--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (আই আই এছ চি) আৰু জাপানৰ নিগাটা বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে হিমালয়ত প্ৰায় ৬০ কোটি বছৰ পুৰণি সাগৰীয় পানী আৱিষ্কাৰ কৰিছে। সাগৰৰ পানীৰ এই টোপালবোৰ খনিজ আৱৰ্জনাৰ ভিতৰত আছিল বুলি  জানিব পৰা গৈছে৷

বাংগালুৰুস্থিত IISc-এ বৃহস্পতিবাৰে এক বিবৃতিত এই তথ্য প্ৰদান কৰে। উল্লেখ্য যে নমুনা সংগ্ৰহ কৰা স্থানত কেলচিয়াম আৰু মেগনেছিয়াম কাৰ্বনেট দুয়োটা আছিল বুলি বিজ্ঞানীসকলে জানিবলৈ দিছে৷

বিজ্ঞানীসকলে কয় যে জমা স্থানসমূহৰ বিশ্লেষণৰ ফলত দলটোৱে এনে সম্ভাৱ্য পৰিঘটনাৰ বিষয়ে অন্তৰ্দৃষ্টি লাভ কৰিছিল যিয়ে পৃথিৱীৰ ইতিহাসত এক বৃহৎ অক্সিজেনেচনৰ পৰিঘটনাৰ সূচনা কৰিলেহেঁতেন৷এই বিবৃতি অনুসৰি বিজ্ঞানীসকলৰ মতে ৭০০ৰ পৰা ৫০ কোটি বছৰৰ ভিতৰত পৃথিৱীখন বৰফৰ ডাঠ চাদৰেৰে আবৃত আছিল। ইয়াত কোৱা হৈছে যে ইয়াৰ পাছত পৃথিৱীৰ বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ বৃদ্ধি পাইছিল যাৰ ফলত জটিল জীৱৰ বিকাশ ঘটিছিল।

আই আই এছ চিয়ে কয় যে বিজ্ঞানীসকলে এতিয়ালৈকে সঠিকভাৱে বুজি পোৱা নাই যে ভালদৰে সংৰক্ষিত জীৱাশ্মৰ অভাৱ আৰু পৃথিৱীৰ ইতিহাসৰ সকলো প্ৰাচীন মহাসাগৰ নোহোৱা হোৱাৰ কাৰণ কি? হিমালয়ত এনে সাগৰীয় শিল বিচাৰি পালে হয়তো কিছু উত্তৰ পোৱা যাব বুলিও জানিবলৈ দিয়ে।

চেণ্টাৰ ফৰ আৰ্থ চাইন্সেছ (CEAS), IISc ৰ গৱেষক তথা ‘প্ৰিকেম্ব্ৰিয়ান ৰিচাৰ্চ’ নামৰ আলোচনীখনত প্ৰকাশিত এই অধ্যয়নৰ প্ৰথম লেখক প্ৰকাশ চন্দ্ৰ আৰ্যই কয় যে পুৰণি মহাসাগৰৰ বিষয়ে আমি বিশেষ একো নাজানো। বৰ্তমানৰ সাগৰবোৰৰ লগত তেওঁলোক কিমান মিল আছিল বা পৃথক আছিল? ইহঁত অধিক এচিডিক বা ক্ষাৰকীয়, পুষ্টিকৰ পদাৰ্থৰে সমৃদ্ধ আছিল নেকি, গৰম বা ঠাণ্ডা, ইহঁতৰ ৰাসায়নিক আৰু সমস্থানিক গঠন কি আছিল?’তদুপৰি ভৱিষ্যতে এনে বিশ্লেষণ পৃথিৱীৰ প্ৰাচীন জলবায়ুৰ বিষয়ে তথ্য লাভ কৰিব বুলি বিজ্ঞানীসকল আত্মবিশ্বাসী৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে