--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত এনেকুৱা কিছুমান মন্দিৰ আছে যিবোৰ অলৌকিকতাৰ বাবে বিখ্যাত। মথুৰাত এটা মন্দিৰ আছে। সেই মন্দিৰৰ চৌকা ৪৮০ বছৰ ধৰি অবিৰতভাৱে জ্বলি আছে। এই চৌকাতে প্ৰস্তুত কৰা হয় মন্দিৰৰ ভোগ। এই অনন্য মন্দিৰটোৰ নাম ৰাধাৰমণ লাল জু মন্দিৰ। মথুৰাৰ এই মন্দিৰটোক বৃন্দাবন ধামৰ সপ্তদেৱালয়ত অন্তৰ্ভুক্ত কৰা হৈছে, য’ত পাঁচ শতিকা ধৰি জ্বলি আছে মন্দিৰৰ চৌকাৰ জুই। এয়া ঈশ্বৰৰ লীলা বুলি বিশ্বাস কৰে ভক্তগণে। 

এই মন্দিৰৰ সেৱক শ্ৰীবাৎস গোস্বামীৰ মতে এই মন্দিৰ চৌহদত থকা প্ৰাচীন চৌকাটো দিনটো জ্বলি থাকে।  যোৱা ৪৮০ বছৰ ধৰি ই অখণ্ড শিখাৰ ৰূপত অবিৰতভাৱে জ্বলি আছে। ঈশ্বৰ সেৱাৰ সকলো কাম সমাপ্ত হোৱাৰ পাছত ৰাতি চৌকাটোত কিছু কাঠ ভৰাই ওপৰৰ পৰা ছাই উৰুৱাই দিয়া হয় যাতে জুই নুমাই নাযায়। পিছদিনা পুৱাৰ ভাগতো এগৰুৰ গোবৰ আৰু অন্যান্য খৰি দি জুইকুৰা জ্বলাই ৰখা হয়। এই জুই জ্বলোৱা প্ৰথা এই চৌকাটোৰ সমানেই পুৰণি। 

এই পবিত্ৰ অখণ্ড জুইৰ পৰা চাকি জ্বলোৱাৰ লগতে ঈশ্বৰৰ আৰতিতো ব্যৱহাৰ কৰা হয় আৰু ভোগ ৰন্ধা হয়। এই পাকঘৰত বাহিৰৰ লোকৰ প্ৰৱেশ কঠোৰভাৱে নিষিদ্ধ। এই মন্দিৰৰ পাকঘৰত কেৱল ধূতি পিন্ধিহে প্ৰৱেশ কৰে সেৱকগৰাকীয়ে। পাকঘৰলৈ যোৱাৰ পিছত সম্পূৰ্ণ প্ৰসাদ বনাইহে সেৱা কৰি তেওঁ ওলাই আহে। বাহিৰলৈ ওলাই যাব লগা হ’লেও তাৰপাছত আকৌ গা ধোৱাৰ পাছতহে মন্দিৰৰ পবিত্ৰ পাকঘৰত প্ৰৱেশ কৰে। কোৱা হয় যে ইয়াত অগ্নি অৰণ্য মন্থন কৰি প্ৰজ্বলিত কৰা হয়, তেতিয়াৰ পৰাই ইয়াৰ অখণ্ড পোহৰৰ ৰূপটো অক্ষত অৱস্থাত আছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক