--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ মানুহৰ মাজত ওজন বৃদ্ধিৰ সমস্যা সাধাৰণ হৈ পৰিছে। ওজন কমাবলৈ মানুহৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হয়। বহুতে এতিয়াও বৃদ্ধি পোৱা ওজনেৰে জীৱনটো কটাবলগীয়া হৈছে, আনহাতে বহুতৰে বাবে ই মৃত্যুৰ কাৰণো হৈ পৰিছে। 

এজন ব্যক্তিৰ ওজন ৪৪৪ কেজিলৈ বৃদ্ধি পাইছিল। অস্ত্ৰোপচাৰ কৰাৰ সময়ত তেওঁৰ ওজন ১২০ কিলোগ্ৰাম কমি যায় যদিও হাৰ্ট এটেকত তেওঁৰ মৃত্যু হয়। ওজন বৃদ্ধিৰ বাবে তেওঁৰ জীৱনটো নানা সমস্যাৰে ভৰি পৰিছিল।

এই ব্যক্তিজনৰ নাম আছিল আন্দ্ৰেছ মৰেনো, যি মেক্সিকোৰ বাসিন্দা আছিল। তেওঁ এগৰাকী আৰক্ষী বিষয়া আছিল। তেওঁৰ ওজন অবিৰতভাৱে কমি আহিছিল যদিও চিকিৎসকৰ মতে আৱেগিক মানসিক চাপ আৰু হাৰ্ট এটেকৰ বাবে তেওঁৰ মৃত্যু হয়। আন্দ্ৰেছ মৰেনোৰ ওজন আছিল ৪৪৪ কিলোগ্ৰাম, যাৰ বাবে তেওঁক বিশ্বৰ আটাইতকৈ শকত মানুহ বুলি অভিহিত কৰা হৈছিল।

এটা স্বাভাৱিক শিশুৰ জন্মৰ সময়ত ওজন ২.৮ৰ পৰা ৩.২ কিলোগ্ৰাম থাকে যদিও আন্দ্ৰেছৰ জন্মৰ সময়ত তেওঁৰ ওজন আছিল ৫.৮ কিলোগ্ৰাম। তেওঁৰ বয়স ১০ বছৰ হওতে তেওঁৰ ওজন আছিল ৮২ কেজি।

আন্দ্ৰেছ মৰেনো আৰক্ষী বিষয়া হৈ কৰ্মজীৱনৰ পাতনি মেলিছিল আৰু পাছলৈ তেওঁ বিয়াও পাতিছিল। শকত হোৱা বাবে তেওঁৰ স্বাস্থ্যজনিত সমস্যা হ’বলৈ ধৰিলে আৰু তেওঁৰ অতিৰিক্ত ওজনৰ বাবে পত্নীয়ে তেওঁক এৰি থৈ গ’ল। পত্নীৰ সৈতে বিচ্ছেদৰ পিছত তেওঁৰ অৱস্থা বেয়া হৈ গৈ থাকিল। মৃত্যুৰ পূৰ্বে পত্নীৰ পৰা বিচ্ছেদ হোৱাৰ বাবে আৱেগিক মানসিক চাপত ভুগিছিল মৰেনো।

মৰেনোৰ ওজন বৃদ্ধিৰ লগে লগে তেওঁ বহুতো গুৰুতৰ ৰোগত আক্ৰান্ত হ’বলৈ ধৰিলে। অস্ত্ৰোপচাৰৰ পূৰ্বে মৰেনোৱে ফুটবল ছুপাৰষ্টাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৰ স্বাক্ষৰিত ৰিয়েল মাদ্রিদৰ চাৰ্ট লাভ কৰিছিল, যিয়ে তেওঁক ফিট হৈ থাকিবলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁৰ ওজন কমাবলৈ বাইপাছ অস্ত্ৰোপচাৰ কৰা হৈছিল আৰু চিকিৎসকে তেওঁৰ পেটৰ ৭০ শতাংশ আঁতৰাই পেলাইছিল। আন্দ্ৰেছে মৃত্যুৰ পূৰ্বে দিনটোত ছটা এনাৰ্জি ড্ৰিংক সেৱন কৰিছিল, তাৰ পিছত হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ