--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পশ্চিম বংগৰ হুগলীত এগৰাকী যুৱতীয়ে অভিলেখ গঢ়ি ৬ লাখ টকাৰ পুৰস্কাৰ লাভ কৰে। ৪.৫ লাখ প্ৰতিযোগীক পৰাস্ত কৰি ত্ৰিপৰ্ণাই এই খিতাপ দখল কৰিছে, যাৰ বাবে তেওঁ এই পুৰস্কাৰ পাইছে।পশ্চিমবংগৰ হুগলীত বাস কৰা এগৰাকী যুৱতীয়ে শ্ৰেষ্ঠ শ্লীপাৰৰ খিতাপ দখল কৰাৰ লগতে পুৰস্কাৰ হিচাপে লাভ কৰিছে ৬ লাখ টকা। ৪.৫ লাখ প্ৰতিযোগীক পৰাস্ত কৰি হুগলীৰ শ্ৰীৰামপুৰৰ পৰা ত্ৰিপাৰ্ণাই শ্ৰেষ্ঠ শোৱা ব্যক্তিৰ খিতাপ দখল কৰিছে।

এই খিতাপ জয়ৰ সন্দৰ্ভত ত্ৰিপৰ্ণাই কয় যে যেতিয়া তেওঁ অনলাইন ৱেবছাইটৰ জৰিয়তে জানিব পাৰিছিল যে সৰ্বভাৰতীয় পৰ্যায়ত এনে এখন প্ৰতিযোগিতা আয়োজন কৰা হৈছে, তেতিয়া তেওঁ এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে আবেদন কৰিছিল।এই প্ৰতিযোগিতাত মুঠ ৪.৫ লাখ আবেদন লাভ কৰিছিল য’ত ১৫ গৰাকী প্ৰতিযোগীক নিৰ্বাচিত কৰা হৈছিল। ইয়াৰে ৪ জন ব্যক্তিক চূড়ান্ত পৰ্যায়ত প্ৰতিযোগিতাৰ বিজয়ী হিচাপে নিৰ্বাচিত কৰা হৈছিল।

ফাইনেল মেচত চাৰিওকে পৰাস্ত কৰি শ্ৰেষ্ঠ টোপনি যোৱা ব্যক্তিৰ খিতাপ দখল কৰে। সেই অনুসৰি এই প্ৰতিযোগিতাৰ বাবে প্ৰতিগৰাকী প্ৰতিযোগীক এখন বিচনা আৰু এটা স্লিপ ট্ৰেকাৰ দিয়া হৈছিল। সকলোকে সৰ্বোচ্চ টোপনিতে শুব পৰা ক্ষমতা দেখুৱাবলৈ কোৱা হৈছিল। ত্ৰিপৰ্ণাই একেৰাহে ১০০ দিন ৯ ঘন্টা শুই এক অভিলেখ গঢ়িছিল, তাৰ পিছত এই প্ৰতিযোগিতাত তেওঁ জয়লাভ কৰিছিল। এই প্ৰতিযোগিতাত জয়ী হোৱাৰ বাবে তেওঁ ৬লাখ টকাৰ পুৰস্কাৰো লাভ কৰিছে। তেওঁক ১ লাখ টকাকৈ ৬খন চেক দিয়া হৈছে।

ত্ৰিপৰ্ণা চক্ৰৱৰ্তীয়ে জানিবলৈ দিয়া মতে সৰুৰে পৰা তেওঁ টোপনিৰ প্ৰতি বৰ আকৰ্ষিত আছিল আৰু যেতিয়াই টোপনি আহে তেতিয়াই কোনো সংকোচ নকৰাকৈ শুবলৈ আৰম্ভ কৰে। ব’ৰ্ড পৰীক্ষাৰ পৰা সাক্ষাৎকাৰৰ পৰীক্ষালৈকে বহু  পৰীক্ষাৰ সময়তো তেওঁৰ টোপনি গৈছিল। বৰ্তমান ত্ৰিপৰ্ণাই আমেৰিকাৰ এটা বহুজাতিক কোম্পানীত কাম কৰি ঘৰৰ পৰা কাম কৰি আছে। ইয়াৰ বাবে ৰাতি টোপনিৰ পৰা সাৰ পাব লাগে। যিটো তাই গোটেই দিনটো শুই পৰিশোধ কৰে।

নিজৰ পছন্দ অনুসৰি এই প্ৰতিযোগিতাৰ খিতাপ জয় কৰি তেওঁ অতি আনন্দিত হৈছিল আৰু তেওঁ নিজকে গৌৰৱ অনুভৱ কৰে। ত্ৰিপৰ্ণাই যি ধন  পুৰস্কাৰ হিচাপে পাইছে, তাৰে তেওঁ নিজৰ পছন্দৰ আৰু প্ৰয়োজনীয় বস্তু কিনিব বুলি জানিব দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ