--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিশ্বৰ আটাইতকৈ ধনী ব্যক্ত জনৰ প্ৰশংসাত গদ গদ হৈ পিল বিতৰ্কিত লেখিকা তছলিমা নাছৰিন।তছলিমাই মাস্কৰ এনে প্ৰশংসা কৰিসে যে বহুতে লেখিকাগৰাকী  ইলন মাস্কৰ প্ৰেমত পৰা বুলিও চৰ্চা কৰিছে। মাইক্ৰ'ব্লগিং ছাইট টুইটাৰৰ   ইলন মাস্কে বহু কৰ্মচাৰীক ছাটাই কৰাৰৰ পিছৰে পৰা মাস্কক বহুতে সমালোচনা কৰি আছে।  কিন্তু এনে সময়তে লেখিকা তছলিমা নাছৰিনে তেওঁক প্ৰশংসা কৰাকলৈ বহুতে লেখিকাগৰাকীক কটাক্ষ কৰাও দেখা গৈছে। তছলিমাই টুইটাৰত স্বীকাৰ কৰিছে  যে তেওঁৰ মাস্কক বহুত ভাল লাগে।

তেওঁ প্ৰকৃততে কি লিখিছিল? তেওঁৰ পোষ্টত তেওঁ লিখিছিল, "মোৰ এলন মাস্কক বহুত ভাল লাগে। তেওঁৰ বিশাল ধনৰ বাবে নহয়। বৰঞ্চ, তেওঁৰ হাঁহিটো ইমান ধুনীয়া। " লেখিকাগৰাকীৰ  পোষ্টটোৱে নেট বিশ্বত  খলকনি তুলিছে। বহু নেটিজেনে তছলিমাৰ মতামতৰ সৈতে একমত হৈছে। মাস্কৰ হাঁহিটো সঁচাকৈয়ে ধুনীয়া। ইয়াৰ উপৰি  বহুলোকে তেওঁক এনে ধৰণৰ পোষ্টৰ বাবে সমালোচনাও কৰিছে।এজনে লিখিছিল, "সেই হাঁহিটো কেৱল তেতিয়াহে ফুটি উঠে  যেতিয়া বহুত টকা থাকে।" আন এজনে তছলিমাৰ পোষ্টকলৈ লিখিছে"সেই হাঁহি মাৰিয়েই তেওঁ বহু কৰ্মচাৰীক কামৰ পৰা খেদি দিছে ,  সেয়া নিন্দনীয়। 

মাস্কে ২৭ অক্টোবৰত টুইটাৰ সম্পূৰ্ণ ৰূপে নিজৰ কৰি লৈছিল। তেওঁ ৪৪ বিলিয়ন ডলাৰ ব্যয়েৰে মাইক্ৰ'ব্লগিং ছাইটটো ক্ৰয় কৰিছে। তেতিয়াৰে  বিতৰ্ক আৰম্ভ হৈছে। তেওঁ দায়িত্ব লোৱাৰ পিছৰে পৰা  টা প্ৰমাণীকৃত টুইটাৰ একাউণ্ট লাভৰ  পদ্ধতি সলনি হৈছে। যদি ব্যৱহাৰকাৰীয়ে ধন  পৰিশোধ কৰে তেন্তে নীলা টিক উপলব্ধ হ'ব। ধনৰ বিনিময়তহে প্ৰমাণিত একাউণ্ট এটা লাভ কৰিব পৰা যাব। মাস্কৰ এনে সিদ্ধান্তই বহুতকে অসন্তুষ্ট কৰিছে।  তছলিমাৰ প্ৰশংসাই সেয়ে তেনে ব্যৱহাৰকাৰীসকলক অধিক উত্তেজিত কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক