--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা মণিপুৰ হিংসাৰ ১১ টা নিৰ্দিষ্ট  গোচৰৰ তদন্তৰ বাবে দুগৰাকী মহিলাসহ তিনিজন আইপিএছ বিষয়া আৰু দিল্লী আৰক্ষীৰ এজন পৰিদৰ্শকক কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ৰ সৈতে সংযুক্ত কৰা হৈছে। দিল্লী আৰক্ষীৰ এজন বিষয়াই প্ৰকাশ কৰা মতে কেইদিনমান আগতে গৃহ মন্ত্ৰালয়ে দিল্লীৰ আৰক্ষী আয়ুক্ত সঞ্জয় অৰোৰাক মণিপুৰৰ হিংসাৰ ঘটনাৰ তদন্তৰ বাবে তিনিজন বিষয়া নিয়োগ কৰিবলৈ কৈছিল। 

তেওঁ কয় " প্ৰথম বাৰৰ বাবে  দিল্লী আৰক্ষীৰ বিষয়াসকলক কোনো এটা গোচৰৰ তদন্তৰ বাবে আন অনুসন্ধান সংস্থাৰ সৈতে সংলগ্ন কৰা হৈছে। সাধাৰণতে, দিল্লী আৰক্ষীয়ে সন্ত্ৰাসবাদ সম্পৰ্কীয় গোচৰত অন্যান্য চোৰাংচোৱা সংস্থাৰ সৈতে যুটীয়া অভিযান চলায়," ।

 ১৩ ছেপ্টেম্বৰত এই সন্দৰ্ভত  চিবিআই সঞ্চালকলৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছিল।  
আৰক্ষী আয়ুক্ত (আৰক্ষী মুখ্য কাৰ্যালয়) পি কে মিশ্ৰই কয় যে  গৃহ মন্ত্ৰালয়ৰ ১৮ আগষ্টৰ পত্ৰত তেোঁক   নিৰ্দেশ দিয়া হৈছিল যে  চাৰিজন বিষয়া – শ্বেতা চৌহান আৰু এষা পাণ্ডে – দুয়োজন ২০১০ বেচৰ আইপিএছ বিষয়া, ২০১১  বেচৰ আইপিএছ; হৰেন্দ্ৰ কুমাৰ সিং আৰু পৰিদৰ্শক প্ৰবীণ কুমাৰক দিল্লী আৰক্ষীয়ে মনোনীত কৰিছে আৰু মণিপুৰ হিংসা সম্পৰ্কীয় এজাহাৰৰ তদন্তৰ উদ্দেশ্যে তেওঁলোকক  চিবিআইৰ সৈতে সংযুক্ত কৰা হৈছে।  

আইপিএছ চৌহান  দিল্লীৰ প্ৰথম মহিলা আৰক্ষী উপায়ুক্ত (ডিচিপি) আছিল আৰু প্ৰাক্তন আৰক্ষী আয়ুক্ত ৰাকেশ আস্থানাই তেওঁক নিযুক্তি দিছিল। ফেব্ৰুৱাৰীত তেওঁক কেন্দ্ৰীয় জিলাৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ জি-২০ চেলৰ মুৰব্বী হিচাবে  স্থানান্তৰ কৰা হয়। ২০১৫ চনত অতিৰিক্ত ডিচিপি  হিচাপে চৌহানে কাৰ্যনিৰ্বাহ কৰিছিল।   আইপিএছ পাণ্ডে ডিচিপি (দক্ষিণ-পূব জিলা) আছিল। তেওঁৰ দিনতে  পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (পিএফআই) বিৰুদ্ধে দেশজুৰি অভিযান আৰম্ভ কৰা হৈছিল আৰু ২০১৮ চনত পিএফআইৰ বিৰুদ্ধে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত গোচৰ ৰুজু হোৱাৰ সময়ত তেওঁ তদন্তৰ নেতৃত্ব দি আছিল।  আইপিএছ সিঙক অতিৰিক্ত ডিচিপি (উত্তৰ জিলা) হিচাপে নিযুক্তি দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল