--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশাখাপট্টনমত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়াত ১০ উইকেটত পৰাস্ত হয় ভাৰত। বেটিং, বলিং, ফিল্ডিং - ৰোহিত শৰ্মাই কোনো বিভাগতে আধিপত্য দখল কৰিব নোৱাৰিলে। অষ্ট্ৰেলিয়াই দূৰ্দান্ত প্ৰদৰ্শন কৰে। ১০০ অভাৰৰ খেলখন ৩৭ অভাৰত শেষ হৈ যায়। সাত ঘণ্টীয়া খেলখনৰ বাবে সময় লাগে মাত্ৰ চাৰি ঘণ্টাতে!

উল্লেখ্য যে যোৱা ৩ বছৰত ভাৰতে বগা বল ক্ৰিকেটত ৪ বাৰ ১০ উইকেটত পৰাস্ত হৈছে। ইয়াৰ ভিতৰত ভাৰতে এদিনীয়া মেচত দুবাৰ আৰু টি-২০ মেচত দুবাৰকৈ ১০ উইকেটত পৰাস্ত হয়।

২০২০ চনৰ ১৪ জানুৱাৰীত মুম্বাইৰ ৱানখেদে ষ্টেডিয়ামত ভাৰতক ১০ উইকেটত পৰাস্ত কৰে অষ্ট্ৰেলিয়াই। সেই মেচত প্ৰথম বেটিং কৰি ভাৰতে ২৫৫ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল। শিখৰ ধাৱানে ৭৪ আৰু লোকেশ ৰাহুলে ৪৭ ৰান সংগ্ৰহ কৰে যদিও বাকীসকলে ৰান নাপালে। ইয়াৰ উত্তৰত অষ্ট্ৰেলিয়াৰ দুই অ’পেনাৰ ডেভিদ ৱাৰ্নাৰ আৰু এৰন ফিঞ্চে দলটোক জয়ৰ দিশত আগুৱাই লৈ যায়। দুয়োজনে শতক অৰ্জন কৰে। ৱাৰ্নাৰে ১২৮ আৰু ফিঞ্চে ১১০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে।

পাছৰ বছৰ অনুৰূপ ঘটনা সংঘটিত হয় টি-২০ বিশ্বকাপত। ডুবাইত পাকিস্তানৰ হাতত আত্মসমৰ্পণ কৰে ভাৰতীয় টপ অৰ্ডাৰ বেটাৰসকলে। পাক বলাৰৰ প্ৰভাৱত ভাৰতে ২০ অভাৰত ৭ উইকেটত ১৫১ ৰান সংগ্ৰহ কৰে। মাত্ৰ বিৰাট কোহলীয়েহে ৫৭ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানৰ দুই অ’পেনাৰ বাবৰ আজম আৰু মহম্মদ ৰিজৱানৰ দূৰ্তান্ত যুটিৰ সহায়ত বিজয়ী হয় দলটো। বাবৰে ৬৮ ৰান আৰু ৰিজৱানে ৭৯ ৰান অপৰাজিত।

২০২২ চনৰ টি-২০ বিশ্বকাপতো ভাৰতে ১০ উইকেটত পৰাস্ত হ’বলগীয়া হৈছিল। এইবাৰ প্ৰতিদ্বন্দ্বী আছিল ইংলেণ্ড। বিশ্বকাপৰ ছেমি ফাইনেলখনত  প্ৰথমে বেটিং কৰি ভাৰতে  ৬ উইকেটত ১৬৮ ৰান সংগ্ৰহ কৰে। হাৰ্দিক পাণ্ডিয়াই ৬৩ ৰান আৰু বিৰাটে ৫০ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত কোনো উইকেট নেহেৰুৱাকৈয়ে ইংলেণ্ডে জয়লাভ কৰে। দুয়োখন অ’পেনাৰেই পঞ্চাশৰ ৰান কৰে। এলেক্স হেলেছে ৮৬ ৰান আৰু জোছ বাটলাৰে ৮০ ৰান সংগ্ৰহ কৰে। ছেমি ফাইনেলৰ পৰা বাহিৰ হোৱাৰ লগে লগে ভাৰতৰ বিশ্বকাপ জয়ৰ আশাৰ অন্ত পৰিল।

এই তালিকাত শেহতীয়াকৈ সংযোজন হৈছে বিশাখাপট্টনম। অষ্ট্ৰেলিয়াৰ পেচ বলিঙৰ হাতত চূড়মাৰ হয় ভাৰতৰ বেটিং অৰ্ডাৰ। মাত্ৰ ১১৭ ৰান সংগ্ৰহ কৰি ভাৰতে ইনিংছ অন্ত পেলায়। বিৰাটে মাত্ৰ ৩১ ৰানহে কৰে। ইয়াৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই মাত্ৰ ১১ অভাৰতে খেলখন জয় কৰে। মিচেল মাৰ্ছে ৬৬ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ট্ৰেভিছ হেডে ৫১ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। এই মেচখনত অষ্ট্ৰেলিয়াই জয়লাভ কৰি এদিনীয়া শৃংখলাৰ সমতা স্থাপন কৰে।

বিশাখাপট্টনমত ভাৰতে ১০ উইকেটত পৰাস্ত হোৱাই নহয়, বলৰ ক্ষেত্ৰতো সৰ্বাধিক ব্যৱধানত পৰাস্ত হ’ল ভাৰত। খেলখনত ২৩৪টা বল বাকী থকা অৱস্থাত পৰাস্ত হয় ৰোহিতে। ইয়াৰ পূৰ্বে ২০১৯ চনত হেমিল্টনত ২১২টা বল বাকী থকা অৱস্থাত নিউজিলেণ্ডে ভাৰতক পৰাস্ত কৰিছিল। সেই নজিৰ এইবাৰ ভাঙি গ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জাৰ্মানীৰ ওপৰত ট্ৰাম্পৰ ‘ডাবল এটেক’: ৫,০০০ সামৰিক সৈন্য প্ৰত্যাহাৰ আৰু বাহনৰ ওপৰত ২৫% শুল্ক ঘোষণা
ৰামদেৱৰ পাছত চি আৰ পি এফক গতালে বীজ নিগমৰ ৫০ বিঘা ভূমি
পলাতক অপৰাধীৰ বিৰুদ্ধে ভাৰতৰ 'অপাৰেশ্যন গ্ল'বেল হান্ট'
মুজতবা খামেনেইৰ মৃত্যুৰ বিষয়ত অপপ্ৰচাৰ চলাইছে আমেৰিকাই, ইৰানী বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ দাবী
টী-২০ মহিলা বিশ্বকাপ ২০২৬ ; বিচিচিআইএ ঘোষণা কৰিলে ভাৰতীয় দল
গংগা এক্সপ্ৰেছৱেত হাই-টেক সুৰক্ষা ব্যৱস্থা: এতিয়াৰ পৰা গাড়ী চলাওতে টোপনি আহিলে চালকক কৰিব সতৰ্ক
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
AIয়ে দিব বানপানীৰ আগজাননী
দিল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্ৰবেগী বাহনৰ খুন্দাত ৪ যুৱকৰ কৰুণ মৃত্যু
আজি পুৱা ১০.৩০ বজাত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল
আইপিএলত ইতিহাস গঢ়াৰ দিশে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশী: বিহাৰৰ বৈভৱে কঁপাব ক্ৰিকেট জগত
ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল: শীৰ্ষত কোন কোন জিলা?