীয়েহে ৫৭ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানৰ দুই অ’পেনাৰ বাবৰ আজম আৰু মহম্মদ ৰিজৱানৰ দূৰ্তান্ত যুটিৰ সহায়ত বিজয়ী হয় দলটো। বাবৰে ৬৮ ৰান আৰু ৰিজৱানে ৭৯ ৰান অপৰাজিত।

২০২২ চনৰ টি-২০ বিশ্বকাপতো ভাৰতে ১০ উইকেটত পৰাস্ত হ’বলগীয়া হৈছিল। এইবাৰ প্ৰতিদ্বন্দ্বী আছিল ইংলেণ্ড। বিশ্বকাপৰ ছেমি ফাইনেলখনত  প্ৰথমে বেটিং কৰি ভাৰতে  ৬ উইকেটত ১৬৮ ৰান সংগ্ৰহ কৰে। হাৰ্দিক পাণ্ডিয়াই ৬৩ ৰান আৰু বিৰাটে ৫০ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত কোনো উইকেট নেহেৰুৱাকৈয়ে ইংলেণ্ডে জয়লাভ কৰে। দুয়োখন অ’পেনাৰেই পঞ্চাশৰ ৰান কৰে। এলেক্স হেলেছে ৮৬ ৰান আৰু জোছ বাটলাৰে ৮০ ৰান সংগ্ৰহ কৰে। ছেমি ফাইনেলৰ পৰা বাহিৰ হোৱাৰ লগে লগে ভাৰতৰ বিশ্বকাপ জয়ৰ আশাৰ অন্ত পৰিল।

এই তালিকাত শেহতীয়াকৈ সংযোজন হৈছে বিশাখাপট্টনম। অষ্ট্ৰেলিয়াৰ পেচ বলিঙৰ হাতত চূড়মাৰ হয় ভাৰতৰ বেটিং অৰ্ডাৰ। মাত্ৰ ১১৭ ৰান সংগ্ৰহ কৰি ভাৰতে ইনিংছ অন্ত পেলায়। বিৰাটে মাত্ৰ ৩১ ৰানহে কৰে। ইয়াৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই মাত্ৰ ১১ অভাৰতে খেলখন জয় কৰে। মিচেল মাৰ্ছে ৬৬ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ট্ৰেভিছ হেডে ৫১ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। এই মেচখনত অষ্ট্ৰেলিয়াই জয়লাভ কৰি এদিনীয়া শৃংখলাৰ সমতা স্থাপন কৰে।

বিশাখাপট্টনমত ভাৰতে ১০ উইকেটত পৰাস্ত হোৱাই নহয়, বলৰ ক্ষেত্ৰতো সৰ্বাধিক ব্যৱধানত পৰাস্ত হ’ল ভাৰত। খেলখনত ২৩৪টা বল বাকী থকা অৱস্থাত পৰাস্ত হয় ৰোহিতে। ইয়াৰ পূৰ্বে ২০১৯ চনত হেমিল্টনত ২১২টা বল বাকী থকা অৱস্থাত নিউজিলেণ্ডে ভাৰতক পৰাস্ত কৰিছিল। সেই নজিৰ এইবাৰ ভাঙি গ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু