--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশত কংগ্ৰেছৰ হ্ৰাস হোৱা নাই সমস্যা। কিছুদিন পূৰ্বে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথ আৰু তেওঁৰ পুত্ৰ নকুল নাথে দল ত্যাগ কৰাৰ জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। অৱশ্যে শেষত দুয়োজনে এই জল্পনা-কল্পনাক ভুৱা বুলি অভিহিত কৰম। কমলনাথে কংগ্ৰেছত আছিল আৰু কংগ্ৰেছত থাকিব বুলি স্পষ্ট কৰি দিয়ে। কিন্তু কমল নাথৰ দুৰ্গ ছিণ্ডৱাৰাত আকৌ এবাৰ কংগ্ৰেছৰ দুৰ্গ ভাঙিলে বিজেপিয়ে। কংগ্ৰেছৰ ‘হাত’ এৰি সাতজন কংগ্ৰেছৰ কাউন্সিলাৰে বিজেপিৰ শিবিৰত যোগদান কৰে।


লোকসভা নির্বাচনৰ পূর্বে মধ্য প্রদেশত পুনৰ ভাঙোনমুখী কংগ্রেছ৷ সূত্ৰ অনুসৰি কমল নাথৰ অতি ঘনিষ্ঠ সাতজন কাউন্সিলাৰ দল এৰি যোৱাত হতাশ হৈ পৰিছে স্থানীয় কংগ্ৰেছ নেতৃত্ব। মন কৰিবলগীয়া যে ২১ ফেব্ৰুৱাৰীত এই ছিণ্ডৱাৰাত প্ৰায় ১৫০০ কংগ্ৰেছ নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰিছিল। তেওঁলোকৰ যোগদান কাৰ্যসূচীত মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ উপস্থিত আছিল । কাৰ্যসূচীত মোহন লাল যাদৱে কয় যে ভৱিষ্যতে আৰু বহু কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰিব। বুধবাৰৰ যোগদান সেই ভৱিষ্যদ্বাণীক যেন সঁচা কৰি তুলিলে।


শেহতীয়াকৈ ৰাষ্ট্ৰীয় ৰাজনীতিত আটাইতকৈ ডাঙৰ চৰ্চা হৈছিল কমল নাথৰ দলৰ ত্যাগৰ বিষয়। ১৭ ফেব্ৰুৱাৰীত কমলনাথৰ পুত্ৰ নকুলনাথৰ নিজৰ এক্স হেণ্ডেল (পূৰ্বৰ টুইটাৰ)ৰ পৰা ‘কংগ্ৰেছ’ টেগ আঁতৰোৱাৰ পাছত এইবাৰ ছিণ্ডৱাৰাৰ কংগ্ৰেছৰ সাংসদগৰাকী আৰু তেওঁৰ পিতৃয়ে বিজেপিত যোগদান কৰিব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। সেই আশংকা কংগ্ৰেছৰ ভিতৰত আৰু অধিক শক্তিশালী হৈ উঠিল যেতিয়া সেইদিনা বিয়লি কমলনাথৰ দিল্লীত উপস্থিত হোৱাৰ পাছত হঠাতে কমল নাথৰ ঘৰত কেন্দ্ৰীয় নিৰাপত্তা বৃদ্ধি পালে। আনকি দিল্লীত থকা তেওঁৰ ঘৰৰ চাদত ‘জয় শ্ৰী ৰাম’ লিখা পতাকা এখনো উৰি আছিল। কিন্তু দুপৰীয়া পতাকাখন নমাই দিয়া হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা