--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মগু দাইল খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। প্ৰটিনকে ধৰি এনে বহুতো পুষ্টিকৰ উপাদান প্ৰতি প্ৰকাৰৰ দাইলত পোৱা যায়। যিবোৰ শৰীৰৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। আনহাতে মগু দাইলত উপকাৰী আঁহ, প্ৰটিন, ভিটামিন, তাম, ফ’লেট, ভিটামিন চি, পটাছিয়াম আদি পোৱা যায়। ইয়াক সেৱন কৰিলে ৰক্তচাপ নিয়ন্ত্ৰণ হয়। কিন্তু আপুনি জানেনে যে মগু দাইল সেৱন কৰিলে একাংশ লোকৰ বাবে অতি ক্ষতিকাৰক। আমি ইয়াত ক’ম কোন কোন মানুহে মগু দাইল সেৱন কৰিব নালাগে।

এই লোকসকলে মগু দাইল খাব নালাগে

১)ব্লাড চুগাৰ কমঃ ব্লাড চুগাৰ কম হোৱাৰ সমস্যা হ’লে মগু দাইল খোৱাটো ক্ষতিকাৰক হ’ব পাৰে। এনে কিছুমান মৌল মগু দাইলত পোৱা যায়, যিবোৰে তেজৰ শৰ্কৰা কমোৱাৰ কাম কৰে। এনে অৱস্থাত ব্লাড চুগাৰৰ সমস্যাত ভুগি থকা লোকসকলে ইয়াক সেৱন কৰাৰ পৰা বিৰত থাকিব লাগে।

২)নিম্ন ৰক্তচাপঃ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে মগু দাইল সেৱন কৰাটো অতি উপকাৰী, কিন্তু যদি আপোনাৰ নিম্ন ৰক্তচাপৰ সমস্যা আছে, তেন্তে মগু দাইল খোৱাৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ সেৱন আপোনাৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

৩)উচ্চ ইউৰিক এচিডঃ শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হ’লে মগু দাইল খোৱাৰ পৰা বিৰত থাকিব লাগে। মগু দাইলত প্ৰ’টিন বেছি থাকে, যাৰ ফলত আপোনাৰ শৰীৰত ইউৰিক এচিডৰ মাত্ৰা আৰু বৃদ্ধি পাব পাৰে। সেয়ে উচ্চ ইউৰিক এচিডৰ সমস্যাত ভুগি থকা লোকসকলে মগু দাইল খোৱাৰ পৰা বিৰত থাকিব লাগে।

৪)কিডনীৰ পাথৰঃ কিডনী ষ্টোনৰ সমস্যাত খাদ্যৰ যত্ন নললে আপোনাৰ সমস্যা বাঢ়িব পাৰে।কিডনী ষ্টোন বা পাথৰত মগু দাইল অতিমাত্ৰা সেৱন কৰাটো অতি ক্ষতিকাৰক বুলি গণ্য কৰা হয়। ইয়াত প্ৰ’টিন আৰু অক্সালেট অধিক পৰিমাণে থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ