--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  প্ৰতিদিনে পৃথিৱীৰ ক’ৰৱাত নহয় ক’ৰৱাত ভূমিকম্প হৈয়েই আছে। ইয়াৰে কোনোটো সৰু আৰু কোনোটো ডাঙৰ ভূমিকম্প। শেহতীয়াকৈ ইণ্ডেনেছিয়াত হোৱা ভূমিক্মপত বহু লোকৰ প্ৰাণহানি ঘটিছে। ভূমিকম্পৰ পিছত ঘৰ-দুৱাৰ ভাঙি বহু লোক  ধ্বংসস্তূপৰ মাজত আবদ্ধ হৈ পৰে।  ধ্বংসস্তূপৰ মাজৰ পৰা তেনে বহু লোকক উদ্ধাৰ কৰাটো কেতিয়াবা কঠিন হৈ পৰে। আনকি কেতিয়াবা  ধ্বংসস্তূপৰ মাজত যে কোনো লোক আবদ্ধ হৈ আছে সেয়া জনাও টান হৈ পৰে। 

এনে সমস্যাৰ সমাধানৰ বাবে এতিয়া ভূমিকম্পৰ পিছত উদ্ধাৰ অভিযানত নিগনি ব্যৱহাৰৰ কথা চিন্তা কৰিছে একাংশ বিজ্ঞানীয়ে। ভূমিকম্পৰ পিছত ধ্বংসস্তূপৰ তলৰ পৰা আবদ্ধ লোকসকলক কেনেকৈ সোনকালে উদ্ধাৰ কৰিব পাৰি তাৰ  সমাধান নিগনিয়ে দিব পাৰিব বুলি আশা কৰা হৈছে। উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰনিগনিৰ পিঠিত   থাকিব বিশেষ প্ৰযুক্তিৰে নিৰ্মিত একোখন বেগ।বেগটো নিওপ্ৰেইন নামৰ পদৰ্থৰ সহায়ত  নিগনিটোৰ দেহৰ  ওপৰত লগোৱা হ'ব।ভূমিকম্পৰ পিছত, দ্ৰুতগতিত উদ্ধাৰ অভিযান চলোৱাটো কঠিন হৈ পৰে। 

যেতিয়া এটা বহুমহলীয়া খহি পৰে, বহুলোক ইয়াৰ ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে। যদি তেওঁলোকক সঠিক সময়ত উদ্ধাৰ কৰা নহয়, বহুলোকে প্ৰাণ হেৰুৱাওৱাৰ আশংকা থাকে।  এই সমস্যাটোৰ সমাধান নিগনিয়ে দিব পাৰিব বুলি ভবা হৈছে। 

বেলজিয়ামৰ এটা কোম্পানী আপোপো । কোম্পানীটোৰ বিশেষজ্ঞসকলে ধ্বংসস্তূপৰ মাজৰ  পৰা আবদ্ধ লোকসকলক সোনকালে উদ্ধাৰ কৰিবলৈ নিগনিৰ সহায় ল’ব বিচাৰিছে।  বিশেষজ্ঞসকলে ভূমিকম্পৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতিৰ কৃত্ৰিম পৰিৱেশ সৃষ্টি কৰি নিগনিবোৰক প্ৰশিক্ষণ দি আছে। প্ৰযুক্তিৰ সমাহাৰ ঘটাই এই কাম কৰা হৈছে।  আইন্দহোভেন প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ এগৰাকী অভিযন্তাই নিগনিৰ বাবে এটা বিশেষ  বেগ তৈয়াৰ কৰি উলিয়াইছে। বেগটোত এটা ভিডিঅ' কেমেৰা, মাইক্ৰ'ফোন আৰু অৱস্থাননিৰ্ণয় কৰিবলৈ  ট্ৰেন্সমিটাৰ থাকিব। 

 এই বেগটোৰ নাম 'ৰেট পেক' ৰখা হৈছে। অভিযন্তাজনে কয়  যে এই বেগৰ পৰীক্ষণ ইতিমধ্যে  কৰা হৈছে। এই ক্ষেত্ৰত  সফল হোৱা বুলিও তেওঁ দাবী কৰে। যদি কোনো লোক ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ থাকে তেন্তে   কেমেৰা আৰু মাইক্ৰ'ফোনৰ জৰিয়তে লোক জনক পোনপটীয়াকৈ দেখা যাব। য'ত ব্যক্তিজন আবদ্ধ হৈ আছে, তেওঁৰ সঠিক স্থানো ধৰা পৰিব।

যদিও আৰম্ভণিতে এই প্ৰয়াস  সফল হৈছে, তথাপিও বহু কাম কৰিবলগীয়া আছে বুলি  গৱেষকসকলে কয়। তেওঁলোকে ভাবে যে এই বেগৰ   আকাৰ আৰু ওজন আৰু হ্ৰাস কৰিব লাগিব। বেগটো যিমানে পাতল হ’ব, নিগনিটোৱে সেই বেগ  পিছফালে সহজে লৈ চলাচল কৰিব পাৰিব।  ।বিশেষজ্ঞসকলৰ মতে  নিগনিয়ে সকলো ধৰণৰ পৰিৱেশৰ সৈতে খাপ খাব পাৰে। সিঁহত প্ৰকৃতিৰ কৌতূহলী প্ৰাণী। ভূমিকম্পৰ পিছত সিঁহতে  ধ্বংসাৱশেষত প্ৰৱেশ কৰিবলৈ সক্ষম হ’ব। সেয়েহে নিগনি উদ্ধাৰ কাৰ্যৰ  বাবে উপযুক্ত।
নিগনিবোৰক সপ্তাহত পাঁচদিন ১৫ মিনিটৰ বাবে প্ৰশিক্ষণ দিয়া হৈছে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু