--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এবছৰতকৈও অধিক সময় ধৰি সাগৰৰ তলত পৰি আছিল এটা মোবাইল ফোন। সাগৰে কাৰো কোনো ঋণ নাৰাখে। গতিকে ৪৬৫ দিনৰ পাছত ফোনটো সাগৰ তলিৰ পৰা উদ্ধাৰ হ’ল।

যোৱা বছৰৰ আগষ্ট মাহত হেম্পশ্বাৰত নাও চলোৱাৰ সময়ত ৩৯ বছৰীয়া ক্লেয়াৰ এটফিল্ড নামৰ এগৰাকী মহিলাৰ এপল আইফোন হঠাতে পানীত পৰিছিল। স্বাভাৱিকতে যেতিয়া এটা ফোন সাগৰত পৰি যায়, তেতিয়া কোনেও সেই ফোনটো উদ্ধাৰ কৰাৰ আশা নকৰে। ক্লেয়াৰেও চেষ্টা এৰি দিলে। তেওঁ ফোনটোৰ আশা বাদ দিলে।

হঠাৎ এদিন সাগৰৰ পাৰত পোহনীয়া কুকুৰৰ সৈতে খোজ কাঢ়ি যোৱা এজন ব্যক্তিয়ে ফোনটো দেখিলে। মানুহজনে তাৰ পৰাই ফোনটো অন কৰি ক্লেয়াৰৰ সৈতে যোগাযোগ কৰিলে।হয়তো সাগৰৰ ঢৌৱে ফোনটো পাৰত থৈ গৈছিলহি।

নিজৰ ফোনটো ঘূৰাই পাবলৈ উত্তেজিত হৈ থকা ক্লেয়াৰে সংবাদ মাধ্যমৰ আগত কয়, “৪৬৫ দিন পানীত থকা ফোনটোৱে এতিয়াও কাম কৰি আছে! মই আচৰিত হৈ পৰিছো। ফোনত এবাৰ পানী সোমালেই ফোনটোৱে আৰু কেতিয়াও কাম নকৰে। মই বিশ্বাসেই কৰিব পৰা নাই যে ইমান দিন সাগৰৰ তলিত থকাৰ পাছতো মোৰ ফোনটোৱে কাম কৰি আছে।

সেই ঘটনাৰ পিছত ক্লেয়াৰে নতুন ফোন এটা কিনিলে যদিও পুৰণি ফোনটো ঘূৰাই পোৱাৰ আনন্দ ক্লেয়াৰৰ মুখত দেখা গ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক