--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বয়স বঢ়াৰ লগে লগে ছালখনত বয়সৰ চাপ পৰিবলৈ আৰম্ভ কৰে। বয়সৰ লগে লগে ছালত পৰে বলিৰেখা। যিটো এৰাই চলাটো অতি কঠিন। কিন্তু আজিকালি বহুতে বিভিন্ন অস্ত্ৰোপচাৰ কৰি ছালৰ বয়স আঁতৰাই নিজৰ সৌন্দৰ্য্য বজাই ৰাখে। কিন্তু এইবোৰ বৰ ব্যয়বহুল। যিটো সকলোৰে বাবে সম্ভৱ নহয়।

বহুতে বছৰ বছৰ ধৰি নিজৰ সৌন্দৰ্য্য স্বাভাৱিকভাৱে ৰাখে। ইয়াৰে এগৰাকী হৈছে বলীউড আৰু হলীউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। তেওঁৰ ফিটনেছ আৰু সৌন্দৰ্য্যলৈ চালে কোনেও অনুমান কৰিব নোৱাৰিব যে তেওঁ ৪০ বছৰ বয়সত ভৰি দিলে। 

১৮ জুলাইত প্ৰিয়ংকাই ৪০ বছৰীয়া জন্মদিন উদযাপন কৰে। তেওঁৰ ফিটনেছ আৰু সৌন্দৰ্য্য আজিও যেন ২৫ বছৰীয়া যুৱতীৰ দৰে। কিন্তু এই সকলোবোৰৰ আঁৰৰ ৰহস্য কি? প্ৰিয়ংকাই ছালৰ যত্ন কেনেদৰে লয় আৰু বলিৰেখামুক্ত ছাল তেওঁ কেনেদৰে লাভ কৰিছে জানো আহক

প্ৰিয়ংকা চোপ্ৰাই নিজৰ সৌন্দৰ্যক লৈ কয় যে, ''ৰাতিপুৱা সাৰ পাই কফি খোৱাৰ অভ্যাস মোৰ নাই। মোৰ বিচনাৰ কাষত পানীৰে ভৰা তামৰ জাৰ এটা ৰাখোঁ। মই টোপনিৰ পৰা সাৰ পায়ে সেই পানী খাওঁ। তামৰ গিলাচত ৰখা পানী ৰোগ প্ৰতিৰোধ ক্ষমতা, হাড় আৰু স্নায়ুৰ বাবে উপকাৰী। পানী খোৱাৰ এঘণ্টা পিছত কফি খাওঁ।'' 

আনহাতে মেক-আপৰ বিষয়ে প্ৰিয়ংকাই কৈছিল- ''ফেচিয়েল মোৰ ভাল লাগে। ই ছাললৈ তেজৰ সোঁত বৃদ্ধি কৰে। সম্ভৱ হ’লে মাহত কমেও দুবাৰকৈ ফেচিয়েল কৰিবলৈ চেষ্টা কৰো। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ছালখন সুস্থ কৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণে পানী খোৱাৰ বিকল্প নাই। মোৰ বেগত সদায় পানীৰ বটল এটা থাকে।ইয়াৰ উপৰিও ছালখন সুস্থ কৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণে জিৰণি লোৱা আৰু ৭-৮ ঘণ্টা টোপনিও প্ৰয়োজনীয়।'' 

ছালত ৰাসায়নিক ভিত্তিক প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত প্ৰিয়ংকা অতি সাৱধান। ঘৰতে ভাল মাধ্যমৰ প্ৰসাধন আৰু বিভিন্ন প্ৰাকৃতিক বনৌষধি ব্যৱহাৰ কৰি তেওঁ নিজৰ ছালৰ যত্ন ল’বলৈ ভাল পায়।

যেনে, প্ৰিয়ংকাই ঘৰতে দৈ, তেতেলী আৰু অলপ হালধি মিহলাই ঘৰতে এটা ফেচ পেক বনাইছিল। এই পেকে ছালৰ মৃত কোষবোৰ সহজে আঁতৰাই পেলায়। ফলত ছালখন নিমিষতে উজ্জ্বল আৰু কোমল হৈ পৰে।

ইয়াৰ উপৰি ছালৰ যত্নৰ বাবে প্ৰিয়ংকাই নাৰিকল তেলো ব্যৱহাৰ কৰে। প্ৰিয়ংকাই কয় যে মেকআপ আঁতৰোৱাৰ সময়ত তেওঁ বেছিভাগ সময় নাৰিকল তেল ব্যৱহাৰ কৰে। ই ছালত জমা হোৱা মলি আঁতৰায়। ই ফোঁহা আৰু ব্ৰণৰ সমস্যাও কমায়।

প্ৰিয়ংকাই প্ৰতিদিনে পাকঘৰৰ আন এটা উপাদান ব্যৱহাৰ কৰে। আৰু সেইটো হ’ল বেচনৰ বেলেগ বেলেগ পেক। বেচনে ছালখন অকালতে বাৰ্ধক্য হোৱাত বাধা দিয়ে। লগতে ছালৰ শুকান ভাৱ দূৰ কৰে।

যিহেতু প্ৰিয়ংকাই নিয়মিতভাৱে গধুৰ মেকআপ কৰে, সেয়েহে ছালত ব্যৱহাৰ কৰাৰ আগতে তাৰ মানদণ্ড পৰীক্ষা কৰি লয়। এই সন্দৰ্ভত প্ৰিয়ংকাই কয়, ''সকলোৱে ৰাতি শুৱাৰ আগতে ছালৰ পৰা মেকআপ আঁতৰাই পেলাব লাগে। বিশেষকৈ কাজল লগাওঁতে অতি সাৱধান হওক যাতে চকুৰ পতাৰ ওপৰলৈ নাহে।''

মেকআপ আঁতৰোৱাৰ পিছত তেওঁ মৃদু ফেচৱাশ্বেৰে ছালখন পৰিষ্কাৰ কৰে। ছিৰাম, আই ক্ৰীম আৰু মইশ্ব’ৰাইজাৰ লগাই প্ৰিয়ংকা শুই পৰে।

প্ৰিয়ংকাই নিজৰ শৰীৰ আৰু ছালখন সুস্থ কৰি ৰাখিবলৈ নিয়মিত ধ্যান কৰিবলৈও নাপাহৰে। তেওঁ কৈছিল- ''ধ্যান কৰিলে আত্মবিশ্বাস বৃদ্ধি পায়। আত্মবিশ্বাস বাঢ়িলে আপুনি দেখিব যে আপুনি সুস্থ হৈ থকাৰ বাবে সকলো নিয়ম মানি চলিব পাৰিব।''

গতিকে প্ৰিয়ংকা চোপ্ৰাৰ দৰে হৈ থাকিবলৈ আপুনিও তেওঁ পালন কৰা নিয়মসমূহ পালন কৰিবলৈ যত্ন কৰক। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে