--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মধ্য প্ৰদেশৰ বেতুলত মঙলবাৰে সন্ধিয়া ব’ৰৱেলত পৰিল এটি সাত বছৰীয়া শিশু।  শিশুটিক বচাবলৈ প্ৰায় ৪৮ ঘণ্টা ধৰি উদ্ধাৰ অভিযান চলি আছে। এই উদ্ধাৰ অভিযানৰ ওপৰত চকু ৰাখিছে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে। আত্মীয়ই জনোৱা মতে, শিশুটিৰ নাম তন্ময়, যিটো ব’ৰৱেলত শিশুটি পৰিল, সেই ব’ৰৱেলটো ৪০০ ফুট দ। তৃতীয় শ্ৰেণীৰ ছাত্ৰ তন্ময় । প্ৰায় ৩০-৩৫ ফুট গভীৰতাত বৰ্তমানো আবদ্ধ হৈ আছে তন্ময়।

তথ্য অনুসৰি  ৪৮ ঘণ্টাৰ পৰা উদ্ধাৰ অভিযান অব্যাহত আছে। এতিয়া খন্দা বন্ধ কৰা হৈছে, লগতে সুৰংগ নিৰ্মাণৰ কামো আৰম্ভ কৰা হৈছে।  সমান্তৰালকৈ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে প্ৰশাসনিক কৰ্মচাৰীৰ লগতে স্থানত চকু ৰাখিছে।

মঙলবাৰে সন্ধিয়া প্ৰায় ৪:৩০ বজাত খেলপথাৰত ল’ৰা-ছোৱালীৰ সৈতে লুকাভাকু খেলি আছিল তন্ময়ে। তেনে সময়তে কণমানি শিশুটি ব’ৰৱেলত পৰিল। কোৱা হৈছে যে তেওঁ ৩৮ ফুটত আবদ্ধ হৈ আছে। তিনি-চাৰি বছৰ আগতে নানক চৌহান নামৰ এজন কৃষকৰ পথাৰত ৪০০ ফুট দ কৈ খনন কৰা হৈছিল ব’ৰৱেলটো, যিটো  দুবছৰ ধৰি বন্ধ হৈ আছিল।

শিশুটিৰ দেউতাকে জানিবলৈ দিয়া তথ্য অনুসৰি সকলো ল’ৰা-ছোৱালীয়ে খেলি আছিল। খেলি থাকোঁতে ল’ৰা-ছোৱালীকেইটা নানক চৌহানৰ খেতিপথাৰ পাইছিল। য’ত এটা ব’ৰৱেল খোলা আছিল। তাতে উক্ত ঘটনাটো সংঘটিত হয়।তন্ময়ৰ খবৰে গাঁৱত আলোড়নৰ সৃষ্টি কৰিছে। দুখত ভাগি পৰিছে মাতৃ ভগ্নী আৰু সমগ্ৰ পৰিয়ালবৰ্গ। 

( বি.দ্ৰ- ব’ৰৱেল হৈছে ১০০ৰ পৰা ১৫০০ ফুট দকৈ মাটিত ব’ৰ কৰা এটা খাদ। ৬ৰ পৰা ১২ ইঞ্চিৰ পিভিচি পাইপ ব্যৱহাৰ কৰি পাম্প ব্যৱহাৰ কৰি পানীখিনি উপৰিভাগলৈ অনা হয়। ব’ৰৰ পানী মাটিত সোমাই যোৱা ভূগৰ্ভস্থ পানীৰ পৰা আহে আৰু ভূগৰ্ভস্থ জলধাৰাত জমা হৈ থাকে)








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু