--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বয়স বঢ়াৰ লগে লগে ছালখনত বয়সৰ চাপ পৰিবলৈ আৰম্ভ কৰে। বয়সৰ লগে লগে ছালত পৰে বলিৰেখা। যিটো এৰাই চলাটো অতি কঠিন। কিন্তু আজিকালি বহুতে বিভিন্ন অস্ত্ৰোপচাৰ কৰি ছালৰ বয়স আঁতৰাই নিজৰ সৌন্দৰ্য্য বজাই ৰাখে। কিন্তু এইবোৰ বৰ ব্যয়বহুল। যিটো সকলোৰে বাবে সম্ভৱ নহয়।

বহুতে বছৰ বছৰ ধৰি নিজৰ সৌন্দৰ্য্য স্বাভাৱিকভাৱে ৰাখে। ইয়াৰে এগৰাকী হৈছে বলীউড আৰু হলীউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। তেওঁৰ ফিটনেছ আৰু সৌন্দৰ্য্যলৈ চালে কোনেও অনুমান কৰিব নোৱাৰিব যে তেওঁ ৪০ বছৰ বয়সত ভৰি দিলে। 

১৮ জুলাইত প্ৰিয়ংকাই ৪০ বছৰীয়া জন্মদিন উদযাপন কৰে। তেওঁৰ ফিটনেছ আৰু সৌন্দৰ্য্য আজিও যেন ২৫ বছৰীয়া যুৱতীৰ দৰে। কিন্তু এই সকলোবোৰৰ আঁৰৰ ৰহস্য কি? প্ৰিয়ংকাই ছালৰ যত্ন কেনেদৰে লয় আৰু বলিৰেখামুক্ত ছাল তেওঁ কেনেদৰে লাভ কৰিছে জানো আহক

প্ৰিয়ংকা চোপ্ৰাই নিজৰ সৌন্দৰ্যক লৈ কয় যে, ''ৰাতিপুৱা সাৰ পাই কফি খোৱাৰ অভ্যাস মোৰ নাই। মোৰ বিচনাৰ কাষত পানীৰে ভৰা তামৰ জাৰ এটা ৰাখোঁ। মই টোপনিৰ পৰা সাৰ পায়ে সেই পানী খাওঁ। তামৰ গিলাচত ৰখা পানী ৰোগ প্ৰতিৰোধ ক্ষমতা, হাড় আৰু স্নায়ুৰ বাবে উপকাৰী। পানী খোৱাৰ এঘণ্টা পিছত কফি খাওঁ।'' 

আনহাতে মেক-আপৰ বিষয়ে প্ৰিয়ংকাই কৈছিল- ''ফেচিয়েল মোৰ ভাল লাগে। ই ছাললৈ তেজৰ সোঁত বৃদ্ধি কৰে। সম্ভৱ হ’লে মাহত কমেও দুবাৰকৈ ফেচিয়েল কৰিবলৈ চেষ্টা কৰো। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ছালখন সুস্থ কৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণে পানী খোৱাৰ বিকল্প নাই। মোৰ বেগত সদায় পানীৰ বটল এটা থাকে।ইয়াৰ উপৰিও ছালখন সুস্থ কৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণে জিৰণি লোৱা আৰু ৭-৮ ঘণ্টা টোপনিও প্ৰয়োজনীয়।'' 

ছালত ৰাসায়নিক ভিত্তিক প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত প্ৰিয়ংকা অতি সাৱধান। ঘৰতে ভাল মাধ্যমৰ প্ৰসাধন আৰু বিভিন্ন প্ৰাকৃতিক বনৌষধি ব্যৱহাৰ কৰি তেওঁ নিজৰ ছালৰ যত্ন ল’বলৈ ভাল পায়।

যেনে, প্ৰিয়ংকাই ঘৰতে দৈ, তেতেলী আৰু অলপ হালধি মিহলাই ঘৰতে এটা ফেচ পেক বনাইছিল। এই পেকে ছালৰ মৃত কোষবোৰ সহজে আঁতৰাই পেলায়। ফলত ছালখন নিমিষতে উজ্জ্বল আৰু কোমল হৈ পৰে।

ইয়াৰ উপৰি ছালৰ যত্নৰ বাবে প্ৰিয়ংকাই নাৰিকল তেলো ব্যৱহাৰ কৰে। প্ৰিয়ংকাই কয় যে মেকআপ আঁতৰোৱাৰ সময়ত তেওঁ বেছিভাগ সময় নাৰিকল তেল ব্যৱহাৰ কৰে। ই ছালত জমা হোৱা মলি আঁতৰায়। ই ফোঁহা আৰু ব্ৰণৰ সমস্যাও কমায়।

প্ৰিয়ংকাই প্ৰতিদিনে পাকঘৰৰ আন এটা উপাদান ব্যৱহাৰ কৰে। আৰু সেইটো হ’ল বেচনৰ বেলেগ বেলেগ পেক। বেচনে ছালখন অকালতে বাৰ্ধক্য হোৱাত বাধা দিয়ে। লগতে ছালৰ শুকান ভাৱ দূৰ কৰে।

যিহেতু প্ৰিয়ংকাই নিয়মিতভাৱে গধুৰ মেকআপ কৰে, সেয়েহে ছালত ব্যৱহাৰ কৰাৰ আগতে তাৰ মানদণ্ড পৰীক্ষা কৰি লয়। এই সন্দৰ্ভত প্ৰিয়ংকাই কয়, ''সকলোৱে ৰাতি শুৱাৰ আগতে ছালৰ পৰা মেকআপ আঁতৰাই পেলাব লাগে। বিশেষকৈ কাজল লগাওঁতে অতি সাৱধান হওক যাতে চকুৰ পতাৰ ওপৰলৈ নাহে।''

মেকআপ আঁতৰোৱাৰ পিছত তেওঁ মৃদু ফেচৱাশ্বেৰে ছালখন পৰিষ্কাৰ কৰে। ছিৰাম, আই ক্ৰীম আৰু মইশ্ব’ৰাইজাৰ লগাই প্ৰিয়ংকা শুই পৰে।

প্ৰিয়ংকাই নিজৰ শৰীৰ আৰু ছালখন সুস্থ কৰি ৰাখিবলৈ নিয়মিত ধ্যান কৰিবলৈও নাপাহৰে। তেওঁ কৈছিল- ''ধ্যান কৰিলে আত্মবিশ্বাস বৃদ্ধি পায়। আত্মবিশ্বাস বাঢ়িলে আপুনি দেখিব যে আপুনি সুস্থ হৈ থকাৰ বাবে সকলো নিয়ম মানি চলিব পাৰিব।''

গতিকে প্ৰিয়ংকা চোপ্ৰাৰ দৰে হৈ থাকিবলৈ আপুনিও তেওঁ পালন কৰা নিয়মসমূহ পালন কৰিবলৈ যত্ন কৰক। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ