--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰথম বৰ্ষৰ আইপিএলত হৰভজন সিঙে এছ শ্ৰীসান্থক চৰ মৰাৰ  ঘটনাটো মনত আছে নে? আকস্মিক ঘটনাটোৱে আইপিএলৰ উত্তাপ বৃদ্ধি কৰিছিল। হৰভজনে শ্ৰীসান্থক খেলপথাৰতে চৰ মাৰিছিল। শ্ৰীসান্থৰ কান্দোনৰ ছবি এতিয়াও দৰ্শকৰ মনত খোদিত হৈ আছে।

ইমান বছৰৰ মূৰত সেই বিষয়ে শ্ৰীসান্থই মুখ মেলিছে। সকলো অপমান পাহৰি তেওঁ কেৱল হৰভজনৰ স’তে হোৱা বন্ধুত্বৰ কথাহে ক’লে। তেওঁ হৰভজনৰ বাবে জনপ্ৰিয় হিন্দী চলচ্চিত্ৰ গীতৰ কথাও উল্লেখ কৰে।

এটা ক্ৰীড়া ৱেবছাইটক দিয়া এক সাক্ষাৎকাৰত শ্ৰীসান্থই কয়- ''আমি সদায় বন্ধুত্ব পালন কৰি আহিছো। ভুল বুজাবুজিৰ বাবেই সেয়া ঘটিছিল। সংবাদ মাধ্যমেও বেছি কৰিছিল।’’

শ্ৰীসান্থই কয় যে হৰভজনে তেওঁক ক্ৰিকেট কেৰিয়াৰৰ আৰম্ভণিৰে পৰাই সহায় কৰি আহিছে। ক্ৰিকেট ত্যাগ কৰাৰ পিছতো তেওঁ ভাজ্জীক কাষত ৰাখিছে। কেৰেলাৰ পেচাৰগৰাকীয়ে কয়- ''ভাজ্জী ভাইয়ে মোক কেৰিয়াৰৰ আৰম্ভণিৰে পৰাই সহায় কৰি আহিছে। খেল এৰি যোৱাৰ পিছতো  হৰভজনেও মোক সহায় কৰিছে। তেওঁৰ লগত মোৰ সম্পৰ্ক এটা শাৰীতে বুজাব পাৰি। অৰ্থাৎ—তেৰে জয়াছা য়াৰ কাহান।''

হৰভজনে ২০০৮ চনত আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিল। সেই সময়ত শ্ৰীসান্থই পঞ্জাৱ কিংছৰ হৈ খেলি আছিল। এখন খেলৰ অন্তত খেলপথাৰত শ্ৰীসান্থক চৰ মাৰিলে হৰভজনে। তাৰ বাবে শাস্তিও পাইছিল ভাৰতীয় স্পিনাৰগৰাকীয়ে। 

অৱশ্যে শ্ৰীসান্থক চৰ মাৰি হৰভজনে ক্ষমা খুজিছিল। যোৱা বছৰ এটা অনুষ্ঠানত উপস্থিত হৈ ভাজ্জীয়ে কয়- ''যি হৈছিল সেয়া ভুল আছিল। মই ভুল কৰিছিলোঁ তাৰ বাবে মোৰ সতীৰ্থসকলক অসন্মান কৰা হৈছিল। মই নিজকে নিয়ন্ত্ৰণ কৰিব লাগিছিল।''

সেই অনুষ্ঠানত শ্ৰীসান্থো উপস্থিত আছিল। অনুষ্ঠানৰ সময়ত দুয়োজনে ইজনে সিজনক সাৱটি ধৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু