--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ ৰোহন বোপান্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ২০২৩ চনৰ ইউ এছ অ’পেনৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। বোপন্নাই বলিষ্ঠ প্ৰদৰ্শনেৰে ইতিহাসৰ সৃষ্টি কৰিছে। ৪৩ বছৰ ৬ মাহ বয়সত তেওঁ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হৈছে। এতিয়ালৈকে এই বয়সৰ কোনো খেলুৱৈয়ে কোনো গ্ৰেণ্ড শ্লেমৰ ফাইনেলত প্ৰৱেশ কৰিব পৰা নাই।

বৃহস্পতিবাৰে ছেমি ফাইনেলত ভাৰতৰ তাৰকা খেলুৱৈ বোপান্নাই তেওঁৰ সংগী মেথিউ এবডেনে ফ্ৰান্সৰ যুটি পিয়েৰ-হিউগছ হাৰ্বাৰ্ট আৰু নিকোলাছ মাহুটক ৭-৬(৭-৩), ৬-২ত পৰাস্ত কৰে। এই খেলখন প্ৰায় ১ ঘণ্টা ৩৪ মিনিট ধৰি চলিছিল। ইয়াৰ পূৰ্বে বোপান্নাৰ যুটিয়ে কোৱাৰ্টাৰ ফাইনেলত আমেৰিকাৰ যুটিটোক পৰাস্ত কৰিছিল। বোপান্না আৰু এবডেনে নাথানিয়েল লেমনছ আৰু জেকচন উইথৰ’ক ৭–৬ (১০), ৬–১ ৰ ব্যৱধানত পৰাস্ত কৰে।

তাৎপৰ্যপূৰ্ণভাৱে ১৩ বছৰৰ পাছত গ্ৰেণ্ড শ্লেমৰ ফাইনেলত প্ৰৱেশ কৰিছে বোপান্নাই। ইয়াৰ পূৰ্বে তেওঁ ২০১০ চনত ফাইনেলত প্ৰৱেশ কৰিছিল। ২০১০ চনত তেওঁৰ সংগী আছিল পাকিস্তানৰ আইছাম-উল-হক কুৰেশ্বী। দ্বিতীয়বাৰৰ বাবে গ্ৰেণ্ড শ্লেমৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে বোপান্নাই। আমোদজনকভাৱে ২০১৭ চনত ফ্ৰেঞ্চ অ’পেনৰ মিক্সড ডাবলছ চেম্পিয়ন হৈছিল ৰোহন বোপান্নাই। কিন্তু তেওঁ এতিয়াও গ্ৰেণ্ড শ্লেমৰ পুৰুষ ডাবলছৰ খিতাপ দখল কৰিব পৰা নাই। ৪৩ বছৰ ৬ মাহ বয়সত তেওঁ ফাইনেলত প্ৰৱেশ কৰিছে। তেওঁ অ’পেন যুগত গ্ৰেণ্ড শ্লেমৰ ফাইনেলত প্ৰৱেশ কৰা আটাইতকৈ বয়সীয়াল খেলুৱৈ।

উল্লেখযোগ্য যে পুৰুষৰ ডাবলছৰ ফাইনেলত এতিয়া আমেৰিকাৰ ৰাজীৱ ৰাম আৰু ব্ৰিটেইনৰ জো চেলিছবেৰীৰ মুখামুখি হ’ব ৰোহন বোপান্না আৰু এবডেনে। এই খেলখন আৰ্থাৰ এশ্বে ষ্টেডিয়ামত নিশা ৯.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব। এই ষ্টেডিয়ামত দিনৰ ১২.৩০ বজাৰ পৰা পুৰুষৰ একক ছেমি ফাইনেল খেল অনুষ্ঠিত হ’ব। ইয়াৰ মাজতে ন’ভাক জ’কভিচেৰে মুখামুখি হ’ব বেন শ্বেলটনৰ। আন এখন খেলত কাৰ্লোছ আলকাৰাজ আৰু ডেনিল মেডভেডেভৰ মাজত মুখামুখি হ’ব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক