--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এবছৰতকৈও অধিক সময় ধৰি সাগৰৰ তলত পৰি আছিল এটা মোবাইল ফোন। সাগৰে কাৰো কোনো ঋণ নাৰাখে। গতিকে ৪৬৫ দিনৰ পাছত ফোনটো সাগৰ তলিৰ পৰা উদ্ধাৰ হ’ল।

যোৱা বছৰৰ আগষ্ট মাহত হেম্পশ্বাৰত নাও চলোৱাৰ সময়ত ৩৯ বছৰীয়া ক্লেয়াৰ এটফিল্ড নামৰ এগৰাকী মহিলাৰ এপল আইফোন হঠাতে পানীত পৰিছিল। স্বাভাৱিকতে যেতিয়া এটা ফোন সাগৰত পৰি যায়, তেতিয়া কোনেও সেই ফোনটো উদ্ধাৰ কৰাৰ আশা নকৰে। ক্লেয়াৰেও চেষ্টা এৰি দিলে। তেওঁ ফোনটোৰ আশা বাদ দিলে।

হঠাৎ এদিন সাগৰৰ পাৰত পোহনীয়া কুকুৰৰ সৈতে খোজ কাঢ়ি যোৱা এজন ব্যক্তিয়ে ফোনটো দেখিলে। মানুহজনে তাৰ পৰাই ফোনটো অন কৰি ক্লেয়াৰৰ সৈতে যোগাযোগ কৰিলে।হয়তো সাগৰৰ ঢৌৱে ফোনটো পাৰত থৈ গৈছিলহি।

নিজৰ ফোনটো ঘূৰাই পাবলৈ উত্তেজিত হৈ থকা ক্লেয়াৰে সংবাদ মাধ্যমৰ আগত কয়, “৪৬৫ দিন পানীত থকা ফোনটোৱে এতিয়াও কাম কৰি আছে! মই আচৰিত হৈ পৰিছো। ফোনত এবাৰ পানী সোমালেই ফোনটোৱে আৰু কেতিয়াও কাম নকৰে। মই বিশ্বাসেই কৰিব পৰা নাই যে ইমান দিন সাগৰৰ তলিত থকাৰ পাছতো মোৰ ফোনটোৱে কাম কৰি আছে।

সেই ঘটনাৰ পিছত ক্লেয়াৰে নতুন ফোন এটা কিনিলে যদিও পুৰণি ফোনটো ঘূৰাই পোৱাৰ আনন্দ ক্লেয়াৰৰ মুখত দেখা গ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ