--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিশ্বত সময় বাগৰাৰ লগে লগে  মহামাৰীৰ আতংকও  হ্ৰাস পাইছে। কৰোনা ভাইৰাছ শেহতীয়াকৈ আতংকৰ সৃষ্টি কৰিছিল যদিও এতিয়া ভাইৰাছবিধ যথেষ্ট দুৰ্বল হৈ  পৰিছে। কিন্তু এনে সকাহৰ মাজতে পুনৰ নতুন বিপদে মূৰ দাঙি উঠিছে। এইবাৰ ৰাছিয়াত বৰফে আৱৰি থকা হ্ৰদৰ তলিৰ পৰা ৪৮,৫০০ বছৰ আগতে নোহোৱা হৈ যোৱা বুলি ধাৰণা কৰা এবিধ  ভাইৰাছ উদ্ধাৰ হোৱাৰ কথাই  বিজ্ঞানীসকলক চিন্তিত কৰি তুলিছে।

ভাইৰাছ বিধৰ নাম 'জম্বি' ।  বিজ্ঞানীসকল এই 'জম্বি' ভাইৰাছটো পুনৰুজ্জীৱিত হৈ উঠাত  চিন্তিত হৈছে। উদ্ধাৰ হোৱা  ভাইৰাছবিধে  এতিয়াও সংক্ৰমণ বিয়পাবলৈ সক্ষম বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। তেওঁলোকে আশংকা কৰিছে যে এনে ভাইৰাছৰ পৰা এটা নতুন মহামাৰীৰ সূত্ৰপাত ঘটিব  পাৰে।

ফৰাচী বিজ্ঞানীৰ দল এটাই প্ৰকাশ কৰা মতে  এনে অজ্ঞাত প্ৰাচীন ভাইৰাছে মানুহ, জীৱ-জন্তু বা উদ্ভিদতো  বহু সংক্ৰামক আৰু বিপজ্জনক ৰোগ বিয়পাব পাৰে। গোলকীয় উষ্ণতাৰ  বাবে দীৰ্ঘদিন ধৰি বৰফ গলি আছে। ফলত হাজাৰ হাজাৰ বছৰ ধৰি বৰফৰ তলত পৰি ৰোৱা এনে ভাইৰাছ পুনৰ মাটিৰ দিশে উঠি আহিছে। ধাৰণা কৰা হৈছে  যে তাত এক নিযুত বছৰ ধৰি চাপ খাই থকা  থকা ভাইৰাছো আছে।সেইবোৰৰ ভিতৰত  আছে কোষীয় অণুজীৱ আৰু ভাইৰাছ।

৪৮ হাজাৰ বছৰ পুৰণি  'জম্বি' ভাইৰাছ ৰ আন এটা নাম  পেণ্ডোভাইৰাছ আইডোমা। এই   ভাইৰাছবিধৰ আন মানুহ-জন্তু আজিক সহজে  সংক্ৰমিত কৰাৰ ক্ষমতা আছে। ইয়াৰ আগতে ২০১৩ চনত চাইবেৰিয়াত ৩০,০০০ বছৰ পুৰণি ভাইৰাছ ধৰা পৰিছিল। নতুনকৈ ধৰা পৰা বছৰৰ ভাইৰাছবিধ  আৰু অধিক পুৰণি।

অধ্যয়ন অনুসৰি বিজ্ঞানীসকলে সৰ্বাধিক ১৩  প্ৰকাৰৰ এনে ধৰণৰ  ভাইৰাছ বিচাৰি পাইছে। 'চাইন্স এলাৰ্ট' আলোচনীখনৰ মতে এনে সকলো  ভাইৰাছৰে সংক্ৰমণ বিয়পাব পৰাৰ ক্ষমতা আছে। বিজ্ঞানীসকলে আশংকা কৰিছে যে ভৱিষ্যতে কোভিড মহামাৰীৰ দৰেই এনে ভাইৰাছবোৰেও আন  মহামাৰীৰ সৃষ্টি কৰিব  পাৰে। এই ধৰণৰ ভাইৰাছ প্ৰতিৰোধ কিদৰে কৰিব পাৰি সেয়াও  এতিয়াও বিজ্ঞানীসকলৰ বাবে অজ্ঞাত। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক