--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  টিভিৰ এংকৰক বয়কট কৰাকলৈ এতিয়া বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ নেতাৰ মাজতে মতভেদে দেখা দিছে। দেশৰ ১৪গৰাকী  টিভি এংকৰক  বয়কট কৰিবলৈ ইণ্ডিয়া  মিত্ৰজোঁটে লোৱা এই সিদ্ধান্তক অৱশ্যে সকলোৱে  সমৰ্থন কৰা নাই। এনে সিদ্ধান্তক সমৰ্থন নকৰাসকলৰ ভিতৰত  বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰো আছে। কুমাৰে  স্পষ্ট কৰি দিছে যে তেওঁ ইণ্ডিয়াৰ এনে সিদ্ধান্ত সমৰ্থন নকৰে।ইণ্ডিয়া মিত্ৰজোঁটে এনে সিদ্ধান্ত গ্ৰহণ কৰাৰ বিষয়ে তেওঁ অৱগত নাছিল বুলিও কুমাৰে কয়।

ইণ্ডিয়া এলায়েন্সৰ প্ৰথম সমন্বয় বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে কিছুমান টিভি অনুষ্ঠানৰ এংকৰক  বৰ্জন কৰা হ'ব। টীম ইণ্ডিয়াৰ মতে এই এংকৰসকলে একপক্ষীয় ভাৱে প্ৰতিবেদন প্ৰকাশ কৰে  আৰু তেওঁলোকে সাম্প্ৰদায়িক বিভাজন সৃষ্টি কৰি আহিছে। বিৰোধী শিবিৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মুঠ ১৪ গৰাকী এংকৰে পৰিচালনা কৰা অনুষ্ঠানলৈ কোনো প্ৰতিনিধি প্ৰেৰণ নকৰাৰো সিদ্ধান্ত লৈছিল। 

ইণ্ডিয়া  মিত্ৰজোঁটৰ প্ৰচাৰ সমিতিক কোনটো টিভিৰ এংকৰক বয়কট  কৰা হ'ব সেই বিষয়ত সিদ্ধান্ত লোৱাৰ দায়িত্ব দিয়া হৈছিল। সমিতিৰ এজন সদস্য পৱন খেৰাই বৃহস্পতিবাৰে ১৪  জন এংকৰৰ  তালিকা প্ৰকাশ কৰিছিল।কিন্তু নীতিশ কুমাৰে কৈছে যে তেওঁ এনেধৰণৰ বৰ্জন সমৰ্থন নকৰে। তেওঁ সাংবাদিকৰ স্বাধীনতাত বিশ্বাস কৰে। "মই ইয়াৰ বিষয়ে একো নাজানো। মই সাংবাদিকৰ স্বাধীনতা খৰ্ব হোৱাটো নিবিচাৰো।

 যদিও সকলোৰে বাক স্বাধীনতা আছে, সাংবাদিকসকলৰো তেওঁলোকৰ নিজা ধৰণে লিখিবলৈ বা ক’বলৈ স্বাধীনতা থাকিব লাগে। তেওঁলোকৰ এই বিষয়ত অধিকাৰ আছে। মই কাৰো বিৰোধী নহয়। ’’ একে সময়তে নীতিশ কুমাৰে  কয়, "আমি সাংবাদিকসকলক নিয়ন্ত্ৰণ নকৰোঁ। কিছুমান সাংবাদিকক দিল্লীৰ পৰা নিয়ন্ত্ৰণ কৰা হয়। সম্ভৱতঃ এই সিদ্ধান্তটো সেই কথা  মনত ৰাখিয়েই লোৱা হৈছিল। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ