--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিশ্বৰ আটাইতকৈ ধনী ব্যক্ত জনৰ প্ৰশংসাত গদ গদ হৈ পিল বিতৰ্কিত লেখিকা তছলিমা নাছৰিন।তছলিমাই মাস্কৰ এনে প্ৰশংসা কৰিসে যে বহুতে লেখিকাগৰাকী  ইলন মাস্কৰ প্ৰেমত পৰা বুলিও চৰ্চা কৰিছে। মাইক্ৰ'ব্লগিং ছাইট টুইটাৰৰ   ইলন মাস্কে বহু কৰ্মচাৰীক ছাটাই কৰাৰৰ পিছৰে পৰা মাস্কক বহুতে সমালোচনা কৰি আছে।  কিন্তু এনে সময়তে লেখিকা তছলিমা নাছৰিনে তেওঁক প্ৰশংসা কৰাকলৈ বহুতে লেখিকাগৰাকীক কটাক্ষ কৰাও দেখা গৈছে। তছলিমাই টুইটাৰত স্বীকাৰ কৰিছে  যে তেওঁৰ মাস্কক বহুত ভাল লাগে।

তেওঁ প্ৰকৃততে কি লিখিছিল? তেওঁৰ পোষ্টত তেওঁ লিখিছিল, "মোৰ এলন মাস্কক বহুত ভাল লাগে। তেওঁৰ বিশাল ধনৰ বাবে নহয়। বৰঞ্চ, তেওঁৰ হাঁহিটো ইমান ধুনীয়া। " লেখিকাগৰাকীৰ  পোষ্টটোৱে নেট বিশ্বত  খলকনি তুলিছে। বহু নেটিজেনে তছলিমাৰ মতামতৰ সৈতে একমত হৈছে। মাস্কৰ হাঁহিটো সঁচাকৈয়ে ধুনীয়া। ইয়াৰ উপৰি  বহুলোকে তেওঁক এনে ধৰণৰ পোষ্টৰ বাবে সমালোচনাও কৰিছে।এজনে লিখিছিল, "সেই হাঁহিটো কেৱল তেতিয়াহে ফুটি উঠে  যেতিয়া বহুত টকা থাকে।" আন এজনে তছলিমাৰ পোষ্টকলৈ লিখিছে"সেই হাঁহি মাৰিয়েই তেওঁ বহু কৰ্মচাৰীক কামৰ পৰা খেদি দিছে ,  সেয়া নিন্দনীয়। 

মাস্কে ২৭ অক্টোবৰত টুইটাৰ সম্পূৰ্ণ ৰূপে নিজৰ কৰি লৈছিল। তেওঁ ৪৪ বিলিয়ন ডলাৰ ব্যয়েৰে মাইক্ৰ'ব্লগিং ছাইটটো ক্ৰয় কৰিছে। তেতিয়াৰে  বিতৰ্ক আৰম্ভ হৈছে। তেওঁ দায়িত্ব লোৱাৰ পিছৰে পৰা  টা প্ৰমাণীকৃত টুইটাৰ একাউণ্ট লাভৰ  পদ্ধতি সলনি হৈছে। যদি ব্যৱহাৰকাৰীয়ে ধন  পৰিশোধ কৰে তেন্তে নীলা টিক উপলব্ধ হ'ব। ধনৰ বিনিময়তহে প্ৰমাণিত একাউণ্ট এটা লাভ কৰিব পৰা যাব। মাস্কৰ এনে সিদ্ধান্তই বহুতকে অসন্তুষ্ট কৰিছে।  তছলিমাৰ প্ৰশংসাই সেয়ে তেনে ব্যৱহাৰকাৰীসকলক অধিক উত্তেজিত কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ