--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা শুকুৰবাৰে মুক্তি পাব ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট  অভিনীত ছবি ‘ব্ৰহ্মাস্ত্ৰ’ ইয়াৰ পূৰ্বে মঙলবাৰে উজ্জয়িনস্থিত মহাকালেশ্বৰ মন্দিৰ পৰিদৰ্শন কৰিছিল ৰণবীৰ-আলিয়াই ইফালে গো-মাংসক লৈ এক পুৰণি মন্তব্যৰ বাবে মধ্যপ্ৰদেশত প্ৰতিবাদৰ সন্মুখীন হৈছিল অভিনেতা ৰণবীৰ কাপুৰে। উজ্জয়িনৰ শিৱ মন্দিৰত তেওঁক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল তেওঁলোকক

অহা শুকুৰবাৰে (৯ ছেপ্টেম্বৰ) মুক্তি পাব ৰণবীৰ আৰু আলিয়া ভাট  অভিনীত ছবি ‘ব্ৰহ্মাস্ত্ৰ' ইয়াৰ পূৰ্বে মঙলবাৰে ৰণলিয়াই আশীৰ্বাদ ল’বলৈ উজ্জয়িনৰ শিৱ মন্দিৰত উপস্থিত হৈছিল। তেওঁৰ সৈতে আছিল পৰিচালক অয়ন মুখোপাধ্যায়। মন্দিৰত উপস্থিত হোৱাৰ লগে লগে তেওঁলোকে প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হয়।

কালি মুম্বাইৰ পৰা ওলাই অহাৰ পাছত উজ্জয়িনৰ মহাকালেশ্বৰ মন্দিৰৰ সন্মুখত উপস্থিত হোৱাৰ পিছতে মন্দিৰ কৰ্তৃপক্ষই আদৰণি জনায়। কিন্তু ইতিমধ্যে সমবেত হোৱা হিন্দুত্ববাদী প্ৰতিবাদকাৰীয়ে তেওঁক মন্দিৰত প্ৰৱেশ কৰাত বাধা দিছিল। ১১ বছৰ পূৰ্বে ৰণবীৰে গো-মাংসক লৈ কৰা এক মন্তব্যৰ ভিত্তিত এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে।

২০১১চনত ‘ৰকষ্টাৰ’ৰ প্ৰমোচনৰ সময়ত দিয়া এক সাক্ষাৎকাৰত ৰণবীৰে কৈছিল, "মোৰ পৰিয়ালটো পেশাৱাৰৰ। ফলত পেশাৱাৰী খাদ্যৰ লগত মই পৰিচিত। লগতে মাটন, পায়া আৰু গৰুৰ মাংস ভাল পাও। মই গৰুৰ মাংসৰ ডাঙৰ অনুৰাগী।” তেওঁৰ নতুন ছবি ‘ব্ৰহ্মাস্ত্ৰ মুক্তি পোৱাৰ পূৰ্বে ৰণবীৰৰ এই মন্তব্য পুনৰ নেটত ভাইৰেল হৈ পৰিছিল। ইতিমধ্যে তেওঁৰ ছবিখন বৰ্জন কৰিবলৈ আহ্বান জনাইছে।

ৰণবীৰ-আলিয়া মহাকালেশ্বৰ মন্দিৰত উপস্থিত হোৱাৰ পূৰ্বে স্থানীয় বজৰং দলৰ নেতা অংকিত জিন্দলে সকীয়াই দিছিল, ‘আমি ৰণবীৰ-আলিয়াক মন্দিৰত প্ৰৱেশ কৰিবলৈ নিদিওঁ। ৰণবীৰে ক’লে, গৰুৰ মাংস খোৱাটো ভাল। যিসকলৰ এনে চিন্তা আছে তেওঁলোকক কোনো ধৰণে মহাকালেশ্বৰ মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।”

মঙলবাৰে আলিয়া, ৰণবীৰ আৰু অয়ান মন্দিৰত উপস্থিত হোৱাৰ লগে লগে বজৰং দলৰ কৰ্মী আৰু সমৰ্থকসকলে ক’লা পতাকা প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে। পৰিস্থিতি উত্তপ্ত হোৱাৰ লগে লগে নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদকাৰীক বিক্ষিপ্ত কৰাৰ চেষ্টা চলায়। দুয়োপক্ষৰ মাজত সংঘৰ্ষও সংঘটিত হয়।

উজ্জয়িনৰ আৰক্ষী অধীক্ষক ওম প্ৰকাশ মিশ্ৰই সংবাদ সংস্থা এএনআইক জনায়, ‘ৰণবীৰ আৰু আলিয়া আহি থকাৰ বাবে মহাকালেশ্বৰ মন্দিৰত ইতিমধ্যে ভিআইপি নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল। ৰণবীৰ কাপুৰ মন্দিৰত উপস্থিত হোৱাৰ লগে লগে তাত কেইবাজনো লোক সমবেত হৈ প্ৰতিবাদ আৰম্ভ কৰে। প্ৰতিবাদকাৰীৰ লগত সংঘৰ্ষ হয় আৰক্ষীৰ। অৱশ্যে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয়।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ