--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত এনেকুৱা কিছুমান মন্দিৰ আছে যিবোৰ অলৌকিকতাৰ বাবে বিখ্যাত। মথুৰাত এটা মন্দিৰ আছে। সেই মন্দিৰৰ চৌকা ৪৮০ বছৰ ধৰি অবিৰতভাৱে জ্বলি আছে। এই চৌকাতে প্ৰস্তুত কৰা হয় মন্দিৰৰ ভোগ। এই অনন্য মন্দিৰটোৰ নাম ৰাধাৰমণ লাল জু মন্দিৰ। মথুৰাৰ এই মন্দিৰটোক বৃন্দাবন ধামৰ সপ্তদেৱালয়ত অন্তৰ্ভুক্ত কৰা হৈছে, য’ত পাঁচ শতিকা ধৰি জ্বলি আছে মন্দিৰৰ চৌকাৰ জুই। এয়া ঈশ্বৰৰ লীলা বুলি বিশ্বাস কৰে ভক্তগণে। 

এই মন্দিৰৰ সেৱক শ্ৰীবাৎস গোস্বামীৰ মতে এই মন্দিৰ চৌহদত থকা প্ৰাচীন চৌকাটো দিনটো জ্বলি থাকে।  যোৱা ৪৮০ বছৰ ধৰি ই অখণ্ড শিখাৰ ৰূপত অবিৰতভাৱে জ্বলি আছে। ঈশ্বৰ সেৱাৰ সকলো কাম সমাপ্ত হোৱাৰ পাছত ৰাতি চৌকাটোত কিছু কাঠ ভৰাই ওপৰৰ পৰা ছাই উৰুৱাই দিয়া হয় যাতে জুই নুমাই নাযায়। পিছদিনা পুৱাৰ ভাগতো এগৰুৰ গোবৰ আৰু অন্যান্য খৰি দি জুইকুৰা জ্বলাই ৰখা হয়। এই জুই জ্বলোৱা প্ৰথা এই চৌকাটোৰ সমানেই পুৰণি। 

এই পবিত্ৰ অখণ্ড জুইৰ পৰা চাকি জ্বলোৱাৰ লগতে ঈশ্বৰৰ আৰতিতো ব্যৱহাৰ কৰা হয় আৰু ভোগ ৰন্ধা হয়। এই পাকঘৰত বাহিৰৰ লোকৰ প্ৰৱেশ কঠোৰভাৱে নিষিদ্ধ। এই মন্দিৰৰ পাকঘৰত কেৱল ধূতি পিন্ধিহে প্ৰৱেশ কৰে সেৱকগৰাকীয়ে। পাকঘৰলৈ যোৱাৰ পিছত সম্পূৰ্ণ প্ৰসাদ বনাইহে সেৱা কৰি তেওঁ ওলাই আহে। বাহিৰলৈ ওলাই যাব লগা হ’লেও তাৰপাছত আকৌ গা ধোৱাৰ পাছতহে মন্দিৰৰ পবিত্ৰ পাকঘৰত প্ৰৱেশ কৰে। কোৱা হয় যে ইয়াত অগ্নি অৰণ্য মন্থন কৰি প্ৰজ্বলিত কৰা হয়, তেতিয়াৰ পৰাই ইয়াৰ অখণ্ড পোহৰৰ ৰূপটো অক্ষত অৱস্থাত আছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু