--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰথম বৰ্ষৰ আইপিএলত হৰভজন সিঙে এছ শ্ৰীসান্থক চৰ মৰাৰ  ঘটনাটো মনত আছে নে? আকস্মিক ঘটনাটোৱে আইপিএলৰ উত্তাপ বৃদ্ধি কৰিছিল। হৰভজনে শ্ৰীসান্থক খেলপথাৰতে চৰ মাৰিছিল। শ্ৰীসান্থৰ কান্দোনৰ ছবি এতিয়াও দৰ্শকৰ মনত খোদিত হৈ আছে।

ইমান বছৰৰ মূৰত সেই বিষয়ে শ্ৰীসান্থই মুখ মেলিছে। সকলো অপমান পাহৰি তেওঁ কেৱল হৰভজনৰ স’তে হোৱা বন্ধুত্বৰ কথাহে ক’লে। তেওঁ হৰভজনৰ বাবে জনপ্ৰিয় হিন্দী চলচ্চিত্ৰ গীতৰ কথাও উল্লেখ কৰে।

এটা ক্ৰীড়া ৱেবছাইটক দিয়া এক সাক্ষাৎকাৰত শ্ৰীসান্থই কয়- ''আমি সদায় বন্ধুত্ব পালন কৰি আহিছো। ভুল বুজাবুজিৰ বাবেই সেয়া ঘটিছিল। সংবাদ মাধ্যমেও বেছি কৰিছিল।’’

শ্ৰীসান্থই কয় যে হৰভজনে তেওঁক ক্ৰিকেট কেৰিয়াৰৰ আৰম্ভণিৰে পৰাই সহায় কৰি আহিছে। ক্ৰিকেট ত্যাগ কৰাৰ পিছতো তেওঁ ভাজ্জীক কাষত ৰাখিছে। কেৰেলাৰ পেচাৰগৰাকীয়ে কয়- ''ভাজ্জী ভাইয়ে মোক কেৰিয়াৰৰ আৰম্ভণিৰে পৰাই সহায় কৰি আহিছে। খেল এৰি যোৱাৰ পিছতো  হৰভজনেও মোক সহায় কৰিছে। তেওঁৰ লগত মোৰ সম্পৰ্ক এটা শাৰীতে বুজাব পাৰি। অৰ্থাৎ—তেৰে জয়াছা য়াৰ কাহান।''

হৰভজনে ২০০৮ চনত আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিল। সেই সময়ত শ্ৰীসান্থই পঞ্জাৱ কিংছৰ হৈ খেলি আছিল। এখন খেলৰ অন্তত খেলপথাৰত শ্ৰীসান্থক চৰ মাৰিলে হৰভজনে। তাৰ বাবে শাস্তিও পাইছিল ভাৰতীয় স্পিনাৰগৰাকীয়ে। 

অৱশ্যে শ্ৰীসান্থক চৰ মাৰি হৰভজনে ক্ষমা খুজিছিল। যোৱা বছৰ এটা অনুষ্ঠানত উপস্থিত হৈ ভাজ্জীয়ে কয়- ''যি হৈছিল সেয়া ভুল আছিল। মই ভুল কৰিছিলোঁ তাৰ বাবে মোৰ সতীৰ্থসকলক অসন্মান কৰা হৈছিল। মই নিজকে নিয়ন্ত্ৰণ কৰিব লাগিছিল।''

সেই অনুষ্ঠানত শ্ৰীসান্থো উপস্থিত আছিল। অনুষ্ঠানৰ সময়ত দুয়োজনে ইজনে সিজনক সাৱটি ধৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জাৰ্মানীৰ ওপৰত ট্ৰাম্পৰ ‘ডাবল এটেক’: ৫,০০০ সামৰিক সৈন্য প্ৰত্যাহাৰ আৰু বাহনৰ ওপৰত ২৫% শুল্ক ঘোষণা
ৰামদেৱৰ পাছত চি আৰ পি এফক গতালে বীজ নিগমৰ ৫০ বিঘা ভূমি
পলাতক অপৰাধীৰ বিৰুদ্ধে ভাৰতৰ 'অপাৰেশ্যন গ্ল'বেল হান্ট'
মুজতবা খামেনেইৰ মৃত্যুৰ বিষয়ত অপপ্ৰচাৰ চলাইছে আমেৰিকাই, ইৰানী বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ দাবী
টী-২০ মহিলা বিশ্বকাপ ২০২৬ ; বিচিচিআইএ ঘোষণা কৰিলে ভাৰতীয় দল
গংগা এক্সপ্ৰেছৱেত হাই-টেক সুৰক্ষা ব্যৱস্থা: এতিয়াৰ পৰা গাড়ী চলাওতে টোপনি আহিলে চালকক কৰিব সতৰ্ক
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
AIয়ে দিব বানপানীৰ আগজাননী
দিল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্ৰবেগী বাহনৰ খুন্দাত ৪ যুৱকৰ কৰুণ মৃত্যু
আজি পুৱা ১০.৩০ বজাত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল
আইপিএলত ইতিহাস গঢ়াৰ দিশে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশী: বিহাৰৰ বৈভৱে কঁপাব ক্ৰিকেট জগত
ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল: শীৰ্ষত কোন কোন জিলা?