--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সাধাৰণতে বিশ্বাস কৰা হৈছে যে একে সময়তে ৩টাতকৈ অধিক সন্তান জন্ম হ’লে তেওঁলোকৰ জীয়াই থকাৰ সম্ভাৱনা কমি যায়। কিন্তু একেগৰাকী মাতৃৰ পৰা একেলগে জন্ম লোৱা ৯টা সন্তান ১৯মাহৰ অবিৰত চিকিৎসাৰ অন্তত ঘৰলৈ উভতি অহাৰ লগে লগে এই ধাৰণাটো এতিয়া ছিন্নভিন্ন হৈ পৰিছে। মৰক্কোৰ এখন চিকিৎসালয়ত শিশুকেইটাৰ চিকিৎসা। মালীৰ এগৰাকী মহিলাই একেলগে ৯টা সন্তান জন্ম দিলে। 

হালিমা ছিছ নামৰ এগৰাকী মহিলাই ২৫বছৰ বয়সত ৯টা সন্তান জন্ম দিয়ে। ২০২১চনৰ মে’ মাহত হালিমাক মৰক্কোলৈ চিকিৎসাৰ বাবে পঠিওৱা হৈছিল যেতিয়া আল্ট্ৰাছাউণ্ডত প্ৰকাশ পাইছিল যে তেওঁৰ গৰ্ভত ৭টাতকৈ অধিক শিশু আছে, যাৰ ফলত প্ৰসৱত অসুবিধাৰ সৃষ্টি হ’ব পাৰে। শিশুকেইটাক কাছাব্লাংকাত চিকিৎসাৰ সহায়ত ৰখা হৈছিল। এতিয়া সকলো সন্তান সম্পূৰ্ণ সুস্থ হৈ মাকৰ লগত আছে।

মালীৰ ৰাজধানী বামকোলৈ উভতি অহাৰ পাছত শিশুসকলৰ পিতৃ আব্দেল কাদেৰ আৰবিয়ে চৰকাৰক ধন্যবাদ জনাই কয় যে চৰকাৰে পৰিয়ালটোক আৰ্থিকভাৱে সহায় কৰি আছে। তেওঁ ক’লে যে আল্লাই তেওঁলোকক আৰ্শীবাদ দিছে। ইফালে  মালীৰ স্বাস্থ্যমন্ত্ৰী ডাইমিনাটৌ চাংগাৰে কয় যে চৰকাৰে পৰিয়ালটোক সহায় কৰি যাব।

৯টা শিশুৰ ভিতৰত ৫জনীকৈ ছোৱালী সন্তান আৰু ৪টা ল'ৰা। সকলোৰে জন্ম হৈছিল চিজাৰিয়ান অস্ত্ৰোপচাৰৰ দ্বাৰা। এই শিশুসকলৰ জন্মৰ সময়ত ওজন ৫০০গ্ৰামৰ পৰা ১কিলোগ্ৰামৰ ভিতৰত আছিল।

যদি শিশুসকলক বিশেষ চিকিৎসা প্ৰদান কৰা নহয় তেন্তে তেওঁলোকৰ স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পাব পাৰে। সেইবাবেই তেওঁক চিকিৎসালয়ত ৰখা হৈছিল। প্ৰথম মাহ চিকিৎসালয়ত ভৰ্তি হৈছিল, তাৰ পিছত এটা এপাৰ্টমেণ্টলৈ গুচি যায় আৰু তাত এন বৰ্জা ক্লিনিকৰ পৰা ২৪ঘণ্টাই যত্ন লোৱা হৈছিল








FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ