--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এতিয়া মুঠেও সুৰক্ষিত নহয় নাৰী। নাৰীৰ বিৰুদ্ধে অপৰাধ আৰু ধৰ্ষণৰ দৰে ঘটনাসমূহে এতিয়া দেশৰ পৰিবেশ অধিক ভয়াৱহ কৰি তুলিছে। এনেসময়তে  মধ্যপ্ৰদেশৰ পৰ্যটন আৰু সংস্কৃতি দপ্তৰৰ  মন্ত্ৰী ঊষা ঠাকুৰে বৃহস্পতিবাৰে ধৰ্ষণকাৰীসকলক ৰাজহুৱাভাৱে ফাঁচী দিয়াৰ দাবী জনায় যাতে এনে ধৰণৰ শাস্তিয়ে অপৰাধীসকলৰ প্ৰতি এক বাৰ্তা কঢ়িয়াই লৈ যাব পাৰে।  তেওঁ কয় যে ধৰ্ষণকাৰীসকলক ৰাজহুৱাভাৱে ফাঁচী দিয়াৰ ব্যৱস্থা কৰিলে কোনেও পিছলৈ এনে অপৰাধত লিপ্ত হ'বলৈ সাহস নকৰে।

এই সপ্তাহৰ আৰম্ভণিতে ৰাজ্যখনৰ খাণ্ডৱা জিলাত এগৰাকী চাৰি বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগৰ পিছতে মন্ত্ৰীগৰাকীয়ে এনেদৰে মন্তব্য কৰে।

তেওঁ কয় "মধ্য প্ৰদেশৰ চৰকাৰে এনে বৰ্বৰ শক্তিবোৰক কঠোৰভাৱে আৰু সতৰ্কতাৰে মোকাবিলা কৰি আহিছে। এইখনেই দেশৰ প্ৰথম খন ৰাজ্য যিয়ে ধৰ্ষণকাৰীসকলক মৃত্যুদণ্ডৰ ব্যৱস্থা কৰিছে। এতিয়ালৈকে এনে ৭২ জন অপৰাধীক মৃত্যুদণ্ড প্ৰদান কৰা হৈছে,"।কিন্তু তাৰ পাছতো এনে ধৰণৰ বাৰে বাৰে অপৰাধ সংঘটিত হৈ আহিছে বুলি তেওঁ আক্ষেপ কৰে। তেওঁ কয় যে  সমাজৰ বাবে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ  সংবাদ মাধ্যমৰ বাবে আৰু আমাৰ সকলোৰে বাবে এয়া চিন্তাৰ বিষয়।

"আমি বিভিন্ন উপায়েৰে সমাজক আলোকিত কৰিব লাগিব। কোনোবাই কেনেকৈ এনে বৰ্বৰ কাৰ্য্যত লিপ্ত হ'ব পাৰে? মই মুখ্যমন্ত্ৰীক (শিৱৰাজ সিং চৌহান) অনুৰোধ কৰিম যে এনে অপৰাধীসকলক ৰাজহুৱা চৌহদত শাস্তি দিয়া উচিত।"— তেওঁ কয়।

"এজন অভিযুক্তক কাৰাগাৰত মৃত্যুদণ্ড দিয়া হয়, কিন্তু ক'ত সেয়া ঘটিছে সেয়া কোনেও নাজানে। যদি  শেহতীয়াকৈ সংঘটিত ধৰ্ষণৰ ঘটনাৰ সন্দৰ্ভত ধৰা পৰা অপৰাধী দুজনক খাণ্ডৱা চহৰৰ এটা স্কোৱেৰত ৰাজহুৱাভাৱে ফাঁচী দিয়া হয়, তেন্তে সকলো অপৰাধীয়ে   যিকোনো নাৰীক স্পৰ্শ কৰাৰ আগতে হাজাৰ বাৰ ভাবিব," ঠাকুৰে কয়।
শেহতীয়া ঘটনাটোত, খাণ্ডৱাৰ কুঁহিয়াৰ পথাৰত এখনত চাৰি বছৰীয়া ছোৱালীজনীক যৌন নিৰ্যাতন কৰা হৈছিল।

সোমবাৰে জোপোহাৰ মাজত অচেতন অৱস্থাত উদ্ধাৰ হোৱা শিশুটো ইন্দোৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। 
সেই গোচৰটোৰ সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক