--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লেখক ৰবীন শৰ্মাৰ 'দ্যা মংক হু চল্ড হিজ ফেৰাৰী' গ্ৰন্থখন ১৯৯৯ চনত প্ৰকাশ পাইছিল। সমগ্ৰ বিশ্বতে কিতাপখন বিক্ৰী হৈছিল। এজন সফল উকীল ‘জুলিয়ান মেণ্টলে’ কেনেকৈ নিজৰ অট্টালিকা আৰু বিলাসী গাড়ী বিক্ৰী কৰি আধ্যাত্মিক জীৱনত প্ৰৱেশ কৰিলে সেয়াই আছিল কিতাপখনৰ বিষয়বস্তু।

‘দ্য মংক হু ছল্ড হিজ ফেৰাৰী’ৰ মূল চৰিত্ৰ জুলিয়ান আছিল কাল্পনিক। কিন্তু আজহান ছিৰিপানিঅ’ৰ কাহিনী বাস্তৱ। কাহিনীটোত জুলিয়ানৰ লগত অজাহানৰ বহু সাদৃশ্য আছে। মালয়েছিয়াৰ কোটিপতি আনন্দ কৃষ্ণনৰ একমাত্ৰ পুত্ৰ আজহান। বৰ্তমান মালয়েছিয়াৰ বাসিন্দা যদিও আনন্দৰ জন্ম হৈছিল তামিলনাডুত।

আনন্দৰ মালয়েছিয়াত এটা টেলিকম কোম্পানী আছে। মালয়েছিয়াৰ টেলিকম উদ্যোগৰ পৰিৱৰ্তনতো তেওঁ অৰিহণা যোগাইছে। টেলিকম কোম্পানীৰ উপৰিও আনন্দৰ সংবাদ মাধ্যম, প্ৰাকৃতিক তেল আৰু গেছ, নিৰ্মাণ ব্যৱসায়, উপগ্ৰহৰ উপাদান নিৰ্মাণ কোম্পানী আদিতো বিনিয়োগ আছে। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৪০ হাজাৰ কোটি।

তেওঁৰ একমাত্ৰ পুত্ৰ অজাহানে আনন্দৰ বিশাল ধন-সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল। কিন্তু পিতৃয়ে সৃষ্টি কৰা এই বিশাল সাম্ৰাজ্যত আজহানৰ কোনো হৃদয় নাই। তেওঁ আধ্যাত্মিকতাৰ এক সূক্ষ্ম স্তৰত অস্তিত্ব ৰক্ষা কৰিব বিচাৰে।

গতিকে দেউতাকৰ ধন-সম্পত্তিক আওকাণ কৰি অজাহানে সন্ন্যাসী হ’বলৈ আগবাঢ়ি আহিল। এজন বৌদ্ধ সন্ন্যাসীৰ জীৱন বাছি লয়। আজাহানৰ বৌদ্ধ সন্ন্যাসী হোৱাৰ সিদ্ধান্তৰ বাটত দেউতাক আনন্দ বাধাৰ প্ৰাচীৰ হোৱা নাছিল। বৰঞ্চ তেওঁৱেই নিজৰ পুত্ৰক আটাইতকৈ বেছি উৎসাহিত কৰিছিল।

অজাহানৰ বৌদ্ধ ধৰ্মৰ বিশ্বাসৰ অন্যতম কাৰণ হৈছে তেওঁৰ পিতৃ। আনন্দ এজন নিষ্ঠাবান প্ৰাণ বৌদ্ধ ধৰ্মাৱলম্বী। দেশ-বিদেশৰ বিভিন্ন বেচৰকাৰী সংস্থালৈ দান-বৰঙণি আগবঢ়োৱাৰ ক্ষেত্ৰতো তেওঁৰ সুনাম আছে। গতিকে তেওঁৰ পুত্ৰই লৌকিক ধনৰ ভ্ৰম ত্যাগ কৰি কঠিন জীৱন যাপন কৰিবলৈ বাছি লৈছে বুলি তেওঁ শুনিবলৈ থমকি ৰোৱা নাছিল। কিন্তু আজাহানে কিয় বিলাসী জীৱন ত্যাগ কৰি বৌদ্ধ সন্ন্যাসী হোৱাৰ সিদ্ধান্ত লৈছিল সেই বিষয়ে তেওঁ কেতিয়াও একো কোৱা নাছিল।

দুটা দশকৰো অধিক সময় ধৰি অজাহানে বৌদ্ধ সন্ন্যাসী হিচাপে জীৱন নিৰ্বাহ কৰি আহিছে। বৰ্তমান তেওঁ থাইলেণ্ডৰ ডাটা ডেম মঠত বাস কৰে। ভিক্ষাৰ পৰা পোৱা সামান্য উপাৰ্জনেৰেই তেওঁ বিলাসী জীৱন যাপন কৰে। আনন্দৰ প্ৰথম সন্তান আজহান। খবৰ অনুসৰি আজহানৰ জন্মদাতা মাতৃ থাইলেণ্ডৰ ৰাজপৰিয়ালৰ সদস্য। আজহানৰ শৰীৰত ৰাজবংশৰ তেজ বৈ আছে।

বৰ্তমান থাইলেণ্ডৰ এটা মঠত বৌদ্ধ সন্ন্যাসী হিচাপে থাকিলেও আজহানে ব্ৰিটেইনত ডাঙৰ-দীঘল হৈছিল। তাতেই দুগৰাকী ভনীয়েকৰ লগত ডাঙৰ-দীঘল হৈছিল। আজহান বিভিন্ন ভাষাত পাকৈত। তেওঁ মুঠ আঠটা ভাষা অৰ্জন কৰিছে। আজহানৰ জীৱন কাহিনীয়ে বহু যুৱক-যুৱতীক অনুপ্ৰাণিত কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস