--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীস্থিত চাৰিটা নিউজ চেনেলৰ চাৰিজন সাংবাদিকলৈ চমন প্ৰেৰণ কৰিছে ঝাৰখণ্ড আৰক্ষীয়ে। ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে ইডিৰ বিষয়াৰ বিৰুদ্ধে দিয়া অভিযোগ সন্দৰ্ভত এই চমন প্ৰেৰণ কৰিছে।

দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ খবৰ অনুসৰি এই গোচৰটো অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি অত্যাচাৰ প্ৰতিৰোধ আইনৰ অধীনত পঞ্জীয়ন কৰা হৈছিল। ছোৰেনৰ দ্বাৰা অভিযোগত উল্লেখ কৰা হৈছিল যে ইডিয়ে ২৯ জানুৱাৰীত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ ঘৰত অভিযান চলাইছিল৷ য’ত একাংশ সংবাদ মাধ্যমে ছোৰেন আৰু তেওঁৰ সমাজৰ ভাবমূৰ্তি কলংকিত কৰিবলৈ তথা ছোৰেনক বদনাম কৰিবলৈ ইডিয়ে সংবাদ মাধ্যমক তদন্তৰ তথ্য দিছিল।

প্ৰতিবেদন অনুসৰি ৰাঁচীৰ এছ এছ পি চন্দন কুমাৰ সিন্‌হাই কয় যে ছোৰেনে চাৰিটা নিউজ চেনেল -- নিউজ ১৮, আজ টক, নিউজ ২৪ আৰু জি নিউজৰ চাৰিজন সাংবাদিকলৈ জেৰাৰ বাবে চমন প্ৰেৰণ কৰিছিল। অৱশ্যে চাৰিওজন সাংবাদিকেই ঝাৰখণ্ডলৈ যাবলৈ অস্বীকাৰ কৰে। ইয়াৰ পাছত ঝাৰখণ্ড আৰক্ষীয়ে দিল্লীলৈ গৈ সাংবাদিক কেইজনক জেৰা কৰিব।

জানিব পৰা মতে, এজাহাৰত হেমন্ত ছোৰেনে ইডিৰ অতিৰিক্ত সঞ্চালক কপিল ৰাজ, সহকাৰী সঞ্চালক দেৱব্ৰত ঝা, অনুমান কুমাৰ, অমন পেটেল আদি বিষয়াৰ নাম উল্লেখ কৰিছে। ইয়াৰ পাছত এই এফআইআৰৰ বিৰুদ্ধে এই বিষয়াসকলে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

উল্লেখ্য যে ৩১ জানুৱাৰীত ইডিয়ে ছোৰেনক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰৰ কিছু সময়ৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল ছোৰেনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক