--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কি যে আজৱ ঘটনা! সাত বছৰ পূৰ্বে মন্দিৰৰ চিৰিৰ পৰা চুৰি হৈছিল জোতা৷ সাত বছৰ পাছত আৰক্ষী থানাৰ পৰা গৰাকীলৈ ফোন- আপোনাৰ জোতাযোৰ পোৱা গৈছে, আপুনি আহক আৰু লৈ যাওক৷

প্ৰায় ৪০০ কিলোমিটাৰ ভ্ৰমণ কৰাৰ পাছত এজন ভক্তই কৃষ্ণৰ মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল। বাহিৰলৈ ওলাই আহি তেওঁ দেখে যে তেওঁৰ জোতাযোৰ হেৰাইছে। পৰৱৰ্তী সময়ত ভুক্তভোগীগৰাকীয়ে জোতা চুৰিৰ অভিযোগ দাখিল কৰিছিল আৰক্ষী চকীত৷ তাৰ পাছত সময় বাগৰিল৷ 

সাত বছৰৰ পাছত মানুহজনে আৰক্ষীৰ পৰা এটা ফোনকল পাইছিল। আৰক্ষী থানাৰ পৰা তেওঁক থানালৈ আহি জোতাবোৰ চিনাক্ত কৰিবলৈ কৈছিল।

ঘটনাটো ৰাজস্থানৰ চিতোৰগড়ৰ। তাত এটা বিখ্যাত মন্দিৰ আছে। সাৱাৰীয়া শেঠ মন্দিৰ। মানুহে দূৰদূৰণিৰ পৰা ভ্ৰমণ কৰিবলৈ যায়। মধ্য প্ৰদেশৰ শিৱপুৰীত বাস কৰা মহেন্দ্ৰ কুমাৰ দুবেয়েও দৰ্শন কৰিছিল মন্দিৰটো৷ ২০১৭ৰ ১৪ জানুৱাৰীত তেওঁ মন্দিৰটোত উপস্থিত হৈছিল। তাতেই তেওঁৰ জোতা চুৰি হৈছিল। মহেন্দ্ৰই মানসফিয়া আৰক্ষী থানাত চুৰিকাৰ্যৰ লিখিত অভিযোগ দাখিল কৰিছিল। জোতাযোৰ বিচাৰি নাপায় মহেন্দ্ৰ ঘৰলৈ উভতি আহিছিল।

এতিয়া মহেন্দ্ৰ দুবে জোতাযোৰ ঘূৰাই আনিবলৈ ইমানদূৰ যাবনে নাই সেই বিষয়ে দ্বিধাগ্ৰস্ততাত আছে। তেওঁ কয় যে জোতাৰ মূল্যতকৈ যাতায়াতৰ বাবে অধিক ধন ব্যয় কৰা হ’ব। উদ্ধাৰ হোৱা জোতাবোৰত তেওঁৰ নিজৰ জোতাযোৰ থাকেনে নাই তাৰো কোনো নিশ্চয়তা নাই৷ 

মহেন্দ্ৰই আৰক্ষীজনক জোতাৰ ফটোবোৰ প্ৰেৰণ কৰিবলৈও কৈছিল, কিন্তু তেওঁক কোৱা হৈছিল যে তেওঁ আৰক্ষী চকীলৈ আহিহে তেওঁক চিনাক্ত কৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা