--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টকা চুৰি কৰাৰ অভিযোগত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীক  হোষ্টেলৰ অধীক্ষকে   জোতাৰ মালা পিন্ধাই  হোষ্টেল পৰিভ্ৰমণ কৰোৱাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  ঘটনাটো ঘটিছে  মধ্য প্ৰদেশৰ বেতুলত । ঘটনাটো পোহৰলৈ অহাৰ লগে লগে জিলা প্ৰশাসনে তদন্তৰ নিৰ্দেশ দিছে।বেতুল জিলাৰ দামজিপুৰা গাঁৱত আদিবাসী ছোৱালীৰ বাবে থকা এটা চৰকাৰী  হোষ্টেলত এনে ঘটনা ঘটাৰ  অভিযোগ উত্থাপন কৰা হৈছে।

 হোষ্টেলৰ এগৰাকী ছাত্ৰীৰ বিৰুদ্ধে   ৪০০ টকাচুৰি কৰাৰ অভিযোগ উঠিছিল। পঞ্চম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ বিৰুদ্ধে  হোষ্টেল অধীক্ষকৰ ওচৰত এটা অভিযোগ দাখিল কৰা হৈছিল।

অভিযোগ পোৱাৰ পিছত অধীক্ষকে  ছাত্ৰীৰাকীক মতাই নিছিল। তেওঁৰ মুখত ক’লা ৰং সানি দিয়া হৈছিল।  কেৱল সেয়াই নহয়, হোষ্টেলৰ চুপাৰজনে তেওঁক জোতাৰ মালা পিন্ধাইগোটেই হোষ্টেলত ঘূৰাইছিল।  ছোৱালীজনীয়ে তেওঁৰ দেউতাকক ঘটনাটোৰ বিষয়ে কৈছিল। 

তাৰ পিছত ছাত্ৰীগৰাকীৰ পিতৃয়ে  জিলা দণ্ডাধীশ অমৰবীৰ সিঙক লগ কৰিছিল আৰু অধীক্ষকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। অভিযোগ পোৱাৰ পিছত জিলা দণ্ডাধীশে ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়ে। ছোৱালীজনীৰ দেউতাকে কয়  যে ঘটনাটোৰ পিছৰে পৰা তেওঁৰ ছোৱালী আতংকিত হৈ আছে। তেওঁ হোষ্টেলত থাকিব বিচৰা নাই।

জনজাতীয় পৰিক্ৰমা বিভাগৰ সহকাৰী আয়ুক্ত শিল্পা জৈনে হোষ্টেলৰ ঘটনাটোৰ বিষয়ে জানিব পাৰি অধীক্ষকগৰাকীক  পদৰ পৰা আঁতৰাই দিয়া দিছে।  যদি ঘটনাটোত যদি  আন কোনো লোক জড়িত থাকে তেন্তে  তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা লোৱা হ'ব বুলি  জৈনে কৈছে। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক