--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কি যে আজৱ ঘটনা! সাত বছৰ পূৰ্বে মন্দিৰৰ চিৰিৰ পৰা চুৰি হৈছিল জোতা৷ সাত বছৰ পাছত আৰক্ষী থানাৰ পৰা গৰাকীলৈ ফোন- আপোনাৰ জোতাযোৰ পোৱা গৈছে, আপুনি আহক আৰু লৈ যাওক৷

প্ৰায় ৪০০ কিলোমিটাৰ ভ্ৰমণ কৰাৰ পাছত এজন ভক্তই কৃষ্ণৰ মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল। বাহিৰলৈ ওলাই আহি তেওঁ দেখে যে তেওঁৰ জোতাযোৰ হেৰাইছে। পৰৱৰ্তী সময়ত ভুক্তভোগীগৰাকীয়ে জোতা চুৰিৰ অভিযোগ দাখিল কৰিছিল আৰক্ষী চকীত৷ তাৰ পাছত সময় বাগৰিল৷ 

সাত বছৰৰ পাছত মানুহজনে আৰক্ষীৰ পৰা এটা ফোনকল পাইছিল। আৰক্ষী থানাৰ পৰা তেওঁক থানালৈ আহি জোতাবোৰ চিনাক্ত কৰিবলৈ কৈছিল।

ঘটনাটো ৰাজস্থানৰ চিতোৰগড়ৰ। তাত এটা বিখ্যাত মন্দিৰ আছে। সাৱাৰীয়া শেঠ মন্দিৰ। মানুহে দূৰদূৰণিৰ পৰা ভ্ৰমণ কৰিবলৈ যায়। মধ্য প্ৰদেশৰ শিৱপুৰীত বাস কৰা মহেন্দ্ৰ কুমাৰ দুবেয়েও দৰ্শন কৰিছিল মন্দিৰটো৷ ২০১৭ৰ ১৪ জানুৱাৰীত তেওঁ মন্দিৰটোত উপস্থিত হৈছিল। তাতেই তেওঁৰ জোতা চুৰি হৈছিল। মহেন্দ্ৰই মানসফিয়া আৰক্ষী থানাত চুৰিকাৰ্যৰ লিখিত অভিযোগ দাখিল কৰিছিল। জোতাযোৰ বিচাৰি নাপায় মহেন্দ্ৰ ঘৰলৈ উভতি আহিছিল।

এতিয়া মহেন্দ্ৰ দুবে জোতাযোৰ ঘূৰাই আনিবলৈ ইমানদূৰ যাবনে নাই সেই বিষয়ে দ্বিধাগ্ৰস্ততাত আছে। তেওঁ কয় যে জোতাৰ মূল্যতকৈ যাতায়াতৰ বাবে অধিক ধন ব্যয় কৰা হ’ব। উদ্ধাৰ হোৱা জোতাবোৰত তেওঁৰ নিজৰ জোতাযোৰ থাকেনে নাই তাৰো কোনো নিশ্চয়তা নাই৷ 

মহেন্দ্ৰই আৰক্ষীজনক জোতাৰ ফটোবোৰ প্ৰেৰণ কৰিবলৈও কৈছিল, কিন্তু তেওঁক কোৱা হৈছিল যে তেওঁ আৰক্ষী চকীলৈ আহিহে তেওঁক চিনাক্ত কৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল