--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মধ্য প্ৰদেশৰ বেতুলত মঙলবাৰে সন্ধিয়া ব’ৰৱেলত পৰিল এটি সাত বছৰীয়া শিশু।  শিশুটিক বচাবলৈ প্ৰায় ৪৮ ঘণ্টা ধৰি উদ্ধাৰ অভিযান চলি আছে। এই উদ্ধাৰ অভিযানৰ ওপৰত চকু ৰাখিছে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে। আত্মীয়ই জনোৱা মতে, শিশুটিৰ নাম তন্ময়, যিটো ব’ৰৱেলত শিশুটি পৰিল, সেই ব’ৰৱেলটো ৪০০ ফুট দ। তৃতীয় শ্ৰেণীৰ ছাত্ৰ তন্ময় । প্ৰায় ৩০-৩৫ ফুট গভীৰতাত বৰ্তমানো আবদ্ধ হৈ আছে তন্ময়।

তথ্য অনুসৰি  ৪৮ ঘণ্টাৰ পৰা উদ্ধাৰ অভিযান অব্যাহত আছে। এতিয়া খন্দা বন্ধ কৰা হৈছে, লগতে সুৰংগ নিৰ্মাণৰ কামো আৰম্ভ কৰা হৈছে।  সমান্তৰালকৈ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে প্ৰশাসনিক কৰ্মচাৰীৰ লগতে স্থানত চকু ৰাখিছে।

মঙলবাৰে সন্ধিয়া প্ৰায় ৪:৩০ বজাত খেলপথাৰত ল’ৰা-ছোৱালীৰ সৈতে লুকাভাকু খেলি আছিল তন্ময়ে। তেনে সময়তে কণমানি শিশুটি ব’ৰৱেলত পৰিল। কোৱা হৈছে যে তেওঁ ৩৮ ফুটত আবদ্ধ হৈ আছে। তিনি-চাৰি বছৰ আগতে নানক চৌহান নামৰ এজন কৃষকৰ পথাৰত ৪০০ ফুট দ কৈ খনন কৰা হৈছিল ব’ৰৱেলটো, যিটো  দুবছৰ ধৰি বন্ধ হৈ আছিল।

শিশুটিৰ দেউতাকে জানিবলৈ দিয়া তথ্য অনুসৰি সকলো ল’ৰা-ছোৱালীয়ে খেলি আছিল। খেলি থাকোঁতে ল’ৰা-ছোৱালীকেইটা নানক চৌহানৰ খেতিপথাৰ পাইছিল। য’ত এটা ব’ৰৱেল খোলা আছিল। তাতে উক্ত ঘটনাটো সংঘটিত হয়।তন্ময়ৰ খবৰে গাঁৱত আলোড়নৰ সৃষ্টি কৰিছে। দুখত ভাগি পৰিছে মাতৃ ভগ্নী আৰু সমগ্ৰ পৰিয়ালবৰ্গ। 

( বি.দ্ৰ- ব’ৰৱেল হৈছে ১০০ৰ পৰা ১৫০০ ফুট দকৈ মাটিত ব’ৰ কৰা এটা খাদ। ৬ৰ পৰা ১২ ইঞ্চিৰ পিভিচি পাইপ ব্যৱহাৰ কৰি পাম্প ব্যৱহাৰ কৰি পানীখিনি উপৰিভাগলৈ অনা হয়। ব’ৰৰ পানী মাটিত সোমাই যোৱা ভূগৰ্ভস্থ পানীৰ পৰা আহে আৰু ভূগৰ্ভস্থ জলধাৰাত জমা হৈ থাকে)








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক