--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জন্মৰ পৰাই পৃথিৱীখন বিভিন্ন ৰহস্যৰে আগুৰি আছে। পৃথিৱীত এনে কিছুমান ৰহস্যও আছে যাৰ উত্তৰ আজিলৈকে পোৱা নাই। তেনে এক ৰহস্য হ’ল ‘টিলটেপেক’ গাঁও।

মেক্সিকোৰ এই ৰহস্যময় গাঁওখনৰ আন এটা নাম হৈছে ‘ভিলেজ অৱ ব্লাইণ্ড’। অৰ্থাৎ ‘অন্ধৰ গাঁও’। 'টিলটেপেক' গাঁৱৰ মানুহৰ পৰা আৰম্ভ কৰি গৰু, বনৰীয়া জন্তু, এই গাঁৱত বাস কৰা প্ৰতিটো জীৱ-জন্তু অন্ধ।

বিশ্বাস কৰিবলৈ টান যে ‘টিলটেপেক’ গাঁওখনৰ প্ৰতিটো মানুহ আৰু জন্তু অন্ধ। মেক্সিকোৰ গভীৰ জংঘলৰ এই সৰু গাঁওখনত ‘জাপোটেক’ প্ৰজাতিৰ বাসস্থান। এই গাঁওখনত ৩০০ৰো অধিক জাপোটেক পৰিয়াল বাস কৰে।

মেক্সিকোৰ জংঘলৰ গভীৰতম ‘টিলটেপেক’ গাঁওখন। সভ্যতা আৰু উন্নয়নৰ পৰা বহু দূৰত। এই গাঁৱৰ বাসিন্দাসকলে মূলতঃ বাজৰা, বীন আৰু মৰিচা খাই জীৱন নিৰ্বাহ কৰে। জাপোটেক মানুহেও বহুত মদ খায়। মদ খোৱা আৰু জুইৰ চাৰিওফালে নাচি থকা এই গাঁৱৰ অন্যতম উৎসৱ।

টিলটেপেক গাঁওখনত প্ৰায় ৭০টা জুপুৰি আছে। কিন্তু কোনো এটা কোঠাতে দুৱাৰ-খিৰিকী নাই। এই গাঁৱত জন্ম হোৱা সকলো শিশুৱেই প্ৰথম অৱস্থাত পাঁচটা শিশুৰ দৰে সুস্থ আৰু সবল। কিন্তু অদ্ভুত ধৰণে এসপ্তাহৰ ভিতৰতে তেওঁলোকৰ দৃষ্টিশক্তি হেৰুৱাই পেলায়।

এই অঞ্চলৰ বাসিন্দাসকলৰ মতে এই গাঁৱত চৰাই উৰিব নোৱাৰে। তেওঁলোকে দাবী কৰে যে এই গাঁৱৰ ওপৰেৰে উৰি থাকোঁতে অন্ধ হৈ ডাঙৰ গছত খুন্দা মাৰি তাতেই মৃত্যুমুখত পৰে।

কিন্তু এই গাঁৱৰ জন্তুবোৰে কিয় দেখা নাপায়? মেক্সিকোৰ স্থানীয় প্ৰশাসন আৰু বিজ্ঞানীসকলে টিলটেপেকৰ বাসিন্দাসকলে কিয় দৃষ্টিশক্তি হেৰুৱায় তাৰ তদন্ত আৰম্ভ কৰিলে। গাওঁবাসীৰ মতে এই গাঁৱৰ সকলো জীৱ-জন্তু এজোপা অভিশপ্ত গছৰ বাবেই অন্ধ।

স্থানীয় ৰাইজৰ মতে, ‘লাভেজুয়েলা’ নামৰ গছ এজোপা টিলটেপেকবাসীৰ অন্ধতাৰ কাৰণ। যদিও বিজ্ঞানীসকলে এই গছৰ অস্তিত্ব এতিয়াও বিচাৰি পোৱা নাই। অৱশ্যে স্থানীয় ৰাইজে দাবী কৰিছে যে গছজোপা গাঁৱত আছে। সেই গছৰ অভিশাপৰ বাবেই গাঁৱৰ মানুহৰ অৱস্থা।

টিলটেপেক গাঁৱৰ বাসিন্দাসকলৰ অন্ধতাৰ আঁৰত আছে ‘ব্লেক ফ্লাই’ নামৰ বিষাক্ত এবিধ মাখি। বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে যে মেক্সিকোৰ ডাঠ জংঘলত প্ৰচুৰ পৰিমাণে ক’লা মাখি আছে। যিটো টিলটেপেক গাঁৱত প্ৰচুৰ পৰিমাণে দেখা যায়।

এই বিষাক্ত মাখিৰ কামোৰে সমগ্ৰ শৰীৰত বীজাণু বিয়পাই দিয়ে। বীজাণুৰ প্ৰভাৱ ইমানেই বেছি যে ই প্ৰত্যক্ষভাৱে চকুৰ স্নায়ুত প্ৰভাৱ পেলায়। কিন্তু ইয়াৰ বিৰোধী মতো আছে।

যেতিয়া মেক্সিকান চৰকাৰে প্ৰথমবাৰৰ বাবে টিলটেপেকৰ বিষয়ে গম পাইছিল, তেতিয়া গাঁৱৰ মানুহখিনিক আন ঠাইলৈ লৈ যোৱা হৈছিল। কিন্তু জলবায়ু পৰিৱৰ্তনৰ বাবে বহু গাঁওবাসী অসুস্থ হৈ পৰিল। কেইবাজনো লোকৰ মৃত্যু হয়। ইয়াৰ পিছত তেওঁলোকক পুনৰ টিলটেপেলৈ অনা হ’ল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস