--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টকা চুৰি কৰাৰ অভিযোগত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীক  হোষ্টেলৰ অধীক্ষকে   জোতাৰ মালা পিন্ধাই  হোষ্টেল পৰিভ্ৰমণ কৰোৱাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  ঘটনাটো ঘটিছে  মধ্য প্ৰদেশৰ বেতুলত । ঘটনাটো পোহৰলৈ অহাৰ লগে লগে জিলা প্ৰশাসনে তদন্তৰ নিৰ্দেশ দিছে।বেতুল জিলাৰ দামজিপুৰা গাঁৱত আদিবাসী ছোৱালীৰ বাবে থকা এটা চৰকাৰী  হোষ্টেলত এনে ঘটনা ঘটাৰ  অভিযোগ উত্থাপন কৰা হৈছে।

 হোষ্টেলৰ এগৰাকী ছাত্ৰীৰ বিৰুদ্ধে   ৪০০ টকাচুৰি কৰাৰ অভিযোগ উঠিছিল। পঞ্চম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ বিৰুদ্ধে  হোষ্টেল অধীক্ষকৰ ওচৰত এটা অভিযোগ দাখিল কৰা হৈছিল।

অভিযোগ পোৱাৰ পিছত অধীক্ষকে  ছাত্ৰীৰাকীক মতাই নিছিল। তেওঁৰ মুখত ক’লা ৰং সানি দিয়া হৈছিল।  কেৱল সেয়াই নহয়, হোষ্টেলৰ চুপাৰজনে তেওঁক জোতাৰ মালা পিন্ধাইগোটেই হোষ্টেলত ঘূৰাইছিল।  ছোৱালীজনীয়ে তেওঁৰ দেউতাকক ঘটনাটোৰ বিষয়ে কৈছিল। 

তাৰ পিছত ছাত্ৰীগৰাকীৰ পিতৃয়ে  জিলা দণ্ডাধীশ অমৰবীৰ সিঙক লগ কৰিছিল আৰু অধীক্ষকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। অভিযোগ পোৱাৰ পিছত জিলা দণ্ডাধীশে ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়ে। ছোৱালীজনীৰ দেউতাকে কয়  যে ঘটনাটোৰ পিছৰে পৰা তেওঁৰ ছোৱালী আতংকিত হৈ আছে। তেওঁ হোষ্টেলত থাকিব বিচৰা নাই।

জনজাতীয় পৰিক্ৰমা বিভাগৰ সহকাৰী আয়ুক্ত শিল্পা জৈনে হোষ্টেলৰ ঘটনাটোৰ বিষয়ে জানিব পাৰি অধীক্ষকগৰাকীক  পদৰ পৰা আঁতৰাই দিয়া দিছে।  যদি ঘটনাটোত যদি  আন কোনো লোক জড়িত থাকে তেন্তে  তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা লোৱা হ'ব বুলি  জৈনে কৈছে। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু