--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশত কংগ্ৰেছৰ হ্ৰাস হোৱা নাই সমস্যা। কিছুদিন পূৰ্বে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথ আৰু তেওঁৰ পুত্ৰ নকুল নাথে দল ত্যাগ কৰাৰ জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। অৱশ্যে শেষত দুয়োজনে এই জল্পনা-কল্পনাক ভুৱা বুলি অভিহিত কৰম। কমলনাথে কংগ্ৰেছত আছিল আৰু কংগ্ৰেছত থাকিব বুলি স্পষ্ট কৰি দিয়ে। কিন্তু কমল নাথৰ দুৰ্গ ছিণ্ডৱাৰাত আকৌ এবাৰ কংগ্ৰেছৰ দুৰ্গ ভাঙিলে বিজেপিয়ে। কংগ্ৰেছৰ ‘হাত’ এৰি সাতজন কংগ্ৰেছৰ কাউন্সিলাৰে বিজেপিৰ শিবিৰত যোগদান কৰে।


লোকসভা নির্বাচনৰ পূর্বে মধ্য প্রদেশত পুনৰ ভাঙোনমুখী কংগ্রেছ৷ সূত্ৰ অনুসৰি কমল নাথৰ অতি ঘনিষ্ঠ সাতজন কাউন্সিলাৰ দল এৰি যোৱাত হতাশ হৈ পৰিছে স্থানীয় কংগ্ৰেছ নেতৃত্ব। মন কৰিবলগীয়া যে ২১ ফেব্ৰুৱাৰীত এই ছিণ্ডৱাৰাত প্ৰায় ১৫০০ কংগ্ৰেছ নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰিছিল। তেওঁলোকৰ যোগদান কাৰ্যসূচীত মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ উপস্থিত আছিল । কাৰ্যসূচীত মোহন লাল যাদৱে কয় যে ভৱিষ্যতে আৰু বহু কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰিব। বুধবাৰৰ যোগদান সেই ভৱিষ্যদ্বাণীক যেন সঁচা কৰি তুলিলে।


শেহতীয়াকৈ ৰাষ্ট্ৰীয় ৰাজনীতিত আটাইতকৈ ডাঙৰ চৰ্চা হৈছিল কমল নাথৰ দলৰ ত্যাগৰ বিষয়। ১৭ ফেব্ৰুৱাৰীত কমলনাথৰ পুত্ৰ নকুলনাথৰ নিজৰ এক্স হেণ্ডেল (পূৰ্বৰ টুইটাৰ)ৰ পৰা ‘কংগ্ৰেছ’ টেগ আঁতৰোৱাৰ পাছত এইবাৰ ছিণ্ডৱাৰাৰ কংগ্ৰেছৰ সাংসদগৰাকী আৰু তেওঁৰ পিতৃয়ে বিজেপিত যোগদান কৰিব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। সেই আশংকা কংগ্ৰেছৰ ভিতৰত আৰু অধিক শক্তিশালী হৈ উঠিল যেতিয়া সেইদিনা বিয়লি কমলনাথৰ দিল্লীত উপস্থিত হোৱাৰ পাছত হঠাতে কমল নাথৰ ঘৰত কেন্দ্ৰীয় নিৰাপত্তা বৃদ্ধি পালে। আনকি দিল্লীত থকা তেওঁৰ ঘৰৰ চাদত ‘জয় শ্ৰী ৰাম’ লিখা পতাকা এখনো উৰি আছিল। কিন্তু দুপৰীয়া পতাকাখন নমাই দিয়া হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক