--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হালধিৰ উপকাৰিতাৰ বিষয়ে কোনেও অজ্ঞাত নহয়। চিকিৎসক আৰু বিশেষজ্ঞসকলে বিভিন্ন ধৰণৰ স্বাস্থ্যৰ উপকাৰিতাৰ বাবে হালধি ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে। ৰন্ধা-বঢ়াৰ পৰা আৰম্ভ কৰি স্বাস্থ্যজনিত বিভিন্ন ব্যৱস্থাত হাজাৰ হাজাৰ বছৰ ধৰি হালধি ব্যৱহাৰ হৈ আহিছে। কিন্তু এই হালধিয়ে কিমান স্বাস্থ্যকৰ (Turmeric Health Benefits)? সেইটো জানেনে?

 হালধিৰ উপকাৰিতা-

১. বিশেষজ্ঞসকলৰ মতে শৰীৰত হোৱা যিকোনো কটা ঘাঁ ভাল কৰিবলৈ হালধিৰ উপকাৰিতা বহুত। তদুপৰি ইয়াৰ সংমিশ্ৰণে বিভিন্ন ধৰণৰ হৃদৰোগ প্ৰতিৰোধ কৰাৰ লগতে বিভিন্ন জটিল ৰোগ নিৰাময় কৰাত ফলপ্ৰসূ।

 ২. মগজুৰ স্বাস্থ্যৰ বাবে হালধি অতি উপকাৰী। বিশেষজ্ঞসকলৰ মতে বিভিন্ন স্নায়ু ৰোগ নিৰাময়ত হালধি অতি ফলপ্ৰসূ।

 ৩. হালধিত থকা উপকাৰী উপাদানে হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰে। ইয়াৰ এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণে বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

 ৪. কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে হালধিয়ে।

 ৫. নিয়মীয়া খাদ্য তালিকাত হালধিৰ ব্যৱহাৰে এলঝেইমাৰ বা ডিমেনচিয়া ৰোগ প্ৰতিৰোধ কৰে। মগজুত সঠিক ৰক্ত সঞ্চালন বজাই ৰখাত সহায় কৰে।

 ৬. গাঁঠিৰ বিষ ৰোধ কৰে। বাতবিষ নিৰাময় কৰাত সহায় কৰে।

 ৭. বিশেষজ্ঞসকলৰ মতে হালধি কেন্সাৰ, এলঝেইমাৰ, হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰি দীৰ্ঘদিন জীয়াই থকাত সহায় কৰে।

 স্বাস্থ্য উপকাৰিতাৰ বাবে কিমান হালধি ব্যৱহাৰ কৰিব লাগে?

ৰন্ধা-বঢ়াৰ পৰা হোৱা স্বাস্থ্য উপকাৰিতাৰ বাবে বহুতে হালধি ব্যৱহাৰ কৰে। কিন্তু এই উপাদানটো কিমান স্বাস্থ্যকৰ সেই কথা বহুতে নাজানে। বিশেষজ্ঞসকলৰ মতে প্ৰতিদিনে ২০০০ৰ পৰা ২৫০০ মিলিগ্ৰাম হালধি সেৱন কৰিলে স্বাস্থ্য উপকাৰিতা আছে। বহুতো ৰোগ প্ৰতিৰোধ কৰে। কিন্তু যদি আপুনি কোনো গুৰুতৰ ৰোগত ভুগি আছে, তেন্তে হালধি ব্যৱহাৰ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লব লাগিব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
প্ৰাগজ্যোতি ITA চেণ্টাৰত ব্যতিক্ৰমৰ অনুষ্ঠান;'বিমূৰ্ত মোৰ নিশাটি'ৰে সুধাকণ্ঠলৈ বিশেষ শ্ৰদ্ধাঞ্জলি বি পাল্কীৰ
অসমৰ সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভড়ালীয়ে
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক