--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন ভাৰতীয় কিশোৰৰ প্ৰাপ্তিত সচকিত বিশ্ব৷কিশোৰজনৰ নাম ছিদাকদ্বীপ সিং চাহাল৷ উত্তৰ প্ৰদেশৰ ১৫ বছৰীয়া কিশোৰ ছিদাকদ্বীপ সিং চাহালে ১৩০ চেণ্টিমিটাৰ (প্ৰায় ৪ ফুট ৩ ইঞ্চি) দৈৰ্ঘ্যৰ চুলিৰে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিছে।

কেশসজ্জাৰ প্ৰতি চাহালৰ আছে বিশেষ দুৰ্বলতা, সেই বাবে চাহালে প্ৰতিদিনেই প্ৰায় এঘণ্টা সময় চুলি ধোৱা, শুকোৱা, ব্ৰাছ কৰা আদি কামত খৰচ কৰে তদুপৰি চাহালে গোটেই জীৱন কেতিয়াও চুলি কটা নাছিল।

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে কিশোৰগৰাকীৰ এই ভিডিঅ’টো  ‘এক্স’ত ১৪ ছেপ্তেম্বৰত পোষ্ট কৰিছিল।ভিডিঅ’টোত চাহালে নিজৰ অভিলেখৰ বিষয়ে সবিশেষ শ্বেয়াৰ কৰা দেখা গৈছে আৰু এই আকৰ্ষণীয় চুলিৰ দৈৰ্ঘ্যৰ লগত খাপ খুৱাই ৰখাৰ সৈতে তেওঁ কেনেদৰে মোকাবিলা কৰে সেই সম্পৰ্কেও সকলোকে অৱগত কৰা পৰিলক্ষিত হয়৷

চাহালে কয় যে ইমান দীঘল চুলি চম্ভালিবলৈ টান। ভিডিঅ’টোত তেওঁ লগতে কয়, ‘মা নহ’লে মোৰ এই অভিলেখ গঢ়িব পাৰিলোঁহেতেন বুলি মই নাভাবো।’

কিশোৰজনে লগতে শ্বেয়াৰ কৰিছিল যে “এটা সময়ত মই চুলি কটাৰ কথা ভাবিছিলোঁ।কিন্তু এতিয়া মই অনুভৱ কৰিছো যে চুলিখিনি মই যিজন, তাৰ এটা অংশ, আৰু মই ইয়াক এইদৰেই ৰখাৰ পৰিকল্পনা কৰিছো। অভিলেখধাৰী হিচাপে স্বীকৃতি পোৱাটোৱে মই কৰি অহা সকলো কামকে ন্যায্যতা প্ৰদান কৰিছে”৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা