--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ ৩ বছৰতকৈও অধিক সময় হ’লেও তেওঁৰ প্ৰতি অনুৰাগীৰ মৰম আজিও কমি যোৱা নাই। এতিয়া এই তালিকাত এটা নতুন নামো সংযোজন কৰা হৈছে যিটো হৈছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। এইকেইদিন ধোনীয়ে পৰিয়ালসহ আমেৰিকাত ছুটী লৈ আছে আৰু এই সময়ছোৱাত ড’নাল্ড ট্ৰাম্পৰ সৈতে তেওঁৰ এখন ফটো চৰ্চালৈ আহিছে।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ধোনীৰ বাবে গ’ল্ফ খেল আয়োজন কৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছত ধোনীক গল্ফ খেলাৰ প্ৰতি অতিশয় আকৰ্ষিত হোৱা দেখা গৈছে। ইয়াৰ পূৰ্বে ২০২৩ চনৰ ইউ এছ অ’পেনত কাৰ্লোছ আলকাৰাজ আৰু ঝভেৰেভৰ মাজত অনুষ্ঠিত হোৱা কোৱাৰ্টাৰ ফাইনেল খেলখন চাবলৈ অহাৰ সময়ত ধোনীৰ এটা ভিডিঅ’ও ওলাইছিল। এই মেচত আলকাৰাজে জয়লাভ কৰি ছেমি ফাইনেলত স্থান দখল কৰে।

ইয়াৰ পূৰ্বেও ধোনীয়ে গলফ খেলাৰ ভিডিঅ’ বহুবাৰ পোহৰলৈ আহিছে। আই পি এলৰ ১৬ সংখ্যক ছিজনত চেন্নাই ছুপাৰ কিংছক বিজয়ী কৰি তোলাৰ পাছত ধোনীৰ আঁঠুৰ অপাৰেচন কৰা হয়। ইয়াৰ পাছত অহা কেইমাহমান ৰিহাবত সময় কটোৱাৰ পিছত এতিয়া তেওঁ সম্পূৰ্ণ ফিট হৈ পৰিছে।

উল্লেখ্য যে বিশ্ব ক্ৰিকেটত অধিনায়ক হিচাপে ধোনীক মহান খেলুৱৈৰ ভিতৰত গণ্য কৰা হয়। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে আইচিচিৰ ইভেণ্টত অধিনায়ক হিচাপে তেওঁৰ উজ্জ্বল প্ৰদৰ্শন। ধোনীৰ নেতৃত্বত ভাৰতীয় দলটোৱে ২০১৩ চনত আই চি চিৰ অন্তিমটো ট্ৰফী লাভ কৰে। একে সময়তে ২০১১ চনত যেতিয়া টিম ইণ্ডিয়াই ঘৰুৱা খেলপথাৰত ধোনীৰ নেতৃত্বত এদিনীয়া বিশ্বকাপ খেলিছিল৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক