--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ ৩ বছৰতকৈও অধিক সময় হ’লেও তেওঁৰ প্ৰতি অনুৰাগীৰ মৰম আজিও কমি যোৱা নাই। এতিয়া এই তালিকাত এটা নতুন নামো সংযোজন কৰা হৈছে যিটো হৈছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। এইকেইদিন ধোনীয়ে পৰিয়ালসহ আমেৰিকাত ছুটী লৈ আছে আৰু এই সময়ছোৱাত ড’নাল্ড ট্ৰাম্পৰ সৈতে তেওঁৰ এখন ফটো চৰ্চালৈ আহিছে।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ধোনীৰ বাবে গ’ল্ফ খেল আয়োজন কৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছত ধোনীক গল্ফ খেলাৰ প্ৰতি অতিশয় আকৰ্ষিত হোৱা দেখা গৈছে। ইয়াৰ পূৰ্বে ২০২৩ চনৰ ইউ এছ অ’পেনত কাৰ্লোছ আলকাৰাজ আৰু ঝভেৰেভৰ মাজত অনুষ্ঠিত হোৱা কোৱাৰ্টাৰ ফাইনেল খেলখন চাবলৈ অহাৰ সময়ত ধোনীৰ এটা ভিডিঅ’ও ওলাইছিল। এই মেচত আলকাৰাজে জয়লাভ কৰি ছেমি ফাইনেলত স্থান দখল কৰে।

ইয়াৰ পূৰ্বেও ধোনীয়ে গলফ খেলাৰ ভিডিঅ’ বহুবাৰ পোহৰলৈ আহিছে। আই পি এলৰ ১৬ সংখ্যক ছিজনত চেন্নাই ছুপাৰ কিংছক বিজয়ী কৰি তোলাৰ পাছত ধোনীৰ আঁঠুৰ অপাৰেচন কৰা হয়। ইয়াৰ পাছত অহা কেইমাহমান ৰিহাবত সময় কটোৱাৰ পিছত এতিয়া তেওঁ সম্পূৰ্ণ ফিট হৈ পৰিছে।

উল্লেখ্য যে বিশ্ব ক্ৰিকেটত অধিনায়ক হিচাপে ধোনীক মহান খেলুৱৈৰ ভিতৰত গণ্য কৰা হয়। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে আইচিচিৰ ইভেণ্টত অধিনায়ক হিচাপে তেওঁৰ উজ্জ্বল প্ৰদৰ্শন। ধোনীৰ নেতৃত্বত ভাৰতীয় দলটোৱে ২০১৩ চনত আই চি চিৰ অন্তিমটো ট্ৰফী লাভ কৰে। একে সময়তে ২০১১ চনত যেতিয়া টিম ইণ্ডিয়াই ঘৰুৱা খেলপথাৰত ধোনীৰ নেতৃত্বত এদিনীয়া বিশ্বকাপ খেলিছিল৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু