--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হয় গুৱাহাটী, নহয় ৰঙামাটি... ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক বগৰাবলৈ বাংগালুৰুত আৰম্ভ হৈছে ২৬ টাকৈ বিৰোধী ৰাজনৈতিক দলৰ বৈঠক। সমগ্ৰ বাংগালুৰু চহৰ ভৰি পৰিছে  'ইউনাইটেড উই ষ্টেণ্ড' পোষ্টাৰেৰে।  বিৰোধীৰ মহাজোঁটৰ সমান্তৰালভাবে বিজেপিও সক্ৰিয় হৈ পৰিছে। বিৰোধীৰ বৈঠকত  ছোনিয়া গান্ধীৰ পৰা আৰম্ভ কৰি  মমতা বেনাৰ্জী,  লালু যাদৱলৈকে সকলোৱে অংশগ্ৰহণ কৰিছে। 

মঙলবাৰে বাংগালুৰুৰ তাজ ৱেষ্ট ইন হোটেলত অনুষ্ঠিত হৈছে বিৰোধী দলসমূহৰ এই মেগা বৈঠক। বৈঠকৰ পৰা অনুমান কৰা হৈছে যে ২০২৪ চনৰ আগতে বিৰোধী মিত্ৰতাৰ বিষয়ত এটা ডাঙৰ ঘোষণা কৰা হ'ব।বিৰোধীৰ  সভাখন পুৱা ১১ বজাত আৰম্ভ হৈছে। বৈঠকৰ অন্তত বিৰোধী দলৰ নেতৃত্বই এখন সংবাদমেল অনুষ্ঠিত কৰিব। 

জানিব পৰা মতে সকলো দলে সন্মত হৈছে যে  বিজেপিক পৰাজিত কৰাৰ স্বাৰ্থতে নিজ নিজ ৰাজ্যত বিৰোধী দলসমূহে ৰাজনৈতিক শত্ৰুতা পৰিহাৰ কৰিব। উল্লেখ্য বংগত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত অহি-নকুল সম্পৰ্ক বিৰাজ কৰি আছে। একেদৰে বিহাৰতো আৰজেডি- জনতা দল ইউনাইটেডৰ মাজৰ সম্পৰ্ক ভাল নহয়। কিন্তু এইবাৰ বিজেপিক হৰুৱাবলৈ সকলো দলেই ৰাজ্যিক ভিত্তিত থকা এনে অঁৰিয়াঅঁৰি পৰিহাৰ কৰাৰ কথা চিন্তা কৰিছে। 

 ছোনিয়া গান্ধীৰ  উপস্থিতিয়ে বিৰোধীৰ বৈঠকত নতুন মাত্ৰা প্ৰদান কৰিছে। এই বৈঠকতেই  ইউ.পি.এ. ভংগ  হ’ব বুলি ধাৰণা কৰা হৈছে। ইউপিএৰ নামো সলনি হ’ব পাৰে।  ইউনাইটেড প্ৰগ্ৰেছিভ ফ্ৰণ্টৰ (ইউপিএ) জন্ম হৈছিল মনমোহন সিং চৰকাৰৰ দিনত। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নতুন মিত্ৰতাৰ নতুন নাম ঘোষণা কৰা হ'ব পাৰে। নেতাসকলে ইণ্ডিয়ান ইউনাইটেড ফ্ৰণ্ট বা ইউনাইটেড ইণ্ডিয়া ফ্ৰণ্টক মহাজোঁট বুলি কোৱা হ'ব পাৰে বুলি ধাৰণা কৰা হৈছে। 

মমতা বেনাৰ্জীয়েও  অভিষেক বেনাৰ্জীৰ সৈতে সোমবাৰে আবেলি বাংগালুৰুত উপস্থিত হৈছিল। শাৰদ পাৱাৰৰ লগতে  পাটনা বৈঠকত উপস্থিত থকা  সকলো নেতা বৈঠকলৈ আহিছে। অৰবিন্দ  কেজৰিৱালো বৈঠকত উপস্থিত আছে। আজিৰ বৈঠকত ২৬ টা দলে উপস্থিত আছে । এইবাৰৰ বৈঠকত পাটনাতকৈ ১০ টা অধিক দলে যোগদান কৰিছে। কিন্তু বিৰোধী মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ কোন হ’ব সেই বিষয়ত সম্পূৰ্ণ মৌনতা অৱলম্বন কৰা হৈছে। কাৰণ এনে প্ৰসংগই এতিয়া মিত্ৰতাত বাধাৰ সৃষ্টি কৰিব পাৰে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
যিসকলে দাঁতৰ যত্ন ল’ব নোৱাৰে, তেওঁলোকে সেনাৰ গুৰুত্বপূৰ্ণ অভিযানৰ দায়িত্ব কেনেকৈ ল’ব? দাঁত লেতেৰা বাবেই ব্ৰিটিছ সেনাই চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে ১৭০ জন জোৱানক
প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য ৰাজহুৱা কৰাত ন্যায়ালয়ৰ নিষেধাজ্ঞা
অৰুণাচলৰ দিৰাঙত ভূমিস্খলন, চাৰিদুৱাৰ-ভালুকপুং-টাৱাং সংযোগী পথ বন্ধ
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস