--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ মানুহৰ মাজত ওজন বৃদ্ধিৰ সমস্যা সাধাৰণ হৈ পৰিছে। ওজন কমাবলৈ মানুহৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হয়। বহুতে এতিয়াও বৃদ্ধি পোৱা ওজনেৰে জীৱনটো কটাবলগীয়া হৈছে, আনহাতে বহুতৰে বাবে ই মৃত্যুৰ কাৰণো হৈ পৰিছে। 

এজন ব্যক্তিৰ ওজন ৪৪৪ কেজিলৈ বৃদ্ধি পাইছিল। অস্ত্ৰোপচাৰ কৰাৰ সময়ত তেওঁৰ ওজন ১২০ কিলোগ্ৰাম কমি যায় যদিও হাৰ্ট এটেকত তেওঁৰ মৃত্যু হয়। ওজন বৃদ্ধিৰ বাবে তেওঁৰ জীৱনটো নানা সমস্যাৰে ভৰি পৰিছিল।

এই ব্যক্তিজনৰ নাম আছিল আন্দ্ৰেছ মৰেনো, যি মেক্সিকোৰ বাসিন্দা আছিল। তেওঁ এগৰাকী আৰক্ষী বিষয়া আছিল। তেওঁৰ ওজন অবিৰতভাৱে কমি আহিছিল যদিও চিকিৎসকৰ মতে আৱেগিক মানসিক চাপ আৰু হাৰ্ট এটেকৰ বাবে তেওঁৰ মৃত্যু হয়। আন্দ্ৰেছ মৰেনোৰ ওজন আছিল ৪৪৪ কিলোগ্ৰাম, যাৰ বাবে তেওঁক বিশ্বৰ আটাইতকৈ শকত মানুহ বুলি অভিহিত কৰা হৈছিল।

এটা স্বাভাৱিক শিশুৰ জন্মৰ সময়ত ওজন ২.৮ৰ পৰা ৩.২ কিলোগ্ৰাম থাকে যদিও আন্দ্ৰেছৰ জন্মৰ সময়ত তেওঁৰ ওজন আছিল ৫.৮ কিলোগ্ৰাম। তেওঁৰ বয়স ১০ বছৰ হওতে তেওঁৰ ওজন আছিল ৮২ কেজি।

আন্দ্ৰেছ মৰেনো আৰক্ষী বিষয়া হৈ কৰ্মজীৱনৰ পাতনি মেলিছিল আৰু পাছলৈ তেওঁ বিয়াও পাতিছিল। শকত হোৱা বাবে তেওঁৰ স্বাস্থ্যজনিত সমস্যা হ’বলৈ ধৰিলে আৰু তেওঁৰ অতিৰিক্ত ওজনৰ বাবে পত্নীয়ে তেওঁক এৰি থৈ গ’ল। পত্নীৰ সৈতে বিচ্ছেদৰ পিছত তেওঁৰ অৱস্থা বেয়া হৈ গৈ থাকিল। মৃত্যুৰ পূৰ্বে পত্নীৰ পৰা বিচ্ছেদ হোৱাৰ বাবে আৱেগিক মানসিক চাপত ভুগিছিল মৰেনো।

মৰেনোৰ ওজন বৃদ্ধিৰ লগে লগে তেওঁ বহুতো গুৰুতৰ ৰোগত আক্ৰান্ত হ’বলৈ ধৰিলে। অস্ত্ৰোপচাৰৰ পূৰ্বে মৰেনোৱে ফুটবল ছুপাৰষ্টাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৰ স্বাক্ষৰিত ৰিয়েল মাদ্রিদৰ চাৰ্ট লাভ কৰিছিল, যিয়ে তেওঁক ফিট হৈ থাকিবলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁৰ ওজন কমাবলৈ বাইপাছ অস্ত্ৰোপচাৰ কৰা হৈছিল আৰু চিকিৎসকে তেওঁৰ পেটৰ ৭০ শতাংশ আঁতৰাই পেলাইছিল। আন্দ্ৰেছে মৃত্যুৰ পূৰ্বে দিনটোত ছটা এনাৰ্জি ড্ৰিংক সেৱন কৰিছিল, তাৰ পিছত হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা