--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ ৰোহন বোপান্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ২০২৩ চনৰ ইউ এছ অ’পেনৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। বোপন্নাই বলিষ্ঠ প্ৰদৰ্শনেৰে ইতিহাসৰ সৃষ্টি কৰিছে। ৪৩ বছৰ ৬ মাহ বয়সত তেওঁ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হৈছে। এতিয়ালৈকে এই বয়সৰ কোনো খেলুৱৈয়ে কোনো গ্ৰেণ্ড শ্লেমৰ ফাইনেলত প্ৰৱেশ কৰিব পৰা নাই।

বৃহস্পতিবাৰে ছেমি ফাইনেলত ভাৰতৰ তাৰকা খেলুৱৈ বোপান্নাই তেওঁৰ সংগী মেথিউ এবডেনে ফ্ৰান্সৰ যুটি পিয়েৰ-হিউগছ হাৰ্বাৰ্ট আৰু নিকোলাছ মাহুটক ৭-৬(৭-৩), ৬-২ত পৰাস্ত কৰে। এই খেলখন প্ৰায় ১ ঘণ্টা ৩৪ মিনিট ধৰি চলিছিল। ইয়াৰ পূৰ্বে বোপান্নাৰ যুটিয়ে কোৱাৰ্টাৰ ফাইনেলত আমেৰিকাৰ যুটিটোক পৰাস্ত কৰিছিল। বোপান্না আৰু এবডেনে নাথানিয়েল লেমনছ আৰু জেকচন উইথৰ’ক ৭–৬ (১০), ৬–১ ৰ ব্যৱধানত পৰাস্ত কৰে।

তাৎপৰ্যপূৰ্ণভাৱে ১৩ বছৰৰ পাছত গ্ৰেণ্ড শ্লেমৰ ফাইনেলত প্ৰৱেশ কৰিছে বোপান্নাই। ইয়াৰ পূৰ্বে তেওঁ ২০১০ চনত ফাইনেলত প্ৰৱেশ কৰিছিল। ২০১০ চনত তেওঁৰ সংগী আছিল পাকিস্তানৰ আইছাম-উল-হক কুৰেশ্বী। দ্বিতীয়বাৰৰ বাবে গ্ৰেণ্ড শ্লেমৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে বোপান্নাই। আমোদজনকভাৱে ২০১৭ চনত ফ্ৰেঞ্চ অ’পেনৰ মিক্সড ডাবলছ চেম্পিয়ন হৈছিল ৰোহন বোপান্নাই। কিন্তু তেওঁ এতিয়াও গ্ৰেণ্ড শ্লেমৰ পুৰুষ ডাবলছৰ খিতাপ দখল কৰিব পৰা নাই। ৪৩ বছৰ ৬ মাহ বয়সত তেওঁ ফাইনেলত প্ৰৱেশ কৰিছে। তেওঁ অ’পেন যুগত গ্ৰেণ্ড শ্লেমৰ ফাইনেলত প্ৰৱেশ কৰা আটাইতকৈ বয়সীয়াল খেলুৱৈ।

উল্লেখযোগ্য যে পুৰুষৰ ডাবলছৰ ফাইনেলত এতিয়া আমেৰিকাৰ ৰাজীৱ ৰাম আৰু ব্ৰিটেইনৰ জো চেলিছবেৰীৰ মুখামুখি হ’ব ৰোহন বোপান্না আৰু এবডেনে। এই খেলখন আৰ্থাৰ এশ্বে ষ্টেডিয়ামত নিশা ৯.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব। এই ষ্টেডিয়ামত দিনৰ ১২.৩০ বজাৰ পৰা পুৰুষৰ একক ছেমি ফাইনেল খেল অনুষ্ঠিত হ’ব। ইয়াৰ মাজতে ন’ভাক জ’কভিচেৰে মুখামুখি হ’ব বেন শ্বেলটনৰ। আন এখন খেলত কাৰ্লোছ আলকাৰাজ আৰু ডেনিল মেডভেডেভৰ মাজত মুখামুখি হ’ব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু