--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ পূৰ্বৰ তুলনাত দিল্লীৰ বান পৰিস্থিতি কিছু  নিয়ন্ত্ৰণলৈ আহিছে। কিন্তু ৰাষ্ট্ৰীয় ৰাজধানী চহৰ খনৰ কাষেৰে বৈ যোৱা  যমুনাৰ পানীৰ স্তৰ পুনৰ বৃদ্ধি পাইছে। ফলস্বৰূপে তাজমহলৰ দেৱাল পৰ্যন্ত বিয়পি পৰিছে যমুনাৰ পানী। উল্লেখ্য শেষবাৰৰ বাবে ১৯৭৮ চনত তাজমহল চৌহদত যমুনাৰ পানী প্ৰৱেশ কৰিছিল। 

৪৫ বছৰৰ পিছত যমুনা নদীৰ পানীয়ে পুনৰ ঐতিহাসিক স্মৃতিস্তম্ভৰ দেৱাল স্পৰ্শ কৰিছে। যোৱা সপ্তাহত যমুনাৰ পানীয়ে লালকিল্লাৰ দেৱাল স্পৰ্শ কৰিছিল। ফোৰ্টটোৰ চাৰিওফালে থকা  এলেকাটোও পানীৰে  ভৰি পৰিছিল।যোৱা কেইদিনমানধৰি বন্ধ হৈ থকা দিল্লীৰ ভৈৰোঁ মাৰ্গকে ধৰি কেইবাটাও  পথত যান-বাহনৰ চলাচল পুনৰ আৰম্ভ হৈছে। 

দিল্লীত যোৱা ২৪  ঘণ্টাত বৰষুণ হোৱা নাই। ৱাজিৰাবাদ পানী সংশোধন কেন্দ্ৰটোও আংশিকভাৱে মুকলি কৰা হৈছে। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বানপীড়িতসকলৰ প্ৰতিটো পৰিয়ালৰ বাবে ১০,০০০ টকাৰ অনুদান প্ৰদানৰ কথা ঘোষণা কৰিছে।  দশেৰা ঘাটৰ কাষৰ অঞ্চল আজিও  প্লাবিত হৈ আছে। প্ৰশাসনে আশংকা কৰিছে যে যমুনাৰ পানী বাঢ়ি থাকিলে ৰামবাগ, মেহতাব বাগ, জোহৰা বাগ, চীন কা ৰৌজাৰ দৰে স্মাৰকসমূহো প্লাৱিত হ'ব পাৰে। আগ্ৰা আৰু মথুৰাৰ নিম্ন অঞ্চল ইতিমধ্যে প্লাৱিত হৈছে। যমুনা নদীৰ কাষৰ ৫০ খন গাওঁ আৰু ২০ খন নগৰ অঞ্চলৰ পৰা ৫০০ তকৈও অধিক বাসিন্দাক স্থানান্তৰ কৰা হৈছে।

 বহু একৰ কৃষিভূমি বানপানীত প্লাৱিত হৈছে। বানপানীৰ ফলত অঞ্চলটোত খোৱা পানীৰ অভাৱ হৈছে। উল্লেখ্য দিল্লীত এইবাৰ বানৰ  ৪৫ বছৰ পুৰণি অভিলেখ ভংগ  হৈছে। ১৯৭৮  চনত যমুনাৰ পানীৰ স্তৰ ২০৪.৭৯ মিটাৰ  হৈছিল। এইবাৰ পানীৰ  স্তৰ  ২০৮.৪৮ মিটাৰ হৈছে। যমুনাৰ পানীয়ে বহু এলেকা বুৰাই পেলাইছে।  কাশ্মীৰে গেট, মজনু কি তিলা, আইটিঅ', লালকিল্লা আৰু দিল্লী সচিবালয় প্লাৱিত হৈছে।ডুব গৈছে ৰিং ৰোড আৰু আইপি ফ্লাইঅভাৰৰ ওচৰৰ এলেকাও। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস