--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হয় গুৱাহাটী, নহয় ৰঙামাটি... ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক বগৰাবলৈ বাংগালুৰুত আৰম্ভ হৈছে ২৬ টাকৈ বিৰোধী ৰাজনৈতিক দলৰ বৈঠক। সমগ্ৰ বাংগালুৰু চহৰ ভৰি পৰিছে  'ইউনাইটেড উই ষ্টেণ্ড' পোষ্টাৰেৰে।  বিৰোধীৰ মহাজোঁটৰ সমান্তৰালভাবে বিজেপিও সক্ৰিয় হৈ পৰিছে। বিৰোধীৰ বৈঠকত  ছোনিয়া গান্ধীৰ পৰা আৰম্ভ কৰি  মমতা বেনাৰ্জী,  লালু যাদৱলৈকে সকলোৱে অংশগ্ৰহণ কৰিছে। 

মঙলবাৰে বাংগালুৰুৰ তাজ ৱেষ্ট ইন হোটেলত অনুষ্ঠিত হৈছে বিৰোধী দলসমূহৰ এই মেগা বৈঠক। বৈঠকৰ পৰা অনুমান কৰা হৈছে যে ২০২৪ চনৰ আগতে বিৰোধী মিত্ৰতাৰ বিষয়ত এটা ডাঙৰ ঘোষণা কৰা হ'ব।বিৰোধীৰ  সভাখন পুৱা ১১ বজাত আৰম্ভ হৈছে। বৈঠকৰ অন্তত বিৰোধী দলৰ নেতৃত্বই এখন সংবাদমেল অনুষ্ঠিত কৰিব। 

জানিব পৰা মতে সকলো দলে সন্মত হৈছে যে  বিজেপিক পৰাজিত কৰাৰ স্বাৰ্থতে নিজ নিজ ৰাজ্যত বিৰোধী দলসমূহে ৰাজনৈতিক শত্ৰুতা পৰিহাৰ কৰিব। উল্লেখ্য বংগত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত অহি-নকুল সম্পৰ্ক বিৰাজ কৰি আছে। একেদৰে বিহাৰতো আৰজেডি- জনতা দল ইউনাইটেডৰ মাজৰ সম্পৰ্ক ভাল নহয়। কিন্তু এইবাৰ বিজেপিক হৰুৱাবলৈ সকলো দলেই ৰাজ্যিক ভিত্তিত থকা এনে অঁৰিয়াঅঁৰি পৰিহাৰ কৰাৰ কথা চিন্তা কৰিছে। 

 ছোনিয়া গান্ধীৰ  উপস্থিতিয়ে বিৰোধীৰ বৈঠকত নতুন মাত্ৰা প্ৰদান কৰিছে। এই বৈঠকতেই  ইউ.পি.এ. ভংগ  হ’ব বুলি ধাৰণা কৰা হৈছে। ইউপিএৰ নামো সলনি হ’ব পাৰে।  ইউনাইটেড প্ৰগ্ৰেছিভ ফ্ৰণ্টৰ (ইউপিএ) জন্ম হৈছিল মনমোহন সিং চৰকাৰৰ দিনত। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নতুন মিত্ৰতাৰ নতুন নাম ঘোষণা কৰা হ'ব পাৰে। নেতাসকলে ইণ্ডিয়ান ইউনাইটেড ফ্ৰণ্ট বা ইউনাইটেড ইণ্ডিয়া ফ্ৰণ্টক মহাজোঁট বুলি কোৱা হ'ব পাৰে বুলি ধাৰণা কৰা হৈছে। 

মমতা বেনাৰ্জীয়েও  অভিষেক বেনাৰ্জীৰ সৈতে সোমবাৰে আবেলি বাংগালুৰুত উপস্থিত হৈছিল। শাৰদ পাৱাৰৰ লগতে  পাটনা বৈঠকত উপস্থিত থকা  সকলো নেতা বৈঠকলৈ আহিছে। অৰবিন্দ  কেজৰিৱালো বৈঠকত উপস্থিত আছে। আজিৰ বৈঠকত ২৬ টা দলে উপস্থিত আছে । এইবাৰৰ বৈঠকত পাটনাতকৈ ১০ টা অধিক দলে যোগদান কৰিছে। কিন্তু বিৰোধী মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ কোন হ’ব সেই বিষয়ত সম্পূৰ্ণ মৌনতা অৱলম্বন কৰা হৈছে। কাৰণ এনে প্ৰসংগই এতিয়া মিত্ৰতাত বাধাৰ সৃষ্টি কৰিব পাৰে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস