--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা মণিপুৰ হিংসাৰ ১১ টা নিৰ্দিষ্ট  গোচৰৰ তদন্তৰ বাবে দুগৰাকী মহিলাসহ তিনিজন আইপিএছ বিষয়া আৰু দিল্লী আৰক্ষীৰ এজন পৰিদৰ্শকক কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ৰ সৈতে সংযুক্ত কৰা হৈছে। দিল্লী আৰক্ষীৰ এজন বিষয়াই প্ৰকাশ কৰা মতে কেইদিনমান আগতে গৃহ মন্ত্ৰালয়ে দিল্লীৰ আৰক্ষী আয়ুক্ত সঞ্জয় অৰোৰাক মণিপুৰৰ হিংসাৰ ঘটনাৰ তদন্তৰ বাবে তিনিজন বিষয়া নিয়োগ কৰিবলৈ কৈছিল। 

তেওঁ কয় " প্ৰথম বাৰৰ বাবে  দিল্লী আৰক্ষীৰ বিষয়াসকলক কোনো এটা গোচৰৰ তদন্তৰ বাবে আন অনুসন্ধান সংস্থাৰ সৈতে সংলগ্ন কৰা হৈছে। সাধাৰণতে, দিল্লী আৰক্ষীয়ে সন্ত্ৰাসবাদ সম্পৰ্কীয় গোচৰত অন্যান্য চোৰাংচোৱা সংস্থাৰ সৈতে যুটীয়া অভিযান চলায়," ।

 ১৩ ছেপ্টেম্বৰত এই সন্দৰ্ভত  চিবিআই সঞ্চালকলৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছিল।  
আৰক্ষী আয়ুক্ত (আৰক্ষী মুখ্য কাৰ্যালয়) পি কে মিশ্ৰই কয় যে  গৃহ মন্ত্ৰালয়ৰ ১৮ আগষ্টৰ পত্ৰত তেোঁক   নিৰ্দেশ দিয়া হৈছিল যে  চাৰিজন বিষয়া – শ্বেতা চৌহান আৰু এষা পাণ্ডে – দুয়োজন ২০১০ বেচৰ আইপিএছ বিষয়া, ২০১১  বেচৰ আইপিএছ; হৰেন্দ্ৰ কুমাৰ সিং আৰু পৰিদৰ্শক প্ৰবীণ কুমাৰক দিল্লী আৰক্ষীয়ে মনোনীত কৰিছে আৰু মণিপুৰ হিংসা সম্পৰ্কীয় এজাহাৰৰ তদন্তৰ উদ্দেশ্যে তেওঁলোকক  চিবিআইৰ সৈতে সংযুক্ত কৰা হৈছে।  

আইপিএছ চৌহান  দিল্লীৰ প্ৰথম মহিলা আৰক্ষী উপায়ুক্ত (ডিচিপি) আছিল আৰু প্ৰাক্তন আৰক্ষী আয়ুক্ত ৰাকেশ আস্থানাই তেওঁক নিযুক্তি দিছিল। ফেব্ৰুৱাৰীত তেওঁক কেন্দ্ৰীয় জিলাৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ জি-২০ চেলৰ মুৰব্বী হিচাবে  স্থানান্তৰ কৰা হয়। ২০১৫ চনত অতিৰিক্ত ডিচিপি  হিচাপে চৌহানে কাৰ্যনিৰ্বাহ কৰিছিল।   আইপিএছ পাণ্ডে ডিচিপি (দক্ষিণ-পূব জিলা) আছিল। তেওঁৰ দিনতে  পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (পিএফআই) বিৰুদ্ধে দেশজুৰি অভিযান আৰম্ভ কৰা হৈছিল আৰু ২০১৮ চনত পিএফআইৰ বিৰুদ্ধে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত গোচৰ ৰুজু হোৱাৰ সময়ত তেওঁ তদন্তৰ নেতৃত্ব দি আছিল।  আইপিএছ সিঙক অতিৰিক্ত ডিচিপি (উত্তৰ জিলা) হিচাপে নিযুক্তি দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা