--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে ইনষ্টাগ্ৰাম পোষ্টত জোমাটোৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া দীপিন্দৰ গোৱেলে নিজৰ ফিটনেছ যাত্ৰাৰ এক দৃষ্টিভংগী শ্বেয়াৰ কৰে। তেওঁৰ পোষ্টটোত তেওঁ ২০১৯ আৰু ২০২৩ চনৰ আগৰ আৰু পাছৰ ছবি এখন শ্বেয়াৰ কৰিছিল, য’ত তেওঁৰ স্বাস্থ্যৰ পাৰ্থক্য প্ৰদৰ্শন কৰা হৈছে।

জোমাটোৰ প্ৰতিষ্ঠাপকগৰাকীয়ে পোষ্টটোৰ কেপচনত লিখিছে- "মোৰ ব্যক্তিগত ফিটনেছ যাত্ৰাৰ ওপৰত এক দৃষ্টি। ২০১৯ চনত, মহামাৰীৰ কেইমাহমান আগতে, মই মোৰ স্বাস্থ্যক মোৰ কামৰ সমান অগ্ৰাধিকাৰ হিচাপে ল'বলৈ আৰম্ভ কৰিলোঁ।বিশেষ একো কৰ নাই কিন্তু মাত্ৰ ধাৰাবাহিকতা বজাই ৰাখিলোঁ। ২০১৯ বনাম ২০২৩ চনৰ ফলাফলৰ এয়া হাইলাইট৷"

পোষ্টটোত ২০১৯ চনৰ আৰু আনখন ২০২৩ চনৰ পোষ্ট ইট নোটৰ ছবি আছিল, য’ত তেওঁৰ শৰীৰৰ ওজন, এল ডি এল কলেষ্টেৰলৰ মাত্ৰা, শৰীৰৰ চৰ্বিৰ শতাংশ আৰু তেজৰ গ্লুক’জৰ মাত্ৰা উল্লেখ কৰা হৈছিল।

চাৰি বছৰত তেওঁৰ ওজন ৮৭ কেজিৰ পৰা ৭২ কিলোগ্ৰামলৈ হ্ৰাস পোৱাৰ বিপৰীতে এল ডি এল কলেষ্ট’ৰল ১৬৫ ৰ পৰা ৫৫লৈ হ্ৰাস পায়৷দীপিন্দৰ গোৱালে উল্লেখ কৰিছে যে তেওঁৰ ওজন হ্ৰাসৰ ৰহস্য আছিল কেৱল স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰা, তেওঁৰ সূচীত ৱৰ্কআউট যোগ কৰা আৰু কনচিষ্টিং বজাই ৰখা।


দীপিন্দৰ গোৱালে তেওঁৰ ব্লগত কয় যে তেওঁ কাৰ্বহাইড্ৰেট গ্ৰহণৰ তথ্য অনুসৰণ কৰিবলৈ আৰম্ভ কৰিছিল, স্বাস্থ্যসন্মত খাদ্য খাইছিল আৰু নিয়মিতভাৱে ব্যায়াম কৰিছিল।তেওঁ লগতে শ্বেয়াৰ কৰে যে শাৰীৰিক স্বাস্থ্য, যিয়ে মানসিক স্বাস্থ্যও নিৰ্ধাৰণ কৰে, এজন উচ্চ প্ৰদৰ্শনকাৰী ব্যক্তিৰ আঁৰৰ এক গুৰুত্বপূৰ্ণ শক্তি।

ফিটনেছ যাত্ৰাৰ বিষয়ে শ্বেয়াৰ কৰাৰ অংশ হিচাপে চিইঅ'ই নতুন ধৰণৰ চিএফঅ' - মুখ্য ফিটনেছ বিষয়া নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে, যিয়ে "প্ৰশিক্ষক, পুষ্টিবিদ আৰু সুস্থ পৰামৰ্শদাতাৰ এটা ইন-হাউছ ৱেলনেছ দলৰ সৈতে" থাকিব।












FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
বাটতে ৰৈ আছিল যমদূত; ভয়ংকৰ পথ দুৰ্ঘটনাত পতি-পত্নী আৰু কণমানি দুই সন্তানৰ মৃত্যু
নাটকীয়ভাৱে দৃশ্যপট সলনি হৈছে বিহাৰৰ ৰাজনীতিত! ফাঁট মেলিছে শাসক মিত্রজোঁট NDAত
IPLৰ দল বৃদ্ধি নহয়; স্পষ্ট কৰিলে BCCIৰ সচিব দেৱজিৎ শইকীয়াই
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী