--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এতিয়া মুঠেও সুৰক্ষিত নহয় নাৰী। নাৰীৰ বিৰুদ্ধে অপৰাধ আৰু ধৰ্ষণৰ দৰে ঘটনাসমূহে এতিয়া দেশৰ পৰিবেশ অধিক ভয়াৱহ কৰি তুলিছে। এনেসময়তে  মধ্যপ্ৰদেশৰ পৰ্যটন আৰু সংস্কৃতি দপ্তৰৰ  মন্ত্ৰী ঊষা ঠাকুৰে বৃহস্পতিবাৰে ধৰ্ষণকাৰীসকলক ৰাজহুৱাভাৱে ফাঁচী দিয়াৰ দাবী জনায় যাতে এনে ধৰণৰ শাস্তিয়ে অপৰাধীসকলৰ প্ৰতি এক বাৰ্তা কঢ়িয়াই লৈ যাব পাৰে।  তেওঁ কয় যে ধৰ্ষণকাৰীসকলক ৰাজহুৱাভাৱে ফাঁচী দিয়াৰ ব্যৱস্থা কৰিলে কোনেও পিছলৈ এনে অপৰাধত লিপ্ত হ'বলৈ সাহস নকৰে।

এই সপ্তাহৰ আৰম্ভণিতে ৰাজ্যখনৰ খাণ্ডৱা জিলাত এগৰাকী চাৰি বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগৰ পিছতে মন্ত্ৰীগৰাকীয়ে এনেদৰে মন্তব্য কৰে।

তেওঁ কয় "মধ্য প্ৰদেশৰ চৰকাৰে এনে বৰ্বৰ শক্তিবোৰক কঠোৰভাৱে আৰু সতৰ্কতাৰে মোকাবিলা কৰি আহিছে। এইখনেই দেশৰ প্ৰথম খন ৰাজ্য যিয়ে ধৰ্ষণকাৰীসকলক মৃত্যুদণ্ডৰ ব্যৱস্থা কৰিছে। এতিয়ালৈকে এনে ৭২ জন অপৰাধীক মৃত্যুদণ্ড প্ৰদান কৰা হৈছে,"।কিন্তু তাৰ পাছতো এনে ধৰণৰ বাৰে বাৰে অপৰাধ সংঘটিত হৈ আহিছে বুলি তেওঁ আক্ষেপ কৰে। তেওঁ কয় যে  সমাজৰ বাবে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ  সংবাদ মাধ্যমৰ বাবে আৰু আমাৰ সকলোৰে বাবে এয়া চিন্তাৰ বিষয়।

"আমি বিভিন্ন উপায়েৰে সমাজক আলোকিত কৰিব লাগিব। কোনোবাই কেনেকৈ এনে বৰ্বৰ কাৰ্য্যত লিপ্ত হ'ব পাৰে? মই মুখ্যমন্ত্ৰীক (শিৱৰাজ সিং চৌহান) অনুৰোধ কৰিম যে এনে অপৰাধীসকলক ৰাজহুৱা চৌহদত শাস্তি দিয়া উচিত।"— তেওঁ কয়।

"এজন অভিযুক্তক কাৰাগাৰত মৃত্যুদণ্ড দিয়া হয়, কিন্তু ক'ত সেয়া ঘটিছে সেয়া কোনেও নাজানে। যদি  শেহতীয়াকৈ সংঘটিত ধৰ্ষণৰ ঘটনাৰ সন্দৰ্ভত ধৰা পৰা অপৰাধী দুজনক খাণ্ডৱা চহৰৰ এটা স্কোৱেৰত ৰাজহুৱাভাৱে ফাঁচী দিয়া হয়, তেন্তে সকলো অপৰাধীয়ে   যিকোনো নাৰীক স্পৰ্শ কৰাৰ আগতে হাজাৰ বাৰ ভাবিব," ঠাকুৰে কয়।
শেহতীয়া ঘটনাটোত, খাণ্ডৱাৰ কুঁহিয়াৰ পথাৰত এখনত চাৰি বছৰীয়া ছোৱালীজনীক যৌন নিৰ্যাতন কৰা হৈছিল।

সোমবাৰে জোপোহাৰ মাজত অচেতন অৱস্থাত উদ্ধাৰ হোৱা শিশুটো ইন্দোৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। 
সেই গোচৰটোৰ সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু