--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃৰাজস্থানৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী চালেহ মহম্মদৰ বিৰুদ্ধে অন্তৰ্বাস পিন্ধা এগৰাকী মহিলাৰ সৈতে বিডিঅ’ কলিঙত  বাৰ্তালাপ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ভিডিঅ'টো পোহৰলৈ অহাৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত হুলস্থূলৰ সৃষ্টি হৈছে।

 অন্তৰ্বাস পিন্ধা এগৰাকী মহিলাৰ সৈতে মন্ত্ৰীগৰাকীৰ কথোপকথন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে বহুতে মন্ত্ৰীগৰাকীৰ মানসিকতাক ধিক্কাৰ দিছে। ঘটনাটোকলৈ বিজেপিয়ে আক্ৰমণ আৰম্ভ কৰিছে। তেওঁলোকে মন্ত্ৰীজনক বৰ্খাস্ত কৰাৰো দাবী জনাইছে।

বিজেপিয়ে দাবী কৰিছিল যে ভিডিঅ'টোত দেখা ব্যক্তিজন ৰাজ্যিক মন্ত্ৰী চালেহ মহম্মদ । অৱশ্যে কংগ্ৰেছ দল  আৰু মন্ত্ৰীগৰাকীৰ  পৰা এই বিষয়ত কোনো সঁহাৰি পোৱা হোৱা নাই। 

বিজেপিয়ে এই বুলি প্ৰশ্ন কৰিছে "অশোক গেহলটজী, এইটো প্ৰথম বাৰৰ বাবে নহয় যে আপোনাৰ মন্ত্ৰীৰ এটা আপত্তিজনক ভিডিঅ' আন এগৰাকী মহিলাৰ সৈতে পোহৰলৈ আহিছে। তাৰ পাছতো আপুনি আপোনাৰ দলৰ মন্ত্ৰী চালেহ মহম্মদক বৰ্খাস্ত নকৰে নেকি? নে আপুনি তেওঁক ভোট বেংকৰ লোভৰ বাবে এৰি দিব বিচৰা নাই?"

ছালেহে ২০১৩ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ চৌতন সিঙৰ হাতত পৰাজিত হৈছিল। ২০১৮ চনত, তেওঁ চৌতনক পৰাজিত কৰে আৰু বিধায়ক হয়। তাৰ পিছত ছালেহে গেহলটৰ মন্ত্ৰীসভাত স্থান লাভ কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু