--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ পূৰ্বৰ তুলনাত দিল্লীৰ বান পৰিস্থিতি কিছু  নিয়ন্ত্ৰণলৈ আহিছে। কিন্তু ৰাষ্ট্ৰীয় ৰাজধানী চহৰ খনৰ কাষেৰে বৈ যোৱা  যমুনাৰ পানীৰ স্তৰ পুনৰ বৃদ্ধি পাইছে। ফলস্বৰূপে তাজমহলৰ দেৱাল পৰ্যন্ত বিয়পি পৰিছে যমুনাৰ পানী। উল্লেখ্য শেষবাৰৰ বাবে ১৯৭৮ চনত তাজমহল চৌহদত যমুনাৰ পানী প্ৰৱেশ কৰিছিল। 

৪৫ বছৰৰ পিছত যমুনা নদীৰ পানীয়ে পুনৰ ঐতিহাসিক স্মৃতিস্তম্ভৰ দেৱাল স্পৰ্শ কৰিছে। যোৱা সপ্তাহত যমুনাৰ পানীয়ে লালকিল্লাৰ দেৱাল স্পৰ্শ কৰিছিল। ফোৰ্টটোৰ চাৰিওফালে থকা  এলেকাটোও পানীৰে  ভৰি পৰিছিল।যোৱা কেইদিনমানধৰি বন্ধ হৈ থকা দিল্লীৰ ভৈৰোঁ মাৰ্গকে ধৰি কেইবাটাও  পথত যান-বাহনৰ চলাচল পুনৰ আৰম্ভ হৈছে। 

দিল্লীত যোৱা ২৪  ঘণ্টাত বৰষুণ হোৱা নাই। ৱাজিৰাবাদ পানী সংশোধন কেন্দ্ৰটোও আংশিকভাৱে মুকলি কৰা হৈছে। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বানপীড়িতসকলৰ প্ৰতিটো পৰিয়ালৰ বাবে ১০,০০০ টকাৰ অনুদান প্ৰদানৰ কথা ঘোষণা কৰিছে।  দশেৰা ঘাটৰ কাষৰ অঞ্চল আজিও  প্লাবিত হৈ আছে। প্ৰশাসনে আশংকা কৰিছে যে যমুনাৰ পানী বাঢ়ি থাকিলে ৰামবাগ, মেহতাব বাগ, জোহৰা বাগ, চীন কা ৰৌজাৰ দৰে স্মাৰকসমূহো প্লাৱিত হ'ব পাৰে। আগ্ৰা আৰু মথুৰাৰ নিম্ন অঞ্চল ইতিমধ্যে প্লাৱিত হৈছে। যমুনা নদীৰ কাষৰ ৫০ খন গাওঁ আৰু ২০ খন নগৰ অঞ্চলৰ পৰা ৫০০ তকৈও অধিক বাসিন্দাক স্থানান্তৰ কৰা হৈছে।

 বহু একৰ কৃষিভূমি বানপানীত প্লাৱিত হৈছে। বানপানীৰ ফলত অঞ্চলটোত খোৱা পানীৰ অভাৱ হৈছে। উল্লেখ্য দিল্লীত এইবাৰ বানৰ  ৪৫ বছৰ পুৰণি অভিলেখ ভংগ  হৈছে। ১৯৭৮  চনত যমুনাৰ পানীৰ স্তৰ ২০৪.৭৯ মিটাৰ  হৈছিল। এইবাৰ পানীৰ  স্তৰ  ২০৮.৪৮ মিটাৰ হৈছে। যমুনাৰ পানীয়ে বহু এলেকা বুৰাই পেলাইছে।  কাশ্মীৰে গেট, মজনু কি তিলা, আইটিঅ', লালকিল্লা আৰু দিল্লী সচিবালয় প্লাৱিত হৈছে।ডুব গৈছে ৰিং ৰোড আৰু আইপি ফ্লাইঅভাৰৰ ওচৰৰ এলেকাও। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন