--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃৰাজস্থানৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী চালেহ মহম্মদৰ বিৰুদ্ধে অন্তৰ্বাস পিন্ধা এগৰাকী মহিলাৰ সৈতে বিডিঅ’ কলিঙত  বাৰ্তালাপ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ভিডিঅ'টো পোহৰলৈ অহাৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত হুলস্থূলৰ সৃষ্টি হৈছে।

 অন্তৰ্বাস পিন্ধা এগৰাকী মহিলাৰ সৈতে মন্ত্ৰীগৰাকীৰ কথোপকথন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে বহুতে মন্ত্ৰীগৰাকীৰ মানসিকতাক ধিক্কাৰ দিছে। ঘটনাটোকলৈ বিজেপিয়ে আক্ৰমণ আৰম্ভ কৰিছে। তেওঁলোকে মন্ত্ৰীজনক বৰ্খাস্ত কৰাৰো দাবী জনাইছে।

বিজেপিয়ে দাবী কৰিছিল যে ভিডিঅ'টোত দেখা ব্যক্তিজন ৰাজ্যিক মন্ত্ৰী চালেহ মহম্মদ । অৱশ্যে কংগ্ৰেছ দল  আৰু মন্ত্ৰীগৰাকীৰ  পৰা এই বিষয়ত কোনো সঁহাৰি পোৱা হোৱা নাই। 

বিজেপিয়ে এই বুলি প্ৰশ্ন কৰিছে "অশোক গেহলটজী, এইটো প্ৰথম বাৰৰ বাবে নহয় যে আপোনাৰ মন্ত্ৰীৰ এটা আপত্তিজনক ভিডিঅ' আন এগৰাকী মহিলাৰ সৈতে পোহৰলৈ আহিছে। তাৰ পাছতো আপুনি আপোনাৰ দলৰ মন্ত্ৰী চালেহ মহম্মদক বৰ্খাস্ত নকৰে নেকি? নে আপুনি তেওঁক ভোট বেংকৰ লোভৰ বাবে এৰি দিব বিচৰা নাই?"

ছালেহে ২০১৩ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ চৌতন সিঙৰ হাতত পৰাজিত হৈছিল। ২০১৮ চনত, তেওঁ চৌতনক পৰাজিত কৰে আৰু বিধায়ক হয়। তাৰ পিছত ছালেহে গেহলটৰ মন্ত্ৰীসভাত স্থান লাভ কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক