--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ন্যায়াধীশ প্রশান্ত কুমাৰ মিশ্ৰ আৰু ন্যায়াধীশ এন ভি অঞ্জাৰিয়াৰ খণ্ড বিচাৰপীঠে ই ডিয়ে দাখিল কৰা আৱেদনৰ শুনানি গ্রহণ কৰি কয় যে আই পেকৰ বিৰুদ্ধে তদন্ত প্রক্রিয়াত মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপে গণতান্ত্রিক প্রক্রিয়াত বাধা প্রদান কৰিছে।

ডিজিটেল ডেস্ক : উচ্চতম ন্যায়ালয়ৰ তীব্র ভর্ৎসনাৰ সন্মুখীন হ'ল পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জী। আই পেকৰ কাৰ্যালয়ত আইন বলৱৎকাৰী সঞ্চালকালয় (ই ডি)ৰ তালাচীৰ সময়ত বাধা প্রদানৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক ন্যায়ালয়ে তিৰস্কাৰ কৰে। 


ন্যায়াধীশ প্রশান্ত কুমাৰ মিশ্ৰ আৰু ন্যায়াধীশ এন ভি অঞ্জাৰিয়াৰ খণ্ড বিচাৰপীঠে ই ডিয়ে দাখিল কৰা আৱেদনৰ শুনানি গ্রহণ কৰি কয় যে আই পেকৰ বিৰুদ্ধে তদন্ত প্রক্রিয়াত মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপে গণতান্ত্রিক প্রক্রিয়াত বাধা প্রদান কৰিছে। এয়া কেতিয়াও গ্রহণযোগ্য নহয়। এয়া ৰাজ্য আৰু কেন্দ্ৰৰ মাজৰ দ্বন্দ্ব নহয়। কিন্তু এগৰাকী মুখ্যমন্ত্রীয়ে কেতিয়াও এটা সংস্থাৰ তদন্ত প্ৰক্ৰিয়াৰ মাজত সোমাব নোৱাৰে। 


উল্লেখযোগ্য যে তৃণমূল কংগ্ৰেছৰ ৰাজনৈতিক কনছালটেন্সি ফার্ম ইণ্ডিয়ান পলিটিকেল এক্সন কমিটী (আই পেক)ৰ কাৰ্যালয়ত অবৈধ ধন সৰবৰাহৰ গোচৰত অভিযান চলাইছিল। ই ডিৰ এই অভিযানত মুখ্যমন্ত্রী মমতা বেনার্জীয়ে বাধা প্রদান কৰিছিল। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছিল ই ডি।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু