--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  প্ৰতিদিনে পৃথিৱীৰ ক’ৰৱাত নহয় ক’ৰৱাত ভূমিকম্প হৈয়েই আছে। ইয়াৰে কোনোটো সৰু আৰু কোনোটো ডাঙৰ ভূমিকম্প। শেহতীয়াকৈ ইণ্ডেনেছিয়াত হোৱা ভূমিক্মপত বহু লোকৰ প্ৰাণহানি ঘটিছে। ভূমিকম্পৰ পিছত ঘৰ-দুৱাৰ ভাঙি বহু লোক  ধ্বংসস্তূপৰ মাজত আবদ্ধ হৈ পৰে।  ধ্বংসস্তূপৰ মাজৰ পৰা তেনে বহু লোকক উদ্ধাৰ কৰাটো কেতিয়াবা কঠিন হৈ পৰে। আনকি কেতিয়াবা  ধ্বংসস্তূপৰ মাজত যে কোনো লোক আবদ্ধ হৈ আছে সেয়া জনাও টান হৈ পৰে। 

এনে সমস্যাৰ সমাধানৰ বাবে এতিয়া ভূমিকম্পৰ পিছত উদ্ধাৰ অভিযানত নিগনি ব্যৱহাৰৰ কথা চিন্তা কৰিছে একাংশ বিজ্ঞানীয়ে। ভূমিকম্পৰ পিছত ধ্বংসস্তূপৰ তলৰ পৰা আবদ্ধ লোকসকলক কেনেকৈ সোনকালে উদ্ধাৰ কৰিব পাৰি তাৰ  সমাধান নিগনিয়ে দিব পাৰিব বুলি আশা কৰা হৈছে। উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰনিগনিৰ পিঠিত   থাকিব বিশেষ প্ৰযুক্তিৰে নিৰ্মিত একোখন বেগ।বেগটো নিওপ্ৰেইন নামৰ পদৰ্থৰ সহায়ত  নিগনিটোৰ দেহৰ  ওপৰত লগোৱা হ'ব।ভূমিকম্পৰ পিছত, দ্ৰুতগতিত উদ্ধাৰ অভিযান চলোৱাটো কঠিন হৈ পৰে। 

যেতিয়া এটা বহুমহলীয়া খহি পৰে, বহুলোক ইয়াৰ ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে। যদি তেওঁলোকক সঠিক সময়ত উদ্ধাৰ কৰা নহয়, বহুলোকে প্ৰাণ হেৰুৱাওৱাৰ আশংকা থাকে।  এই সমস্যাটোৰ সমাধান নিগনিয়ে দিব পাৰিব বুলি ভবা হৈছে। 

বেলজিয়ামৰ এটা কোম্পানী আপোপো । কোম্পানীটোৰ বিশেষজ্ঞসকলে ধ্বংসস্তূপৰ মাজৰ  পৰা আবদ্ধ লোকসকলক সোনকালে উদ্ধাৰ কৰিবলৈ নিগনিৰ সহায় ল’ব বিচাৰিছে।  বিশেষজ্ঞসকলে ভূমিকম্পৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতিৰ কৃত্ৰিম পৰিৱেশ সৃষ্টি কৰি নিগনিবোৰক প্ৰশিক্ষণ দি আছে। প্ৰযুক্তিৰ সমাহাৰ ঘটাই এই কাম কৰা হৈছে।  আইন্দহোভেন প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ এগৰাকী অভিযন্তাই নিগনিৰ বাবে এটা বিশেষ  বেগ তৈয়াৰ কৰি উলিয়াইছে। বেগটোত এটা ভিডিঅ' কেমেৰা, মাইক্ৰ'ফোন আৰু অৱস্থাননিৰ্ণয় কৰিবলৈ  ট্ৰেন্সমিটাৰ থাকিব। 

 এই বেগটোৰ নাম 'ৰেট পেক' ৰখা হৈছে। অভিযন্তাজনে কয়  যে এই বেগৰ পৰীক্ষণ ইতিমধ্যে  কৰা হৈছে। এই ক্ষেত্ৰত  সফল হোৱা বুলিও তেওঁ দাবী কৰে। যদি কোনো লোক ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ থাকে তেন্তে   কেমেৰা আৰু মাইক্ৰ'ফোনৰ জৰিয়তে লোক জনক পোনপটীয়াকৈ দেখা যাব। য'ত ব্যক্তিজন আবদ্ধ হৈ আছে, তেওঁৰ সঠিক স্থানো ধৰা পৰিব।

যদিও আৰম্ভণিতে এই প্ৰয়াস  সফল হৈছে, তথাপিও বহু কাম কৰিবলগীয়া আছে বুলি  গৱেষকসকলে কয়। তেওঁলোকে ভাবে যে এই বেগৰ   আকাৰ আৰু ওজন আৰু হ্ৰাস কৰিব লাগিব। বেগটো যিমানে পাতল হ’ব, নিগনিটোৱে সেই বেগ  পিছফালে সহজে লৈ চলাচল কৰিব পাৰিব।  ।বিশেষজ্ঞসকলৰ মতে  নিগনিয়ে সকলো ধৰণৰ পৰিৱেশৰ সৈতে খাপ খাব পাৰে। সিঁহত প্ৰকৃতিৰ কৌতূহলী প্ৰাণী। ভূমিকম্পৰ পিছত সিঁহতে  ধ্বংসাৱশেষত প্ৰৱেশ কৰিবলৈ সক্ষম হ’ব। সেয়েহে নিগনি উদ্ধাৰ কাৰ্যৰ  বাবে উপযুক্ত।
নিগনিবোৰক সপ্তাহত পাঁচদিন ১৫ মিনিটৰ বাবে প্ৰশিক্ষণ দিয়া হৈছে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক