--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদীৰ ৰাজ্যত পুনৰ গেৰুৱা দলৰ যাদু চলিছে। অপ্ৰতিৰোধ্য ৰূপত বিজেপিয়ে ১৮২ জনীয়া বিধানসভাৰ গৰিষ্ঠসংখ্যক আসনতে আগবাঢ়ি আছে। পুৱাৰ আপডেট অনুসৰি ৯.২৭ বজালৈকে গুজৰাটৰ বিদায়ী মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আগবাঢ়ি আছে।

আগবাঢ়ি আছে ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা ,আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীগৰাকীও আগবাঢ়ি আছে,এতিয়ায়ালৈকে  গণনাত গুজৰাটত আপতকৈ কংগ্ৰেছ আগবাঢ়ি আছে, ৯.৩০ বজাৰ আপডেট অনুসৰি গুজৰাটত বিজেপিয়ে ১১৮ খনতকৈও অধিক আসনত আগবাঢ়ি আছে। মোডীৰ ৰাজ্যত ভোট গণনাৰ আৰম্ভণিতে বিজেপি আগবাঢ়ি গৈছিল, বাকীবোৰ দল বহু পিছ পৰি আছিল। 

বিজেপি গুজৰাটত  ১৯৯৮ চনৰ পৰাই শাসনত আছে। কিন্তু তাৰ আগতেও ১৯৯৫ চনত গেৰুৱা শিবিৰ ক্ষমতালৈ আহিছিল যদিও চৰকাৰে বচাই ৰাখিব পৰা নাছিল। এইবাৰ গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰধান প্ৰতিদ্বন্দী হৈছে কংগ্ৰেছ আৰু আম আদমী পাৰ্টি। অৰ্থাৎ এইবাৰ প্ৰধানমন্ত্ৰী মোদীৰ ৰাজ্যত বিধানসভা নিৰ্বাচনৰ যুঁজ তিনিকোণীয়া   আছে।শেহতীয়া খবৰ অনুসৰি মৰবিত বিজেপি আগবাঢ়ি আছে।মৰবিৰ তিনিওখন আসনতে বিজেপি প্ৰাৰ্থী আগবাঢ়ি আছে। দলং খহি পৰাৰ ফলত ১৩৫ জন লোকৰ মৃত্যু হৈছিল। এটা ঘড়ী নিৰ্মাণ কোম্পানীক দলংখন মেৰামতি কৰাৰ বাবেদায়িত্ব  দিয়াক লৈ বৃহৎ বিতৰ্ক হৈছিল। অৱশ্যে, সেই কথাৰ প্ৰভাৱ বিজেপিৰ ওপৰত পৰা নাই। বিজেপি প্ৰাৰ্থী হাৰ্দিক পেটেলে ই ভি এম গণনা আৰম্ভ হোৱাৰ লগে লগে গুজৰাটৰ বিৰামগাম সমষ্টিত আগবাঢ়ি আছে। তেওঁ অৱশ্যে পোষ্টেল ভোট কমকৈ পাইছে। 

আসনত আগবাঢ়ি থকাৰ শেহতীয়া স্থিতি এনেধৰণৰ 

বিজেপি - ১১৮

কংগ্ৰেছ - ৪২

আপ - ৬

অন্যান্য  - 0

গান্ধীনগৰ দক্ষিণত আগবাঢ়ি আছে বিজেপিৰ অল্পেশ ঠাকুৰ। গুজৰাটৰ বুদগামত কংগ্ৰেছ প্ৰাৰ্থী তথা দলিত নেতা জিগনেশ মেৱানী পিছ পৰি আছে। বিজেপি প্ৰাৰ্থী আগবাঢ়ি আছে। গুজৰাটৰ বিদায়ী মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আগবাঢ়ি আছে।গুজৰাটৰ ঘাটলোডিয়া সমষ্টিত বিজেপি প্ৰাৰ্থী তথা বিদায়ী মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আগবাঢ়ি আছে। 

ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা।জামনগৰ উত্তৰ সমষ্টিত বিজেপিৰ ৰিভাবা জাদেজা আগবাঢ়ি আছে। 

আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী আগবাঢ়ি আছে।গুজৰাটত আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ইচুদান গাডভি খাম্ভালিয়াত তেওঁৰ প্ৰতিদ্বন্দীতকৈ আগবাঢ়ি আছে। প্ৰাথমিক পৰ্যায়ৰ গণনাত গুজৰাটত আপতকৈ আগবাঢ়ি আছে কংগ্ৰেছ।
ভোট গণনাৰ প্ৰাৰম্ভিক পৰ্যায়ত কংগ্ৰেছ আপতকৈ বহু আসনত  আগবাঢ়ি আছে। অৱশ্যে, কংগ্ৰেছ আৰু বিজেপিৰ মাজৰ দূৰত্ব যথেষ্ট। কংগ্ৰেছে ৰাজ্যখনত প্ৰধান বিৰোধীৰ মৰ্যাদা বজাই ৰাখিব পাৰিবনে তাকে লৈয়ো প্ৰশ্ন উ্ৰেক হৈছে। 
বিজেপিয়ে ডাক বেলট গণনাচ আগবাঢ়ি থকাৰ স্থিতি 
বিজেপি - ৯৯

কংগ্ৰেছ – ১৭
আপ - ২
আৰম্ভণিতে, বিজেপি বাকীবোৰতকৈ আগবাঢ়ি আছিল।
বিজেপি - ৩৩
কংগ্ৰেছ – ৭
আজি ৩৭ টা গণনা কেন্দ্ৰত ভোটগণনা আৰম্ভ হৈছে। আৰম্ভণিতে, ডাক বেলট গণনা কৰা হৈছে। ২০০২ চনৰ পিছৰ গুজৰাট বিধানসভা নিৰ্বাচনত, বিজেপিয়ে ১২৭ খন আসন লাভ কৰিছিল। দৰাচলতে, এয়া তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ ফলাফল আছিল।

অৱশ্যে এইবাৰ বিজেপি নেতৃত্বই দাবী কৰিছে যে তেওঁলোকে ১৫০ খনতকৈও অধিক আসন লাভ কৰি শাসনলৈ আহিব। 

২০১৭ চনৰ বিধানসভা নিৰ্বাচনত, গেৰুৱা শিবিৰটো গুজৰাটত একেৰাহে পঞ্চমবাৰৰ বাবে ক্ষমতালৈ আহিছিল আৰু ৯৯ খন আসন লাভ কৰিছিল। অৱশ্যে, যোৱা চাৰিবাৰৰ তুলনাত, ই আছিল বিজেপিৰ সৰ্বনিম্ন আসন। আনহাতে, ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ৭৭ খন আসন লাভ কৰিছিল। নিৰ্দলীয় আৰু আনসকলে সেইবাৰ ছয়খন আসন লাভ কৰিছিল।

বিভিন্ন এক্সিট প'লে ভৱিষ্যতবাণী কৰিছে যে এইবাৰো বিজেপিয়ে বৃহৎ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব। এবিপি-চি ভোটাৰ জৰীপ অনুসৰি বিজেপিয়ে ১২৮--১৪০ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। ইণ্ডিয়া টুডে-এক্সিছ মাই ইণ্ডিয়াৰ জৰীপ অনুসৰি, বিজেপিয়ে ১৩১-১৫১ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। আজিৰ চাণক্যৰ বুথ পৰ্যায়ৰ জৰীপ অনুসৰি এইবাৰ বিজেপিৰ আসনৰ সংখ্যা হ'ব পাৰে ১৫০। 

১৮২ জনীয়া গুজৰাট বিধানসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ ৯২ খন আসনৰ প্ৰয়োজন। প্ৰতিটো বুথ পৰ্যায়ৰ জৰীপত, বিজেপিৰ বিজয়ৰ  ভৱিষ্যতবাণী কৰা হৈছে। মোডী-শ্বাহৰ বিজেপিয়ে এইবাৰ বিধানসভা নিৰ্বাচনত জয়ী হ'লে একেৰাহে সাতবাৰ গুজৰাট শাসনৰ দায়িত্বলাভ কৰিব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু