--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইতিমধ্যে তেওঁ আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। কেৱল আই পি এল খেলে। এইবাৰো আই পি এলত চেন্নাই ছুপাৰ কিংছক নেতৃত্ব দিব ধোনীয়ে। বয়স ৪১ বছৰ।  কিন্তু এতিয়াও তৰুণ ক্ৰিকেটাৰৰ স’তে ফেৰ মাৰিব পৰা হৈ আছে মহেন্দ্ৰ সিং ধোনী। ক্ৰিকেটৰ দক্ষতা বা বুদ্ধিমত্তাৰ ক্ষেত্ৰত অতুলনীয় টীম ইণ্ডিয়াৰ বিশ্বকাপজয়ী অধিনায়কজন। ফিটনেছো বজাই ৰাখিছে।  

কিন্তু এই বয়সতো ইমান ফিট হোৱাটো কেনেকৈ সম্ভৱ? আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে ধোনিৰ ফিটনেছৰ ৰহস্য প্ৰকাশ ৰবিন উথাপ্পাই। উথাপ্পাই কয় যে ধোনিৰ ফিটনেছৰ অন্যতম কাৰণ হ’ল তেওঁৰ মধ্যমীয়া খাদ্য।

উথাপ্পাই কয়- ''এসময়ত আমি দুই এজন ঘনিষ্ঠ বন্ধুৱে একেলগে  খেলিছিলো। ধোনী আৰু মোৰ বাহিৰেও সেই দলটোত আছিল সুৰেশ ৰাইনা, ইৰফান পাঠান, আৰ পি সিং, পীয়ুষ চাওলা, মুনাফ পেটেল। আমি একেলগে খাইছিলোঁ। বহুত খাদ্যৰ অৰ্ডাৰ দিছিলোঁ। ধোনীয়ে সকলো খাদ্য নাখাইছিল। খোৱাৰ ক্ষেত্ৰত তেওঁ কঠোৰ আছিল। তেওঁ সীমিত পৰিমাণৰ খাদ্য খাইছিল।’’

ধোনীয়ে কি খায়? উথাপ্পাই কয়- ''বেছিভাগ সময়তে বাটাৰ চিকেন খালে ধোনীয়ে বেছিভাগ সময় মাংস নাখায়। কেৱল জোলহে খাইছিল। তেওঁ সকলো সময়তে ৰুটিও নাখাইছিল।’’ 

তেওঁ কয়- “আমি হয়তো দালি মাখনি, বাটাৰ চিকেন, জিৰা আলু, কবিৰ তৰকাৰী আৰু ৰুটি খালোহেঁতেন। ধোনীয়ে কেৱল বাটাৰ চিকেনৰ জোলৰ সৈতেহে ৰুটি খাইছিল। মাংস খালে ৰুটি খোৱা নাছিল। খোৱাৰ ক্ষেত্ৰত অলপ অদ্ভুত আছিল। তেওঁৰ ইচ্ছা বা জোখতকৈ বেছি একো নাখাইছিল।’’

ভাৰতীয় দলৰ উপৰিও উথাপ্পাই ধোনিৰ সৈতে চেন্নাইৰ হৈও খেলিছিল। ধোনীতকৈ চাৰি বছৰ সৰু উথাপ্পা। তথাপিও ধোনিয়ে বন্ধুৰ দৰেই উথাপ্পাৰ লগত মিলি গ’ল। উথাপ্পাই কয়, "প্ৰথমবাৰ যেতিয়া চেন্নাইৰ হৈ খেলিছিলো, কেম্পলৈ গৈ দেখিছিলো সকলোৱে তেওঁক মাহী ভাই বুলি মাতিছে। ধোনীৰ ওচৰলৈ গৈ মই সুধিলোঁ যে তোমাক সকলোৱে মতাৰ দৰে মাহি ভাই বুলিয়ে মাতিম নে? উত্তৰত তেওঁ মোক ক’লে, ‘মোক যি মন যায় মাতা। এইবোৰ কথা মই নাভাবো। তই কেৱল মাহী বুলিয়ে মাত।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক